< ১ বংশাবলি 23 >

1 যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
igitur David senex et plenus dierum regem constituit Salomonem filium suum super Israhel
2 তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।
et congregavit omnes principes Israhel et sacerdotes atque Levitas
3 লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।
numeratique sunt Levitae a triginta annis et supra et inventa sunt triginta octo milia virorum
4 তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।
ex his electi sunt et distributi in ministerium domus Domini viginti quattuor milia praepositorum autem et iudicum sex milia
5 চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।
porro quattuor milia ianitores et totidem psaltae canentes Domino in organis quae fecerat ad canendum
6 দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
et distribuit eos David per vices filiorum Levi Gersom videlicet et Caath et Merari
7 গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।
Gersom Leedan et Semei
8 তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।
filii Leedan princeps Ieihel et Zetham et Iohel tres
9 চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।
filii Semei Salomith et Ozihel et Aran tres isti principes familiarum Leedan
10 ১০ চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।
porro filii Semei Ieeth et Ziza et Iaus et Baria isti filii Semei quattuor
11 ১১ তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।
erat autem Ieeth prior Ziza secundus porro Iaus et Baria non habuerunt plurimos filios et idcirco in una familia unaque domo conputati sunt
12 ১২ কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
filii Caath Amram et Isaar Hebron et Ozihel quattuor
13 ১৩ অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
filii Amram Aaron et Moses separatusque est Aaron ut ministraret in sancto sanctorum ipse et filii eius in sempiternum et adoleret incensum Domino secundum ritum suum ac benediceret nomini eius in perpetuum
14 ১৪ কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।
Mosi quoque hominis Dei filii adnumerati sunt in tribu Levi
15 ১৫ মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।
filii Mosi Gersom et Eliezer
16 ১৬ গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।
filii Gersom Subuhel primus
17 ১৭ ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।
fuerunt autem filii Eliezer Roobia primus et non erant Eliezer filii alii porro filii Roobia multiplicati sunt nimis
18 ১৮ যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।
filii Isaar Salumith primus
19 ১৯ হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
filii Hebron Ieriau primus Amarias secundus Iazihel tertius Iecmaam quartus
20 ২০ উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।
filii Ozihel Micha primus Iesia secundus
21 ২১ মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।
filii Merari Mooli et Musi filii Mooli Eleazar et Cis
22 ২২ ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।
mortuus est autem Eleazar et non habuit filios sed filias acceperuntque eas filii Cis fratres earum
23 ২৩ মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।
filii Musi Mooli et Eder et Ierimuth tres
24 ২৪ এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।
hii filii Levi in cognationibus et familiis suis principes per vices et numerum capitum singulorum qui faciebant opera ministerii domus Domini a viginti annis et supra
25 ২৫ কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
dixit enim David requiem dedit Dominus Deus Israhel populo suo et habitationem Hierusalem usque in aeternum
26 ২৬ লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”
nec erit officii Levitarum ut ultra portent tabernaculum et omnia vasa eius ad ministrandum
27 ২৭ কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
iuxta praecepta quoque David novissima supputabitur numerus filiorum Levi a viginti annis et supra
28 ২৮ তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।
et erunt sub manu filiorum Aaron in cultum domus Domini in vestibulis et in exedris et in loco purificationis et in sanctuario et in universis operibus ministerii templi Domini
29 ২৯ তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।
sacerdotes autem super panes propositionis et ad similae sacrificium et ad lagana et azyma et sartaginem et ad ferventem similam et super omne pondus atque mensuram
30 ৩০ তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।
Levitae vero ut stent mane ad confitendum et canendum Domino similiterque ad vesperam
31 ৩১ আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।
tam in oblatione holocaustorum Domini quam in sabbatis et kalendis et sollemnitatibus reliquis iuxta numerum et caerimonias uniuscuiusque rei iugiter coram Domino
32 ৩২ তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
et custodiant observationes tabernaculi foederis et ritum sanctuarii et observationem filiorum Aaron fratrum suorum ut ministrent in domo Domini

< ১ বংশাবলি 23 >