< Ibraniyawa 8 >

1 Nene udursu nile imon na tidin nbelle inere, tidi nin npirist udia ulenge na asosin ncara alime unkutel ndia kitene kani.
এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
2 Ame kuci nari nanya kutyi kulau, kutyii nliran kidegen na cikilari wa tuno, na unit usurneri ba.
তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷
3 Bara ko uyeme upirist iwa fereghe a ni vat unizu nin gutunu nmyi bara kulapi, bara nani uso gbas ise imomon na iba ni.
প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
4 Nene ndah Kristi wandi nanya nyi, na awa so upirist ba, sam, tunda na amon duku allenghe na ina niza ufilizinu bara uduka.
কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;
5 Iwa tumuzun imomon ile na uli nafo ulema nin nshin, nimon kitene kani, nafo na Kutelle wa su Musa ku kagbara, kubi na awadi nworu a tuno litino kutyin nliran, “yene” Kutelle woro “uba ke imone vat nafo nda na iwa dursofi kitene likup,”
পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
6 Bara nene Kristi wa seru katuwa kadia, bara ame tutun di kiyitik nalikawali acine, alenge na iwa tunno nanya likawali acine.
কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
7 Andi aleli alikawali nburne na nnana ba na ubellen npiziru nalikawali an ba ba yitu ku ba.
কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন।
8 Na Kutelle wase kulapi kiti nanit, aworo “yenen ayiri din ncinu” ubellun ncikalari. Kubi na mba su alikawali apese nin kilarin Isiraila, nin kinin kilarin Yahuda.
কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে, “‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,
9 Na aba yitu nafo alikawali alenge na nnasu nan na cifi mene ba, nloli liyire na nwan yacun nani nin nacara nnutuno nani nanyan nmyin nmasar, bara na iwa li ubun nanya nalikawali nighe ba.
যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷
10 “Bara alelere alikawali alenge na mbasu nin kilari Isiraila, kimal nale ayire” ubellun cikilari “mba” ciu uduka nigh nanya nibinai mine, mba kuru nyertu unin nanya nayi mine, mba so Kutelle mine, ung baso anit nighe.
১০প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’
11 Na inug ba dursu umon unan lisosin kupo mine ba, sa umon gwana me, ubelle, “yinnon cikilare” bara vat ba yinie, unuzu nbene udu udiawe.
১১“প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷
12 Bara meng ba dursu nkunekune kitene naddu ananzan mine, na meng ba kuru nlizin nin nalapi mine ba.
১২মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”
13 Nanya nbelle “ipese” anati alikawali nburne akuse inin ulenge na ana bellin iso ikuse ina mali uwulu.
১৩ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷

< Ibraniyawa 8 >