< 2 i Kronikave 2 >

1 Pastaj Salomoni vendosi të ndërtojë një tempull në emër të Zotit dhe një pallat për vete.
পাছত চলোমনে যিহোৱাৰ নামেৰে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজগৃহ নিৰ্ম্মাণ কৰিবলৈ থিৰ কৰিলে।
2 Salomoni rekrutoi shtatëdhjetë mijë burra që të mbartnin pesha, tetëdhjetë mijë të nxirrnin gurë në malet dhe tre mijë e gjashtëqind veta për t’i mbikqyrur.
তেওঁ বোজা ববৰ বাবে সত্তৰ হাজাৰ লোক আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোকক নিয়োগ কৰিলে আৰু তেওঁলোকৰ কাম তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
3 Pastaj Salomoni i çoi fjalë Hiramit, mbretit të Tiros: “Ashtu si ke bërë me Davidin, atin tim, të cilit i dërgove kedra për të ndërtuar një shtëpi në të cilën të banonte, bëj të njëjtën gjë me mua.
তেতিয়া চলোমনে তূৰৰ ৰজা হীৰমৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “যে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰোঁতে যিদৰে মোৰ পিতৃ দায়ূদলৈ এৰচ কাঠ পঠিয়াই আপুনি সহায় কৰিছিল, সেইদৰে মোলৈকো কৰক।
4 Ja unë jam duke ndërtuar një tempull në emër të Zotit, Perëndisë tim, për t’ia kushtuar atij, për të djegur para tij temjan erëmirë, për të ekspozuar vazhdimisht bukët e paraqitjes dhe për të ofruar olokauste në mëngjes dhe në mbrëmje, të shtunave, kur të ketë hënë të re dhë në festat e caktuara nga Zoti, Perëndia ynë. Ky është një ligj i përjetshëm për Izraelin.
চাওঁক, মই মোৰ ঈশ্বৰ যিহোৱাৰ নামেৰে এটা গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ; তেওঁৰ আগত সু-গন্ধি ধূপ জ্বলাবলৈ, নৃত্য দৰ্শন-পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধিয়া কালত, বিশ্ৰামবাৰত, ন-জোনত আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ সকলো উৎসৱত হোম-বলি উৎসর্গ কৰিবলৈ তাক পবিত্ৰ কৰিম৷ সেয়ে ইস্ৰায়েলে সদায় কৰিব লগা কাৰ্য।
5 Tempulli që unë do të ndërtoj do të jetë i madh, sepse Perëndia ynë është më i madh se tërë perënditë e tjera.
আৰু মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে অতি বৃহৎ হ’ব, কিয়নো আমাৰ ঈশ্বৰ আন সকলো দেৱতাবোৰতকৈ মহান।
6 Po kush do të jetë në gjendje t’i ndërtojë një tempull me qenë se qiejtë dhe qiejtë e qiejve nuk janë në gjendje ta nxenë? E kush jam unë që t’i ndërtoj një tempull, qoftë edhe vetëm për të djegur temjan para tij?
কিন্তু যি স্থলত বিশ্ৱব্ৰহ্মাণ্ডত আৰু স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে, এনে স্থলত, কোনে তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিব পাৰিব? কেৱল তেওঁৰ আগত ধূপ জ্বলোৱা উদ্দেশ্যৰ বাহিৰে, মই কোন, যে তেওঁৰ বাবে গৃহ নিৰ্ম্মাণ কৰিব পাৰোঁ?
7 Prandaj dërgomë tani një njeri të shkathët që di të punojë arin, argjendin, bronzin, hekurin, purpurin, të kuqen flakë, ngjyrë vjollcën dhe që të dijë të bëjë çdo lloj prerjesh, duke punuar bashkë me specialistët që janë pranë meje në Judë dhe në Jeruzalem, dhe që ati im David ka përgatitur.
এই হেতুকে এনে এজন নিপূণ লোক পঠিয়াই দিয়ক, যিজনে সোণ, ৰূপ, পিতল, লোহা আৰু বেঙেনা বৰণীয়া, সেন্দুৰ বৰণীয়া ও নীল বৰণীয়া সূতাৰে বন কৰাত আৰু নানাবিধ বাখৰ কটাত পাকৈত৷ যিহূদাত আৰু যিৰূচালেমত মোৰ পিতৃ দায়ূদে যোগান ধৰাৰ দৰে, তেওঁ মোৰ সৈতে থকা এই নিপূণ লোকসকলৰ লগত কাম কৰিব।
8 Dërgomë edhe nga Libani dru kedri, qiparisi dhe santali, sepse e di që shërbëtorët e tu janë të aftë të presin drurin e Libanit; dhe ja, shërbëtorët e mi do të punojnë bashkë me shërbëtorët e tu,
আৰু এৰচ, দেবদাৰু আৰু অলগূম কাঠ এইবিলাকো লিবানোনৰ পৰা মোৰ ইয়ালৈ পঠিয়াই দিয়ক; কিয়নো মই জানো, যে আপোনাৰ দাসবোৰ লিবানোনত কাঠ কটাত নিপূণ৷ চাওঁক, মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত থাকিব,
9 për të më pregatitur lëndë druri me shumicë, sepse tempulli që do të ndërtoj do të jetë i madh dhe i mrekullueshëm.
