< Luka 9 >

1 Ayicila nono katwa mye likure nin wabe, ana nani likara kitene nagbergenu nin shizhinu nin tikonu.
পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷
2 Ato nani, idi bellin uliru kiti kipin tigo mye, nin shizinu nanan tikonu.
ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
3 A woro nani na iwa yiru imon bara ucine ba, sa uca, imon inyi, imonlii, ukurfung, sa alutuk abba.
তেওঁ তেওঁলোকক ক’লে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;
4 Vat kilari ka na ipira soo kinin, udu liyiri lo na iba cinu kipine.
আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
5 Inung alle na inari munu, asa iba nuzu nanya kipin, kotinon lidau we nabune mine, liba so ushaida nati mine.”
আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
6 Itunna iwatuna, ipira nigbire itina nbellin nliru umang, nin shizinu nanit niti niti.
পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।
7 Hirdus ugo na alanza ile imon na idinsu, au Yohanna unan shintu nanit infita.
সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল,
8 Kiti namong idin su Iliya nsah, among woro umon unan nburnari, in fita nanya na nan nlai.
আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷”
9 Hiridus woro, “Ina malu ukalu liti Yohanna, ani ghari ndi nlanzu kiti mee nene.” Hiridus do npiziru ayene Yesu ku.
হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।
10 Alenge na iwa tuu nani issah, ibellinghe vat nile imon na isu, anya nanghinu ligowe nanghe, udu kipin Batsaida.
১০পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল।
11 Inung ligoze lanza nani Idofinghe, atah nani mahadi, abelle nani ubellen kipin tigo na idinin su inshinue.
১১কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।
12 Nin ndu kulelen, inung likure nin wabe, woroghee suuna ligoze idoo nigbir nkilinue, idi piziru kiti linanin nin nimonli, bara kikane na tidi ku kushori.
১২দিনৰ প্ৰায় শেষ ভাগত বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷”
13 Aworo nani, “Nan nani imonli ili.” Inug woro, “na tidi nin nimomon na ikatin nfungul utaun nin niboo ibba ba, sse tido tidi seru nani imonli bara ligozi vat.
১৩কিন্তু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷”
14 Iwadi annit amui alaun. A woro nono kadura mye, “Taan nani iso acuri akut ataun taun.
১৪কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”
15 Isu nani anite so vat kutyin.
১৫তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে।
16 A yauna ufungul utaune nin niboo ibe, ato iyiizi kitene atah nmari ku, a pucu agir anaa nono katuwa mye, inin koso nani.
১৬যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
17 Inung vat leo ishito, kagisin nbubun nimole nazza, ipitirno ita nakuzun likure nin nabba.
১৭তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।
18 Idoo nkon kubi adin nti nliran usame, nono katuwa mye nanghe anin tirino nani, “Ligozi din su meng ghari?”
১৮এদিন যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, “লোক সকলে মোক কোন বুলি কয়?”
19 Ikauwa ghe iworo, “Yohanna unan shintu nmyen (Baptisma) amon woro Iliya, amon woro nkon kunan nburnuari in fita.”
১৯তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।”
20 Anin woro nani, “Anung dinsu meng ghari?” Bitrus kauwa aworo kristi unuzu Kutelle.”
২০তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” তাতে পিতৰে উত্তৰ দি ক’লে, “ঈশ্বৰৰ অভিষিক্ত, খ্ৰীষ্ট।”
21 A wunno nani atuf, Yesu woro nani na iwa bellin umon ba.
২১তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে;
22 Nworu gono nnit ba niu nin nimon gbardang, iba nari ghe, akune nin uso napirist a anan ninyerte, iba mollughe ayiri atat a ba fitu nin lai.
২২আৰু তেওঁ ক’লে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”
23 A woro nani vat, “Asa ule na adinin nsu adak kiti nigh, aba nari liti mye, aba diru, ule na anari litime bara meng aba se utucu.
২৩যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিবআৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
24 Ulenge na idinin su a tucu liti mye, aba diru, ule na anari litime bara meng aba se utucu.
২৪কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।
25 Iyaghari ncaute unit se imon inye vat, anin dira ulai mye?
২৫কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?
26 Vat nle na adi nlanzu ncin nigh nin ligbulang nigh, gono nnit ba lanzu ncin mye nwui une na aba dak nanya ngongon Ncif mye nin nono kadura Kutelle.
২৬কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
27 Nworo munu kidegenere indi bellu munu, among yisin kikane, na ukul ba dudu nani ba, se idoo kipin tigo Kutelle.”
২৭কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”
28 Na ayiri kulir nkata na Yesu nbelle nani tigbulang tone, ayira Bitrus, Yohanna, a Yakubu, ighana kitene kupara ati nlirag.
২৮এই কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
29 Na adi nliraghe, umuro mye saka, imon mye tunna ipo pau nwaltu.
২৯তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।
30 Itunna ise amon naba ida idin nliru nanghe, ashe Musa nin Iliya.
৩০সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
31 Ale na iwa yenje nani gongon, idin nliru kitene nnyiu mye, ule na iba kullu nanya Urushelima.
৩১তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল।
32 Kubi, Bitrus nan nale na iwa di nanghe nmoro wadi nani kang, na izinto, iyene ngongon mye nin nale iwa yisin nanghe.
৩২তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।
33 Uso nani, na inya ligowe nan Yesu, Bitrus woroghe, “Cikilari ucaun na tidi kikane, tiba ke adanga atat, ti ke kurum kun Iliya.” Na ayinno ile imon na adin belle ba.
