< ১ বংশাবলি 19 >

1 অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
ויהי אחרי כן וימת נחש מלך בני עמון וימלך בנו תחתיו׃
2 দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
ויאמר דויד אעשה חסד עם חנון בן נחש כי עשה אביו עמי חסד וישלח דויד מלאכים לנחמו על אביו ויבאו עבדי דויד אל ארץ בני עמון אל חנון לנחמו׃
3 কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
ויאמרו שרי בני עמון לחנון המכבד דויד את אביך בעיניך כי שלח לך מנחמים הלא בעבור לחקר ולהפך ולרגל הארץ באו עבדיו אליך׃
4 সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
ויקח חנון את עבדי דויד ויגלחם ויכרת את מדויהם בחצי עד המפשעה וישלחם׃
5 যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
וילכו ויגידו לדויד על האנשים וישלח לקראתם כי היו האנשים נכלמים מאד ויאמר המלך שבו בירחו עד אשר יצמח זקנכם ושבתם׃
6 যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
ויראו בני עמון כי התבאשו עם דויד וישלח חנון ובני עמון אלף ככר כסף לשכר להם מן ארם נהרים ומן ארם מעכה ומצובה רכב ופרשים׃
7 তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
וישכרו להם שנים ושלשים אלף רכב ואת מלך מעכה ואת עמו ויבאו ויחנו לפני מידבא ובני עמון נאספו מעריהם ויבאו למלחמה׃
8 যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
וישמע דויד וישלח את יואב ואת כל צבא הגבורים׃
9 অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
ויצאו בני עמון ויערכו מלחמה פתח העיר והמלכים אשר באו לבדם בשדה׃
10 ১০ যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
וירא יואב כי היתה פני המלחמה אליו פנים ואחור ויבחר מכל בחור בישראל ויערך לקראת ארם׃
11 ১১ অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
ואת יתר העם נתן ביד אבשי אחיו ויערכו לקראת בני עמון׃
12 ১২ যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
ויאמר אם תחזק ממני ארם והיית לי לתשועה ואם בני עמון יחזקו ממך והושעתיך׃
13 ১৩ সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
חזק ונתחזקה בעד עמנו ובעד ערי אלהינו ויהוה הטוב בעיניו יעשה׃
14 ১৪ সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
ויגש יואב והעם אשר עמו לפני ארם למלחמה וינוסו מפניו׃
15 ১৫ যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
ובני עמון ראו כי נס ארם וינוסו גם הם מפני אבשי אחיו ויבאו העירה ויבא יואב ירושלם׃
16 ১৬ যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
וירא ארם כי נגפו לפני ישראל וישלחו מלאכים ויוציאו את ארם אשר מעבר הנהר ושופך שר צבא הדדעזר לפניהם׃
17 ১৭ যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
ויגד לדויד ויאסף את כל ישראל ויעבר הירדן ויבא אלהם ויערך אלהם ויערך דויד לקראת ארם מלחמה וילחמו עמו׃
18 ১৮ অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
וינס ארם מלפני ישראל ויהרג דויד מארם שבעת אלפים רכב וארבעים אלף איש רגלי ואת שופך שר הצבא המית׃
19 ১৯ যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।
ויראו עבדי הדדעזר כי נגפו לפני ישראל וישלימו עם דויד ויעבדהו ולא אבה ארם להושיע את בני עמון עוד׃

< ১ বংশাবলি 19 >