< ১ বংশাবলি 11 >

1 তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
ויקבצו כל ישראל אל דויד חברונה לאמר הנה עצמך ובשרך אנחנו׃
2 আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’”
גם תמול גם שלשום גם בהיות שאול מלך אתה המוציא והמביא את ישראל ויאמר יהוה אלהיך לך אתה תרעה את עמי את ישראל ואתה תהיה נגיד על עמי ישראל׃
3 সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চমূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে।
ויבאו כל זקני ישראל אל המלך חברונה ויכרת להם דויד ברית בחברון לפני יהוה וימשחו את דויד למלך על ישראל כדבר יהוה ביד שמואל׃
4 দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল।
וילך דויד וכל ישראל ירושלם היא יבוס ושם היבוסי ישבי הארץ׃
5 তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।
ויאמרו ישבי יבוס לדויד לא תבוא הנה וילכד דויד את מצדת ציון היא עיר דויד׃
6 দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।
ויאמר דויד כל מכה יבוסי בראשונה יהיה לראש ולשר ויעל בראשונה יואב בן צרויה ויהי לראש׃
7 তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।
וישב דויד במצד על כן קראו לו עיר דויד׃
8 তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে।
ויבן העיר מסביב מן המלוא ועד הסביב ויואב יחיה את שאר העיר׃
9 দায়ুদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল।
וילך דויד הלוך וגדול ויהוה צבאות עמו׃
10 ১০ ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।
ואלה ראשי הגבורים אשר לדויד המתחזקים עמו במלכותו עם כל ישראל להמליכו כדבר יהוה על ישראל׃
11 ১১ এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে।
ואלה מספר הגברים אשר לדויד ישבעם בן חכמוני ראש השלושים הוא עורר את חניתו על שלש מאות חלל בפעם אחת׃
12 ১২ তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন।
ואחריו אלעזר בן דודו האחוחי הוא בשלושה הגברים׃
13 ১৩ তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে পলেষ্টীয়াসকলে গোট খালে; আৰু তাত পলেষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল।
הוא היה עם דויד בפס דמים והפלשתים נאספו שם למלחמה ותהי חלקת השדה מלאה שעורים והעם נסו מפני פלשתים׃
14 ১৪ তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে।
ויתיצבו בתוך החלקה ויצילוה ויכו את פלשתים ויושע יהוה תשועה גדולה׃
15 ১৫ ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল।
וירדו שלושה מן השלושים ראש על הצר אל דויד אל מערת עדלם ומחנה פלשתים חנה בעמק רפאים׃
16 ১৬ সেই সময়ত দায়ুদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহেমত পলেষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল।
ודויד אז במצודה ונציב פלשתים אז בבית לחם׃
17 ১৭ দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!”
ויתאו דויד ויאמר מי ישקני מים מבור בית לחם אשר בשער׃
18 ১৮ তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে।
ויבקעו השלשה במחנה פלשתים וישאבו מים מבור בית לחם אשר בשער וישאו ויבאו אל דויד ולא אבה דויד לשתותם וינסך אתם ליהוה׃
19 ১৯ তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল।
ויאמר חלילה לי מאלהי מעשות זאת הדם האנשים האלה אשתה בנפשותם כי בנפשותם הביאום ולא אבה לשתותם אלה עשו שלשת הגבורים׃
20 ২০ এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহঁতক বধ কৰিছিল, সেয়ে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে উল্লেখিত হৈছিল।
ואבשי אחי יואב הוא היה ראש השלושה והוא עורר את חניתו על שלש מאות חלל ולא שם בשלושה׃
21 ২১ সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল।
מן השלושה בשנים נכבד ויהי להם לשר ועד השלושה לא בא׃
22 ২২ যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল।
בניה בן יהוידע בן איש חיל רב פעלים מן קבצאל הוא הכה את שני אריאל מואב והוא ירד והכה את הארי בתוך הבור ביום השלג׃
23 ২৩ ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।
והוא הכה את האיש המצרי איש מדה חמש באמה וביד המצרי חנית כמנור ארגים וירד אליו בשבט ויגזל את החנית מיד המצרי ויהרגהו בחניתו׃
24 ২৪ যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল।
אלה עשה בניהו בן יהוידע ולו שם בשלושה הגברים׃
25 ২৫ তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল।
מן השלושים הנו נכבד הוא ואל השלושה לא בא וישימהו דויד על משמעתו׃
26 ২৬ পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বৈৎলেহেমৰ দোদৰ পুত্ৰ ইলহানন,
וגבורי החילים עשה אל אחי יואב אלחנן בן דודו מבית לחם׃
27 ২৭ হৰোৰীয়া চম্মোৎ, পলোনীয়া হেলচ,
שמות ההרורי חלץ הפלוני׃
28 ২৮ তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ,
עירא בן עקש התקועי אביעזר הענתותי׃
29 ২৯ হূচাতীয়া চিব্বকয়, অহোহীয়া ঈলয়,
סבכי החשתי עילי האחוחי׃
30 ৩০ নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ,
מהרי הנטפתי חלד בן בענה הנטופתי׃
31 ৩১ বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া,
איתי בן ריבי מגבעת בני בנימן בניה הפרעתני׃
32 ৩২ গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল,
חורי מנחלי געש אביאל הערבתי׃
33 ৩৩ বহৰূমীয়া অজমাবৎ, চালবোনীয়া ইলিয়হবা,
עזמות הבחרומי אליחבא השעלבני׃
34 ৩৪ গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন,
בני השם הגזוני יונתן בן שגה ההררי׃
35 ৩৫ হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল,
אחיאם בן שכר ההררי אליפל בן אור׃
36 ৩৬ মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া,
חפר המכרתי אחיה הפלני׃
37 ৩৭ কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়,
חצרו הכרמלי נערי בן אזבי׃
38 ৩৮ নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ,
יואל אחי נתן מבחר בן הגרי׃
39 ৩৯ অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়,
צלק העמוני נחרי הברתי נשא כלי יואב בן צרויה׃
40 ৪০ যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
עירא היתרי גרב היתרי׃
41 ৪১ হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ,
אוריה החתי זבד בן אחלי׃
42 ৪২ ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক,
עדינא בן שיזא הראובני ראש לראובני ועליו שלושים׃
43 ৪৩ মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট,
חנן בן מעכה ויושפט המתני׃
44 ৪৪ অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল,
עזיא העשתרתי שמע ויעואל בני חותם הערערי׃
45 ৪৫ চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা,
ידיעאל בן שמרי ויחא אחיו התיצי׃
46 ৪৬ মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা;
אליאל המחוים ויריבי ויושויה בני אלנעם ויתמה המואבי׃
47 ৪৭ ইলীয়েল, ওবেদ, আৰু মচোবায়ীয়া যাচীয়েল।
אליאל ועובד ויעשיאל המצביה׃

< ১ বংশাবলি 11 >