যাতে তেওঁলোকে মোৰ অৰ্থে প্ৰচুৰ পৰিমাণে কাঠ যুগুত কৰিব পাৰিব; কিয়নো মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে মহৎ আৰু আশ্চর্যজনক হ’ব।
10 Dhe shërbëtorëve të tu që do të rrëzojnë dhe do të presin drurët unë do t’u jap njëzet mijë kore gruri, njëzet mijë kore elbi, njëzet mijë bate verë dhe njëzet mijë bate vaji”.
১০আৰু চাওঁক, মই আপোনাৰ দাসবোৰলৈ যি সকল কাঠকটীয়া পঠালোঁ, তেওঁলোকৰ বাবে বিশ হাজাৰ পৰিমাণৰ মৰা ঘেঁহু ধান, বিশ হাজাৰ পৰিমাণৰ মৰা যৱ, বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ দ্ৰাক্ষাৰস আৰু বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ তেল পঠাই দিম।”
11 Dhe Hirami, mbret i Tiros, u përgjigj me një shkrim, që i dërgoi Salomonit: “Me qenë se Zoti e do popullin e tij, të ka caktuar mbret mbi të”.
১১তেতিয়া তূৰৰ ৰজা হীৰমে চলোমনলৈ এই উত্তৰ লিখি পঠিয়ালে, “যিহোৱাই তেওঁৰ নিজ প্ৰজাসকলক প্ৰেম কৰে, সেই বাবে তেওঁ তেওঁলোকৰ ওপৰত আপোনাক ৰজা পাতিলে।”
12 Hirami thoshte gjithashtu: “I bekuar qoftë Zoti, Perëndia i Izraelit, që ka bërë qiejtë dhe tokën, sepse i ka dhënë mbretit David një bir të urtë, shumë të zgjuar dhe të aftë, që do të ndërtojë një tempull për Zotin dhe një pallat mbretëror për vete!
১২হীৰমে পুনৰ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক, যিজনে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে আৰু যিজনে যিহোৱাৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজ গৃহ সাজিব, এনে দূৰদৰ্শী আৰু বুদ্ধিমান জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে।
13 Unë po të dërgoj një njeri të shkathët dhe të ditur të atit tim Hiram, që është
১৩আৰু মই এতিয়া হীৰমৰ নিপুণ আৰু ভাল বেয়া বিচাৰ কৰিব পৰা এজন প্ৰতিভাসম্পন্ন লোক পঠিয়াইছোঁ,
14 bir i një gruaje nga bijat e Danit, ndërsa i ati ishte një njeri nga Tiro. Ai di të punojë arin, bronzin, hekurin, gurin, drurin, purpurin dhe ngjyrë vjollcën, të kuqe flakë, pëlhurën e hollë dhe di të bëjë çdo prerje dhe çdo lloj vizatimi që i besohet. Ai do të punojë me specialistët e tu dhe me specialistët e zotit tim David, atit tënd.
১৪তেওঁ দান বংশৰ এগৰাকী মহিলাৰ পুত্ৰ৷ তেওঁৰ পিতৃ তূৰীয়াৰ মানুহ আছিল৷ তেওঁ সোণ, ৰূপ, পিতল, লোহা, শিল, কাঠ আৰু বেঙেনা বৰণীয়া ও নীল বৰণীয়া সূতা, মিহি শণ সূতা আৰু সেন্দুৰ বৰণীয়া সূতাৰ কাম কৰাত নিপূণ৷ আৰু তেওঁ সকলো বিধৰ বাখৰ কটাত আৰু সকলো ৰূপাংকন কৰা কাৰ্যত তেওঁ নিপূণ। তেওঁক আপোনাৰ নিপুণ কর্মীসকলৰ লগত আৰু মোৰ প্ৰভু, আপোনাৰ পিতৃ দায়ূদৰ জ্ঞানী লোকসকলৰ লগত ঠাই দিয়া হওঁক।
15 Tani, pra, imzot le t’u dërgojë shërbëtorëve të tij grurin, elbin, vajin dhe verën, që u ka premtuar;
১৫এই হেতুকে মোৰ প্ৰভুৱে কোৱাৰ দৰে, ঘেঁহু, যৱ, তেল আৰু দ্ৰাক্ষাৰস, তেওঁ আপোনাৰ এই দাসবোৰৰ ওচৰলৈ পঠিয়াই দিয়ক৷
16 dhe ne do të presim tërë drurët e Libanit për të cilat ke nevojë; do t’i sjellim me trap nëpër det deri në Jafo dhe ti do t’i mbartësh në Jeruzalem”.
১৬যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”
17 Salomoni regjistrioi tërë të huajt që ndodheshin në vendin e Izraelit, mbas regjistrimit që kishte bërë Davidi, i ati; ata ishin njëqind e pesëdhjetë e tre mijë e gjashtëqind veta,
১৭আৰু চলোমনে তেওঁৰ পিতৃ দায়ূদে গণনা কৰাৰ দৰে ইস্ৰায়েল দেশত প্ৰবাস কৰা বিদেশী লোকসকলক গণনা কৰালে৷ তাতে গণনা কৰোঁতে এক লাখ ত্ৰেপন্ন হাজাৰ ছশ লোক পোৱা গ’ল।
18 dhe mori shtatëdhjetë mijë prej tyre për të mbartur pesha, tetëdhjetë mijë për të prerë gurë në mal dhe tre mijë e gjashtëqind mbikqyrës që ta bënin popullin të punonte.
১৮তেওঁ সেইসকলৰ মাজত বোজা ববলৈ সত্তৰ হাজাৰ আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোক নিয়োগ কৰিলে আৰু এই লোকসকলক কামত থাকোতে তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।

< 2 i Kronikave 2 >