< ১ বংশাবলি 27 >

1 সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Et, pendant le cours de l'année, de mois en mois, une division de vingt- quatre mille hommes, prise parmi tous les fils d'Israël, chefs de familles, commandants de mille hommes, centeniers, scribes et serviteurs, était employée à exécuter les ordres du roi; chaque division était relevée à son tour.
2 বিভাগৰ দ্বয়ীত্বত প্ৰথম মাহৰ বাবে জব্দীয়েলৰ পুত্ৰ যাচবিয়াম আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
A la tête de la première division employée le premier mois était Isboaz, fils de Zabdiel; il commandait vingt-quatre mille hommes.
3 তেওঁ পেৰচৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দ্বয়ীত্বত আছিল।
Il était issu de Pharès, et comme chef de tous les chefs de l'armée, il commandait pendant le premier mois.
4 দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
A la tête de la division du second mois était Dodia, fils d'Eccoc, et il y avait encore pour chef de cette division Maceloth; ils étaient chefs de vingt- quatre mille hommes.
5 যিহোয়াদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Banaïas, fils de Joad le prêtre, était le troisième chef, il commandait la division du troisième mois, pareillement vingt-quatre mille hommes.
6 এই জনেই সেই বনায়া যি জন ত্ৰিশ জনৰ আৰু ত্রিশ জনৰ ওপৰত নেতা আছিল। তেওঁৰ পুত্র অম্মিযাবদ তেওঁৰ বিভাগত আছিল।
Ce Banaïas était le plus vaillant des trente; il était à leur tête, et son fils Zabad commandait avec lui sa division.
7 যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le quatrième, celui du quatrième mois, était Asaël, frère de Joab, et son fils Zabadie; ses fils et ses frères partageaient son commandement sur vingt- quatre mille hommes.
8 যিজ্ৰাহীয়াৰ বংশধৰৰ চমহুৎ পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le cinquième chef, celui du cinquième mois, était Samaoth le Jezraïte; il commandait vingt-quatre mille hommes.
9 তকোৱায়ীয়া পৰা হোৱা ইক্কেচৰ পুত্ৰ ঈৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le sixième, celui du sixième mois, était Oduïas, fils d'Eccès de Thécoé; il commandait vingt-quatre mille hommes.
10 ১০ ইফ্ৰয়িমৰ লোকসকলৰ পৰা পলোনীয়া হেলচ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le septième, celui du septième mois, était Relies de Phallus, des fils d'Ephrahn; sa division comptait vingt-quatre mille hommes.
11 ১১ জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হূচাতীয়া চিব্বকয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le huitième, celui du huitième mois, était Sohochaï de Husathi, issu de Zara; il commandait vingt-quatre mille hommes.
12 ১২ বিন্যামীনৰ জাতিৰ পৰা অনাথোতীয়া অবীয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le neuvième, celui du neuvième mois, était Abiézer d'Anathoth, de la terre de Benjamin; il commandait vingt-quatre mille hommes.
13 ১৩ জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le dixième, celui du dixième mois, était Méhéra de Netophathi, issu de Zara; il commandait vingt-quatre mille hommes.
14 ১৪ ইফ্ৰয়িমৰ জাতিৰ পৰা পিৰাথোনীয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le onzième, celui du onzième mois, était Baillas de Pharathon, des fils d'Ephraïm; il commandait vingt-quatre mille hommes.
15 ১৫ অৎনীয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নটোফাতীয়া নগৰৰ হিলদয় দ্বাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
Le douzième, celui du douzième mois, était Holdia de Netophathi, issu d'Othoniel; il commandait vingt-quatre mille hommes.
16 ১৬ এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
Et il y avait des chefs à la tête de claque tribu; celui de Ruben était Eliézer, fils de Zéchri; celui de Siméon, Saphatias, fils de Maacha.
17 ১৭ লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ব দিছিল।
Celui de Lévi, Asabias, fils de Camuel; Sadoc était chef de la famille d'Aaron.
18 ১৮ যিহূদা জাতিৰ বাবে ইলীহূ নেতা আছিল। তেওঁ দায়ূদৰ ভায়েকসকলৰ মাজৰ এজন।
Le chef de Juda était Eliab, l'un des frères de David; celui d'Issachar Ambri, fils de Michel.
19 ১৯ জবূলূন জাতিৰ বাবে ওবদিয়াৰ পুত্ৰ যিচময়া নেতা আছিল। নপ্তালীৰ বাবে অজ্ৰীয়েলৰ পুত্ৰ যিৰীমোৎ নেতা আছিল।
Celui de Zabulon, Samain, fils d'Abdiu; celui de Nephthali: Jerimoth, fils d'Oziel.
