< ՄԱՏԹԷՈՍ 19 >

1 Երբ Յիսուս աւարտեց այս խօսքերը, մեկնեցաւ Գալիլեայէն եւ գնաց Հրէաստանի հողամասը՝ Յորդանանի միւս կողմը:
এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷
2 Մեծ բազմութիւններ հետեւեցան անոր, ու հոն բուժեց զանոնք:
মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
3 Փարիսեցիները մօտեցան անոր եւ փորձեցին զայն՝ ըսելով. «Արտօնուա՞ծ է, որ մարդ մը արձակէ իր կինը՝ որեւէ պատճառի համար»:
সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”
4 Ան ալ պատասխանեց անոնց. «Չէ՞ք կարդացեր թէ ա՛ն՝ որ սկիզբէն ստեղծեց, արու եւ էգ ստեղծեց զանոնք, ու ըսաւ.
তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?
5 “Այս պատճառով մարդը պիտի թողու հայրն ու մայրը, եւ պիտի յարի իր կնոջ, ու երկուքը պիտի ըլլան մէ՛կ մարմին”:
তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?
6 Հետեւաբար ա՛լ երկու չեն, հապա՝ մէկ մարմին. ուրեմն մարդը թող չզատէ ինչ որ Աստուած իրարու միացուցած է»:
তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
7 Ըսին իրեն. «Հապա ինչո՞ւ Մովսէս պատուիրեց ամուսնալուծումի վկայագիր տալ եւ արձակել»:
তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”?
8 Ըսաւ անոնց. «Մովսէս ձեր սիրտին կարծրութեա՛ն համար արտօնեց ձեզի՝ որ արձակէք ձեր կիները. բայց սկիզբէն այնպէս չէր:
যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।
9 Սակայն կը յայտարարեմ ձեզի. “Ո՛վ որ կ՚արձակէ իր կինը՝ առանց պոռնկութեան պատճառի, ու կ՚ամուսնանայ ուրիշի մը հետ՝ շնութիւն կ՚ընէ: Եւ ո՛վ որ արձակուածին հետ կ՚ամուսնանայ՝ շնութիւն կ՚ընէ”»:
সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
10 Իր աշակերտները ըսին իրեն. «Եթէ ա՛յդ է պարագան մարդուն եւ իր կնոջ միջեւ, օգտակար չէ ամուսնանալ»:
১০তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।
11 Բայց ինք ըսաւ անոնց. «Բոլորը չեն ընդունիր ասիկա, հապա անոնք՝ որոնց տրուած է:
১১যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
12 Որովհետեւ կան ներքինիներ, որոնք ա՛յդպէս ծնան՝ իրենց մօր որովայնէն. կան ներքինիներ, որոնք մարդոցմէ՛ ներքինի եղան. ու կան ներքինիներ, որոնք իրենք զիրենք ներքինի ըրին՝ երկինքի թագաւորութեան համար: Ո՛վ որ կրնայ ընդունիլ՝ թող ընդունի»:
১২কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
13 Այն ատեն մանուկներ բերուեցան իրեն, որպէսզի ձեռք դնէ անոնց վրայ եւ աղօթէ. իսկ աշակերտները կը յանդիմանէին զանոնք:
১৩তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।
14 Յիսուս ըսաւ. «Թո՛յլ տուէք մանուկներուն, ու մի՛ արգիլէք զանոնք՝ որ գան ինծի, որովհետեւ երկինքի թագաւորութիւնը այդպիսիներունն է»:
১৪তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”
15 Եւ ձեռք դնելէ ետք անոնց վրայ՝ մեկնեցաւ անկէ:
১৫ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।
16 Մէկը մօտենալով՝ ըսաւ անոր. «Բարի՛ վարդապետ, ի՞նչ բարիք գործեմ՝ որ ունենամ յաւիտենական կեանքը»: (aiōnios g166)
১৬এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”? (aiōnios g166)
17 Ան ալ ըսաւ անոր. «Ինչո՞ւ բարի կը կոչես զիս. մէկէ՛ն զատ բարի չկայ, որ Աստուած է: Եթէ կ՚ուզես մտնել կեանքը՝ պահէ՛ պատուիրանները»:
১৭যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
18 Ըսաւ անոր. «Որո՞նք»: Յիսուս պատասխանեց. «Սպանութիւն մի՛ ըներ, շնութիւն մի՛ ըներ, գողութիւն մի՛ ըներ, սուտ վկայութիւն մի՛ տար,
১৮মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
19 պատուէ՛ հայրդ ու մայրդ, եւ սիրէ՛ ընկերդ քու անձիդ՝՝ պէս»:
১৯মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
20 Երիտասարդը ըսաւ անոր. «Պահած եմ այդ բոլորը՝ պատանութենէս ի վեր. տակաւին ի՞նչ կը պակսի ինծի»:
২০সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?
21 Յիսուս ըսաւ անոր. «Եթէ կ՚ուզես կատարեալ ըլլալ՝ գնա՛, ծախէ՛ ինչքդ եւ տո՛ւր աղքատներուն, ու գանձ պիտի ունենաս երկինքը. ապա հետեւէ՛ ինծի»:
২১যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।
22 Երբ երիտասարդը լսեց այս խօսքը՝ տրտմած գնաց, որովհետեւ շատ ստացուածք ունէր:
২২এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
23 Յիսուս ըսաւ աշակերտներուն. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Հարուստը դժուարութեամբ պիտի մտնէ երկինքի թագաւորութիւնը”:
২৩তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
24 Դարձեալ կը յայտարարեմ ձեզի. “Աւելի դիւրին է որ ո՛ւղտը անցնի ասեղին ծակէն, քան թէ հարուստը մտնէ Աստուծոյ թագաւորութիւնը”»:
২৪পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।”
25 Երբ աշակերտները լսեցին, չափազանց ապշեցան եւ ըսին. «Ուրեմն ո՞վ կրնայ փրկուիլ»:
২৫এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?”
26 Յիսուս նայելով անոնց՝ ըսաւ. «Ատիկա անկարելի է մարդոց քով, բայց ամէն բան կարելի է Աստուծոյ քով»:
২৬যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
27 Այն ատեն Պետրոս ըսաւ անոր. «Ահա՛ մենք թողուցինք ամէն ինչ ու հետեւեցանք քեզի. ուրեմն ի՞նչ պիտի ըլլայ մեզի»:
২৭তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?”
28 Յիսուս ըսաւ անոնց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Դուք՝ որ հետեւեցաք ինծի, միւս գալուստին՝՝, երբ մարդու Որդին բազմի իր փառքի գահին վրայ, դո՛ւք ալ պիտի բազմիք տասներկու գահերու վրայ՝ դատելու Իսրայէլի տասներկու տոհմերը”:
২৮যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।
29 Ո՛վ որ թողուցած ըլլայ տուներ, եղբայրներ, քոյրեր, հայր, մայր, կին, զաւակներ, կամ արտեր՝ իմ անունիս համար, պիտի ստանայ հարիւրապատի՛կը եւ ժառանգէ յաւիտենական կեանքը: (aiōnios g166)
২৯যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। (aiōnios g166)
30 Բայց շատ առաջիններ պիտի ըլլան յետին, ու յետիններ՝ առաջին»:
৩০যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ’ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।”

< ՄԱՏԹԷՈՍ 19 >