< Ezekieli 2 >

1 Dhe më tha: “O bir njeriu, çohu më këmbë dhe unë do të të flas”.
তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, এতিয়া নিজৰ ভৰিত থিয় দিয়া; মই তোমাৰ সৈতে কথা পাতিম।”
2 Ndërsa ai më fliste, Fryma hyri tek unë dhe më bëri të çohem më këmbë, dhe unë dëgjova atë që më fliste.
যেতিয়া তেওঁ মোৰে সৈতে কথা পাতি আছিল, তেতিয়া সেই আত্মাই মোৰ অন্তৰত উদগাই মোক নিজ ভৰিত থিয় কৰোৱালে আৰু তেওঁ কোৱা বাক্য মই শুনিলোঁ।
3 Ai më tha: “O bir njeriu, unë të dërgoj te bijtë e Izraelit, në mes të kombeve rebelë që janë rebeluar kundër meje; ata dhe etërit e tyre kanë ngritur krye kundër meje deri më këtë ditë.
তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।
4 Ata te të cilët po të dërgoj janë bij me fytyrë të ashpër dhe me zemër kryeneçe, dhe ti do t’u thuash atyre: “Kështu thotë Zoti, Zoti”.
তেওঁলোক আঁকোৰগোজ মুখমণ্ডলৰ আৰু কঠিন হৃদয়ৰ বংশধৰ। মই তোমাক সেই লোকসকলৰ ওচৰলৈ পঠিয়াম। তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’:
5 Edhe sikur të dëgjojnë ose të mos pranojnë të dëgjojnë, sepse janë një shtëpi rebele, do të mësojnë se megjithatë ka një profet në mes tyre.
তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।
6 Dhe ti, bir njeriu, mos ki frikë prej tyre dhe mos ki frikë nga fjalët e tyre, edhe se po qe se do gjendesh i rrethuar nga hithra dhe nga gjemba dhe po qe se banon në mes të akrepave; mos ki frikë
আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
7 Por ti do t’u njoftosh fjalët e mia, edhe sikur të të dëgjojnë ose të refuzojnë të dëgjojnë, sepse janë rebelë.
যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
8 Dhe ti, bir njeriu, dëgjo atë që të them; mos u bëj rebel si kjo shtëpi rebele; hap gojën dhe ha atë që po të jap”.
কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”
9 Unë shikova, dhe ja një dorë e shtrirë drejt meje; dhe ja, në të ishte rrotulla e një libri.
তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল।
10 Ai e shpalosi para meje; ishte shkruar nga brenda dhe nga jashtë dhe në të ishin shkruar vaje, rënkime dhe halle.
১০তেওঁ সেই নুৰিওৱা পুথিখন মোৰ আগত মেলি দিলে; সেই পুথিখনৰ আগফালে আৰু পাছফালে দুয়ো পিঠিত লিখা আছিল; তাত বিলাপ, শোক আৰু সন্তাপৰ বিষয়ে লিখা আছিল।

< Ezekieli 2 >