< 2 Ukorintiyawa 3 >

1 Ticizin uru nati bite tutunggha? Nati nin su nimung iyartinu runani udu kiti mine sa unuzu kiti bit ba nafo among anit ti nin suwe?
আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?
2 Anun ati mine uyertinari uru nati bite ma uyertinari nanya nibinai bite tiyiru nin yenju nanit vat
আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে৷
3 Inanin duru anughere iyertinu unuzu Krist, natinan, na ma yertin nin nimonye ba bara nanin nin fep milau Kutelle unan la, na kite ne natala ba bara nanya nibinai nanit.
আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল।
4 Ulele re taa nari tidimun kibinai likara kite nen Kutelle nanya Kristi.
আৰু ঈশ্বৰৰ প্ৰতি এয়ে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ।
5 Na bara arikin mbatin ba nin nati bite, tida nimomong unuzu kiti bit b, bara nani indart biti Kutelleri.
আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷
6 Ame ule na ada nanarin tibatina acinme nalikawali apese ni nanya niyart ba nani nanya ife. bara iyerte din mols, nan wan infep milau din nizu ulai,
তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
7 Nene wase katua ukul ka na sau nin niyyart kitene natalla wa daming liruu nkanang na anitin Israaila wa yenje Musaku mmuro me bara liruu nkanang mmurome, mongo na mina wulu dedei.
কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল,
8 Na katwa nkanang fep katin lane ba ning gegeme ba?
তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো প্ৰতাপযুক্ত নহ’ব নে?
9 nani katwa nca ukule3e nwa cau nani kanang in gbardan!
কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক প্ৰতাপযুক্ত হয়!
10 Bara tutung ule na i a dak nin kanan, na iduu nin kanang mone nanya kikane ba, bara na moo nkananghe katin minin.
১০কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে সেই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ’ল।
11 na ile na idinin nkanang na midin katiz, ile na ina son sa liging ma yitu iyizi!
১১কাৰণ লুপ্ত হৈ যোৱাটো যদি কান্তিযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত।
12 Bar na tidinin nayi akon, nadinin fiu ba.
১২আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ,
13 Na nafo Muse ule na a wa tursu umuro me nin lisa, bara na anit Israila wa yene ugongon nkanang umuro me na midin malusu ba.
১৩আৰু ইস্ৰায়েলৰ সন্তান সকলে, সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ল’লে, আমি তেনেকৈ নকৰোঁ।
14 Baranani nibinai mine wa turdu, nin dak kitimone kjesi kune duu ketene yenju ni yerta nalikawali akus na isa puno b, bara na nanya Kristiari cas ia sa i kala mung.
১৪কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
15 Bara nanin udak kitimon, awadin yenju niyert Mus, kuyasi kune duu nibinai mine.
১৫কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।
16 Bara unit nwa kpilu kitin Nci, kujase kone ba kalu kalu kidowo.
১৬কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।
17 Nene ufere mfipppe. A kuca na mfippin ncife duku asu ubalino.
১৭প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা।
18 Nene vat bite, na upuno nara timuro bite tedin yenju nkanan Ncif, idin sakizu nari udu nkanang mirume unuzu mon nkanan udu minu bu, nafo na moone nuzu kitin Cifere na amere nfipe.
১৮আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।

< 2 Ukorintiyawa 3 >