৩৩তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
34 Kube na adin belle nleli imone, kuwut tolo ku tursu nani, fiu da nani, na kuwute nkilino nani.
৩৪এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
35 Liwui nuzu nanya kuwute liworo, “Gono nighari kane na ina fere lanzan ghe.”
৩৫তেতিয়া সেই মেঘৰ পৰা এই বাণী শুনিলে, “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।”
36 Na imala ulanzu liwuiye, Yesu yita usame, inung so tik, nanya nayiri ane na iwa bellin umong ba, ile imon na iyene.
৩৬সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ’ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷
37 Ukurtunu nkuiye, na isa unuzu kupara, ligozi nanit da zuro nanghe.
৩৭তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।
38 Umon nanya ligozi gilla a woro, “Unan yiru ndin fofi nacara yene usaun nighe, amere gono nighe cas.
৩৮সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।
39 Yene Uruhu sa uyaunghe, amalzino, aketize, anutuzuno kupunget nnuwe, na asa usunghe ba, se ushalaghe.
৩৯আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়।
40 Asa nfo nono katwa fa acara, nshin ninghe na isa iyinno ba.”
৪০মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
41 Yesu kauwa a woro, “Anung anan salin nyinnu nin kuji kugbas, udu kishiyari nba yinu uso nanghinu danin nsaun fe kikane.”
৪১তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।”
42 Na gone din cinu uduwe agbergenu yaunghe ilina kutyin atunna nketizu. Yesu kpada Uruhu unanzang, ashino nin gone, anin nakpa ucife.
৪২তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।
43 Vat mine yene nziziki ngbardang Kutelle, na vat mine nkiffo tunu nile imon asu, ani woro nono katuwa mye,
৪৩তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে; কিন্তু তেওঁ কৰা কৰ্মবোৰত লোক সকলে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক ক’লে,
44 “Na to tigbulanghe do piit nnit nacara nanit.”
৪৪“এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব।”
45 Na inin wa yinin ule idiru ba, Bara na uwa nyeshin kiti mine na iyinno liti nlire ba. Vat nani nlanza fiu nworu itiringhe uliru une.
৪৫কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।
46 Manyardang fita nanya mine, nbelleng nworu ghari ba so udiya mine.
৪৬পাছত তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথাক লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল।
47 Yesu nin yiru nkpilizu nibinai mine, a yicila kagone kabene a yisa likot me,
৪৭কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ল’লে৷
48 Anin woro nani, ulenge na asere gono kane, asere menku. Ulenge na asere menku, asere ulenge na ana tuuyi, ulenge na aceo liti me nafo gono kibene amere ba so udya nanya mine.
৪৮তাৰ পাছত তেওঁলোকক ক’লে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”
49 Yohanna kauwa, “Cikilari tiyene umong nutuzunu nagbergenu nin lisafe, tinanin wantinghe, bara na adi ndortu nari ba.”
৪৯পাছত যোহনে মাত লগাই ক’লে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।”
50 Na iwa wantinghe ba, “Ubellun Yesu, vat nlenge na adi nivira nan ghinu ba unminere.”
৫০তেতিয়া যীচুৱে তেওঁক ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।”
51 Na ayiri nyiu me nda susut aceo umuro me udu Urushelima.
৫১পাছত যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মনস্থ কৰিলে৷
52 Ato anan kadura nbun me, inya ipira kagbir Nsamariya, ikeleghe imone.
৫২তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল।
53 Anite kikane wa tighe mahabi ba, bara amal ciu umuro me udu Urushelima.
৫৩কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।
54 Na nono katuwa me, Yakubu nin Yohanna inyene nani, iworo, “Cikilari titi ulah tolu umolu nani?”
৫৪ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”
55 A gitirino a kpada nani.
৫৫কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়াই দিলে।
56 Itunna inya udu nkan kagbir.
৫৬তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল।
57 Na idin cine libau we, umon woroghe, “Meng ba dofin fi udu kika na uba duu.”
৫৭তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক ক’লে, “আপুনি য’লৈকে যায় ত’লৈকে ময়ো আপোনাৰ পাছে পাছে যাম।”
58 Yesu kauwa a woroghe, “Ninyan yau dinin tiyyi, Anyin yita nin nado, meng gono nnit dinin kiti nciu liti ba.
৫৮যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।”
59 Anin woro nmong, “Dofini.” Ame woroghe, “Cikilari ucizine na ndo ndi kassu ucif nigh.”
৫৯পাছত যীচুৱে আন এজনক ক’লে, “তুমি মোৰ পাছে পাছে আহা।” কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷”
60 Ame atimine anan nkul, fe can udi belle piit nin npash uliru kipin tigo Kutelle.”
৬০তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”
61 Umong ugang woroghe, “Meng ba dofinfi Cikilari, na ntuu ndi bellin anan kilari nighe meng nya.”
৬১আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।”
62 Yesu kauwa a woroghe, “Na umong duku alenge na ata ucara me nkeke nikawa, asa a gitirno, na abase upiri kipin tigo Kutelle ba.”
৬২যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”

< Luka 9 >