< ১ বংশাবলি 14 >

1 তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
Potom poslal Chíram král Tyrský posly k Davidovi, a dříví cedrového a zedníky i tesaře, aby stavěli jemu dům.
2 দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
I poznal David, že ho potvrdil Hospodin za krále nad Izraelem, a že zvýšil království jeho pro lid svůj Izraelský.
3 দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
Pojal pak David ještě ženy v Jeruzalémě, a zplodil David více synů a dcer.
4 যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
A tato jsou jména těch, kteříž se jemu zrodili v Jeruzalémě: Sammua, Sobab, Nátan a Šalomoun,
5 যিভৰ, ইলীচূৱা ইল্পেলট,
Též Ibchar, Elisua, Elfelet,
6 নোগহ, নেফগ, যাফীয়া,
Za tím Noga, Nefeg, Jafia,
7 ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
Elisama, Beeliada a Elifelet.
8 দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
V tom uslyšavše Filistinští, že by pomazán byl David za krále nade vším Izraelem, vytáhli všickni Filistinští hledati Davida. O čemž uslyšav David, vytáhl proti nim.
9 সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
Nebo když Filistinští přišli, a rozprostřeli se v údolí Refaim,
10 ১০ তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
Radil se David s Bohem, řka: Potáhnu-li proti Filistinským, a dáš-li je v ruku mou? Odpověděl jemu Hospodin: Táhni, a dám je v ruku tvou.
11 ১১ সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
Tedy vtrhli do Balperazim. I porazil je tam David a řekl: Protrhlť jest Bůh nepřátely mé rukou mou, jako vody protrhují břehy. A protož nazváno jméno místa toho Balperazim.
12 ১২ সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
Nebo nechali tam bohů svých. I přikázal David, aby je spálili.
13 ১৩ তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
Ale Filistinští sebravše se znovu, rozprostřeli se v tom údolí.
14 ১৪ সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
Pročež David radil se opět s Bohem. I řekl jemu Bůh: Nepřistupuj k nim po zadu; odvrať se od nich, abys na ně trefil naproti moruším.
15 ১৫ যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
A když uslyšíš, že šustí vrchové moruší, tedy vytáhneš k bitvě; nebo vyšel Bůh před tebou, aby porazil vojska Filistinská.
16 ১৬ সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
I učinil David tak, jakž mu byl přikázal Bůh, a porazili vojska Filistinská od Gabaon až do Gázera.
17 ১৭ এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।
A tak rozešla se pověst o Davidovi do všech zemí, a způsobil Hospodin to, že se ho báli všickni národové.

< ১ বংশাবলি 14 >