< ১ বংশাবলি 14 >

1 তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
Hiramu mfumu ya ku Turo inatumiza amithenga kwa Davide pamodzi ndi mitengo ya mkungudza ndiponso amisiri a miyala ndi amisiri a matabwa kuti adzamumangire nyumba yaufumu.
2 দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
Choncho Davide anazindikira kuti Yehova wamukhazikitsa kukhala mfumu ya Israeli ndipo wakuza kwambiri ufumu wake chifukwa cha anthu ake, Aisraeli.
3 দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
Davide anakwatira akazi ena ambiri ku Yerusalemu ndipo anabereka ana aamuna ndi aakazi ambiri.
4 যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
Mayina a ana amene anaberekera ku Yerusalemu anali awa: Samua, Sobabu, Natani, Solomoni,
5 যিভৰ, ইলীচূৱা ইল্পেলট,
Ibihari, Elisua, Elipeleti,
6 নোগহ, নেফগ, যাফীয়া,
Noga, Nefegi, Yafiya,
7 ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
Elisama, Beeliada ndi Elifeleti.
8 দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
Afilisti atamva kuti Davide wadzozedwa kukhala mfumu ya dziko lonse la Israeli, iwo anapita mwamphamvu kukamusakasaka. Koma Davide atamva zimenezi anapita kukakumana nawo.
9 সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
Ndipo Afilisti anabwera ndi kulanda zinthu mʼChigwa cha Refaimu.
10 ১০ তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
Davide anafunsa Mulungu kuti, “Kodi ndipite kukathira nkhondo Afilisti? Kodi mukawapereka mʼmanja mwanga?” Yehova anamuyankha kuti, “Pita, Ine ndidzawapereka mʼmanja mwako.”
11 ১১ সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
Choncho Davide ndi anthu ake anapita ku Baala-Perazimu ndi kugonjetsa Afilistiwo. Iye anati, “Monga amasefukira madzi, Mulungu waphwanya adani anga ine ndikuona.” Motero anawatcha malowa Baala Perazimu.
12 ১২ সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
Afilisti anasiya milungu yawo kumeneko ndipo Davide analamulira kuti itenthedwe ndi moto.
13 ১৩ তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
Nthawi inanso Afilisti anadzalanda katundu mu Chigwamo.
14 ১৪ সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
Choncho Davide anafunsa Mulungu ndipo Mulunguyo anayankha kuti, “Usapite molunjika, koma uzungulire kumbuyo kwawo. Ukawathire nkhondo patsogolo pa mitengo ya mkandankhuku.
15 ১৫ যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
Mukakangomva phokoso pa msonga za mitengo ya mkandankhuku, mukapite kukamenyana nawo, chifukwa izi zikasonyeza kuti Mulungu ali patsogolo panu kukantha ankhondo a Afilisti.”
16 ১৬ সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
Kotero Davide anachita zimene Mulungu anamulamulira ndipo anakantha ankhondo a Afilisti njira yonse kuchokera ku Gibiyoni mpaka ku Gezeri.
17 ১৭ এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।
Choncho mbiri ya Davide inafalikira dziko lonse, ndipo Yehova anachititsa kuti mayiko ena azimuopa.

< ১ বংশাবলি 14 >