20 ২০ ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।
Celui d'Ephraïm, Osé, fils d'Oziu; celui de la demi-tribu de Manassé: Johel, fils de Phadaïa.
21 ২১ গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।
Celui de l'autre demi-tribu de Manassé, en Galaad, Jadaï, fils de Zadaïu; celui de Benjamin, Jasiel, fils d'Abner.
22 ২২ দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।
Celui de Dan: Azariel, fils de Iroab; tels étaient les chefs de familles des tribus d'Israël.
23 ২৩ দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।
Et David ne fit point le dénombrement de ceux de vingt ans et au-dessous, car le Seigneur lui avait dit qu'il multiplierait Israël comme les étoiles du ciel.
24 ২৪ চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।
Et Joab, fils de Sarvia, avait commencé le dénombrement du peuple, mais il ne l'acheva point; et ce dénombrement causa la colère qui éclata contre Israël, et le nombre que l'on avait trouvé fut supprimé du livre des faits et gestes du roi David.
25 ২৫ অদীয়েলৰ পুত্ৰ অজমাবৎ ৰজাৰ মূল্যৱান সম্পদৰ দ্বয়ীত্বত আছিল। উজ্জিয়াৰ পুত্ৰ যোনাথন খেতি-পথাৰত, নগৰবোৰত, গাওঁসমূহত, আৰু দুৰ্গবোৰত থকা গুদামৰ দ্বয়ীত্বত আছিল।
Asmoth, fils d'Adaël, fut trésorier du roi, et Jonathas, fils d'Ozia, trésorier de la contrée, des villes, des villages et des tours.
26 ২৬ কলূবৰ পুত্ৰ ইজ্ৰী মাটি চহোৱা খেতিয়ক সকলৰ ওপৰত আছিল।
Esdri, fils d'Hélab, avait l'intendance des laboureurs et ouvriers travaillant à la terre.
27 ২৭ ৰামাথীয়া চিমিয়ী দ্ৰাক্ষাবাৰীবোৰৰ দ্বয়ীত্বত আছিল। চিফমীয়াৰ পৰা অহা জব্দী আঙুৰৰ আৰু দ্ৰাক্ষাৰস বিক্রী কৰোঁতা সকলৰ ওপৰত দ্বয়ীত্বত আছিল।
Semei de Rahel, celle des champs; Zabni, fils de Jephni, celle des vignes.
28 ২৮ নিম্ন-ভূমিত থকা জিত গছ আৰু ডিমৰু গছবোৰ, গদেৰীয়াৰ পৰা অহা বাল-হাননৰ দ্বয়ীত্বত আছিল আৰু তেলৰ গুদামৰ দ্বয়ীত্বত যোৱাচ আছিল।
Balanan le Gedorite, celle des oliviers et des figuiers des champs; Joas, celle de l'huile.
29 ২৯ চাগোণৰ পৰা অহা চিত্রয় চাৰোণত চৰা জন্তুৰ জাকবোৰৰ দায়িত্বত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰৰ দ্বয়ীত্বত অদলয়ৰ পুত্ৰ চাফট আছিল।
Satrai le Saronite, celle des bœufs qui paissaient en Saron; et Sophat, fils d'Abdi, celle des bœufs à l'étable.
30 ৩০ উটবোৰৰ দ্বয়ীত্বত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্বায়ীত্বত মেৰোনোথীয়া যেহদিয়া আছিল।
Abias, l'Ismaélite, celle des chameaux; Jadias de Merathon, celle des ânes.
31 ৩১ এওঁলোক দায়ুদ ৰজাৰ সম্পতিৰ দ্বয়ীত্বত আছিল।
Jaziz l'Agarite, celle des brebis. Tels étaient tous les intendants des domaines du roi David.
32 ৩২ দায়ূদৰ দদায়েক যোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল, যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমোনীৰ পুত্ৰ যিহীয়েল ৰজাৰ পুত্রসকলৰ তত্বৱধানৰ দ্বায়ীত্বত আছিল।
Jonathas, oncle paternel de David, était conseiller, homme intelligent; et Jehel, fils d'Achami, était avec les fils du roi.
33 ৩৩ অহীথোফল ৰজাৰ পৰামৰ্শদাতা আছিল, অৰ্কীয়া লোকসকলৰ মাজৰ হূচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল।
Achitophel était conseiller du roi, et Chusi son principal favori.
34 ৩৪ অহীথোফলৰ পাছত বনায়াৰ পুত্ৰ যিহোয়াদা অবিয়াথৰ যোগেদি তেওঁৰ স্থান লয়। যোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।
Après lui venaient Achitophel, Joad, fils de Banaïas et Abiathar. Joab était le général en chef du roi.

< ১ বংশাবলি 27 >