< Kantiku i Kantikëve 2 >

1 Unë jam trëndafili i Sharonit, zambaku i luginave.
প্রিয়াৰ কথা: মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল।
2 Si një zambak midis gjembave, ashtu është mikesha ime midis vajzave.
প্রিয়ৰ কথা: কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে।
3 Si një mollë midis pemëve të pyllit kështu është i dashuri im midis të rinjve. Kam dëshëruar shumë të rri në hijen e tij dhe aty jam ulur, fryti i tij ishte i ëmbël në gojën time.
প্রিয়াৰ কথা: বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
4 Më çoi në shtëpinë e banketit dhe flamuri i tij mbi mua është dashuria.
তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
5 Më mbani me pite rrushi, më përtërini me mollë, sepse unë vuaj nga dashuria.
কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
6 Dora e tij e majtë është poshtë kokës sime, dora e tij e djathtë më përqafon.
মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
7 Ju përgjërohem, o bija të Jeruzalemit, për gazelat dhe sutat fushave, mos e ngacmoni dhe mos e zgjoni dashurinë time, deri sa kështu t’i pëlqejë
হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
8 Ja zëri i të dashurit tim! Ja, ai vjen duke kërcyer mbi malet, duke u hedhur mbi kodrat.
সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
9 I dashuri im i përngjan një gazele apo një dreri të ri. Ja ku është prapa murit tonë, shikon nga dritaret, hedh vështrime nëpërmjet hekurave të tyre.
মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
10 I dashuri im më ka folur dhe më ka thënë: “Çohu, mikja ime, e bukura ime, dhe eja!
১০মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
11 Sepse, ja, dimri ka kaluar, shiu pushoi, iku.
১১চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
12 Lulet duken mbi tokë, koha e të kënduarit erdhi, dhe në vendin tonë dëgjohet zëri i turtulleshës.
১২ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।
13 Fiku nxjerr fiqtë e tij të papjekur, vreshtat në lulëzim përhapin një aromë të këndshme. Çohu, mikja ime, e bukura ime, dhe eja.
১৩ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
14 O pëllumbesha ime, që rri në të çarat e shkëmbinjve, në strukat e rrëmoreve, ma trego fytyrën tënde, më bëj ta dëgjoj zërin tënd, sepse zëri yt është i këndshëm dhe fytyra jote është e hijshme”.
১৪হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।”
15 I zini dhelprat, dhelprat e vogla që dëmtojnë vreshtat, sepse vreshtat tona janë në lulëzim.
১৫ৰমণীসকলৰ প্রতি উক্তি: তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।
16 I dashuri im është imi, dhe unë jam e tij; ai e kullot kopenë midis zambakëve.
১৬প্রিয়াৰ কথা: মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।
17 Para se të fryjë flladi i ditës dhe hijet të ikin, kthehu, i dashuri im, dhe sillu si një gazelë o një drenushë mbi malet që na ndajnë.
১৭হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।

< Kantiku i Kantikëve 2 >