< ১ বংশাবলি 10 >

1 পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।
Los filisteos pelearon con Israel; y el varón de Israel huyó delante de ellos, y cayeron heridos en el monte de Gilboa.
2 পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে।
Y los filisteos siguieron a Saúl y a sus hijos; y mataron los filisteos a Jonatán, y a Abinadab, y a Malquisúa, hijos de Saúl.
3 চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ’ল।
Y se agravó la batalla sobre Saúl, y le alcanzaron los flecheros, y fue herido de los flecheros.
4 তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
Entonces Saúl dijo a su escudero: Saca tu espada, y pásame con ella, para que no vengan estos incircuncisos, y hagan escarnio de mí; mas su escudero no quiso, porque tenía gran miedo. Entonces Saúl tomó la espada, y se echó sobre ella.
5 যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ’ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল।
Y cuando su escudero vio a Saúl muerto, él también se echó sobre su espada, y se mató.
6 এইদৰে চৌল, তেওঁৰ তিনি জন পুত্ৰ, আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলৰো একে-লগে মৃত্যু হ’ল।
Así murió Saúl, y sus tres hijos; y toda su casa murió juntamente con él.
7 যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ’ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে।
Y viendo todos los de Israel que habitaban en el valle, que habían huido, y que Saúl y sus hijos eran muertos, dejaron sus ciudades, y huyeron; y vinieron los filisteos, y habitaron en ellas.
8 পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
Y fue que viniendo el día siguiente los filisteos a despojar los muertos, hallaron a Saúl y a sus hijos tendidos en el monte de Gilboa.
9 তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে।
Y luego que le hubieron desnudado, tomaron su cabeza y sus armas, y lo enviaron todo a la tierra de los filisteos por todas partes, para que fuese denunciado a sus ídolos y al pueblo.
10 ১০ তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
Y pusieron sus armas en el templo de su dios, y colgaron la cabeza en el templo de Dagón.
11 ১১ যেতিয়া যাবেচ গিলিয়দৰ সকলো লোকে পলেষ্টীয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে,
Y oyendo todos los de Jabes de Galaad lo que los filisteos habían hecho de Saúl,
12 ১২ তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
se levantaron todos los hombres valientes, y tomaron el cuerpo de Saúl, y los cuerpos de sus hijos, y los trajeron a Jabes; y enterraron sus huesos debajo del alcornoque en Jabes, y ayunaron siete días.
13 ১৩ চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
Así murió Saúl por su rebelión con que prevaricó contra el SEÑOR, contra la palabra del SEÑOR, la cual no guardó; y porque consultó al pitón, preguntándole,
14 ১৪ তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।
y no consultó al SEÑOR; por esta causa lo mató, y traspasó el reino a David, hijo de Isaí.

< ১ বংশাবলি 10 >