< Hebrenjve 13 >

1 Dashuria vëllazërore le të mbetet.
ভাতৃ-প্ৰেম চলি থাকক।
2 Mos harroni mikpritjen, sepse disa duke e praktikuar e priten pa ditur engjëj!
আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।
3 Kujtoni të burgosurit si të ishit të lidhur bashkë me ta, dhe ata që keqtrajtohen, sepse edhe ju vetë jeni në trup.
বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।
4 Martesa të nderohet nga të gjithë dhe shtrati martesor i papërlyer, sepse Perëndia do të gjykojë kurvarët dhe kurorëshkelësit.
সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
5 Sjellja juaj të jetë pa lakmi paraje dhe kënaquni me atë që keni, sepse vetë Perëndia ka thënë: “Nuk do të të lë, nuk do të të braktis”.
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
6 Kështu mund të themi, me plot besim: “Perëndia është ndihmuesi im dhe unë nuk do të kem frikë; ç’do të më bëjë njeriu?”.
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
7 Kujtoni të parët tuaj, që ju shpallën fjalën e Perëndisë dhe, duke çmuar rezultatin e sjelljes së tyre, merrni si shembull besimin e tyre.
আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
8 Krishti është i njëjtë dje, sot e përjetë. (aiōn g165)
যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে। (aiōn g165)
9 Mos e lëshoni veten aty e këtu prej doktrinah të ndryshme dhe të huaja, sepse është mirë që zemra juaj të forcohet me anë të hirit dhe jo prej ushqimit, të cilat nuk u dhanë asnjë dobi atyre aq sa ecën.
আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷
10 Ne kemi një altar prej të cilit nuk kanë të drejtë të hanë ata që i shërbejnë tabernakullit.
১০যি বেদিত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই, এনে এটি বেদি আমাৰ আছে।
11 Sepse trupat e atyre kafshëve, gjaku i të cilave është sjellë prej kryepriftit në shenjtëroren për mëkatin, digjen jashtë fushës.
১১কিয়নো যি যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহা-পুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ ছাউনিৰ বাহিৰে পোৰা যায়।
12 Prandaj edhe Jezusi, për të shenjtëruar popullin me gjakun e vet, pësoi jashtë derës (së qytetit)
১২এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে।
13 Le të dalim, pra, drejt tij jashtë fushës, duke bartur poshtërimin e tij.
১৩এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক।
14 Sepse nuk kemi këtu qytet të përhershëm, por kërkojmë atë që ka për të ardhur.
১৪কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই; কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছোঁ।
15 Me anë të tij, pra, le t’i ofrojmë vazhdimisht Perëndisë një flijim lavdie, domethënë frytin e buzëve që rrëfejnë emrin e tij.
১৫এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
16 Dhe mos harroni bamirësinë dhe t’u jepni ndihmë të tjerëve, sepse Perëndisë i pëlqejnë flijime të tilla.
১৬কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।
17 Dëgjoni të parët tuaj dhe nënshtrohuni atyre, sepse ata rrijnë zgjuar për shpirtërat tuaj, si ata që duhet të japin llogari; që ta bëjnë këtë me gëzim dhe jo me psheretima, sepse kjo nuk do t’ju sillte dobi.
১৭আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।
18 Lutuni për ne, sepse ne besojmë se kemi ndërgjegje të mirë, duke dashur të sillemi mirë në çdo gjë.
১৮আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;
19 Dhe ju bëj thirrje edhe më shumë ta bëni këtë, që unë të kthehem te ju sa më parë.
১৯কিন্তু মোক যেন পুনৰ অাপোনালোকৰ বাবে সোনকালে দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই অাপোনালোকক অধিক মিনতি কৰিছোঁ।
20 Dhe Perëndia e paqes, që e ngriti nga të vdekurit, me anë të gjakut të Besëlidhjes së amshuar, Bariun e madh të dhënve, Perëndinë tonë Jezu Krisht, (aiōnios g166)
২০শান্তিৰ আঁকৰ যি ঈশ্বৰে, অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক; (aiōnios g166)
21 ju bëftë të përsosur për çdo vepër të mirë, që të kryeni vullnetin e tij, duke punuar te ju atë që është e pëlqyer përpara tij, me anë të Jezu Krishtit, të cilit i qoftë lavdi në shekuj të shekujve. Amen. (aiōn g165)
২১তেওঁৰ দৃষ্টিত যি উত্তম, সন্তোষজনক, তাকে আমাৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন। (aiōn g165)
22 Dhe ju lutem, o vëllezër, ta mbani këtë fjalë këshillimi, sepse ju shkrova shkurt.
২২হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ।
23 Ta dini se vëllai Timoteu u lirua nga burgu. Nëse mbërrin së shpejti, unë do të vij te ju bashkë me të.
২৩আমাৰ ভাই তীমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা; তেওঁ সোনকালে আহিলে, তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম।
24 Përshëndetni të gjithë të parët tuaj dhe gjithë shenjtorët! Ju përshëndesin ata të Italisë.
২৪আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
25 Hiri qoftë mbi ju të gjithë! Amen.
২৫আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।

< Hebrenjve 13 >