< Об'явлення 9 >

1 І пятий ангел затрубив, і я бачив звізду, що впала з неба на землю, і дано їй ключ від бездонного колодязя, (Abyssos g12)
তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos g12)
2 і відчинив він бездонний колодязь; і знїс ся дим з колодязя, наче дим великої печі, і затьмилось сонце, і повітрє від диму з колодязя. (Abyssos g12)
তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos g12)
3 А з диму вийшла сарана на землю, і дана їй власть, яко ж мають власть скорпиони земні.
সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
4 І сказано їм, щоб не шкодили траві земній, анї жодній зеленинї, анї жодній деревинї, тільки одним людям, що не мають печатї Божої на чолах своїх.
আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
5 І дано їм, щоб не вбивали їх, а щоб мучили пять місяців; а мука від них, як мука від скорпиона, коли вкусить чоловіка.
সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
6 І шукати муть в днї ті люде смерти, і не знайдуть її; і бажати муть вмерти, і втїкати ме смерть від них.
সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
7 А порода сарани наче то конї, приготовлені до війни, а на головах її наче вінцї подобаючі на золото, а лиця їх як лиця людські.
সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
8 І мали волоссє, як волоссє жіноче; а зуби їх, наче левині,
মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
9 і мали бронї (панцирі), наче бронї залїзні; а шум крил їх, наче шум возів, коли багато коней біжить на війну.
লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
10 А хвости у них подобні, як у скорпионів, і жала були в хвостах їх; а власть їх - шкодити людям пять місяцїв.
১০কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
11 І мають над собою царя, ангела безоднї; імя йому по єврейськи Авадон, а по грецьки має імя Аполион (Губитель). (Abyssos g12)
১১অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos g12)
12 Горе одно перейшло; ось, настигають ще два після сього.
১২এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
13 І шестий ангел затрубив, і я почув один голос з чотирьох рогів золотої жертівнї, що перед Богом,
১৩পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
14 що глаголав шестому ангелу, котрий мав трубу: Розвяжи чотирьох ангелів, що звязані над великою рікою Євфратом.
১৪তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
15 розвязано чотирьох ангелів, що були приготовані на годину, і день, і місяць, і рік, щоб убили третю часть людей.
১৫তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
16 А число войська кінного двісті тисяч тисячей; і чув я число їх.
১৬আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
17 І так бачив я конї у впдїнню, а ті, що сидїли на них, мали бронї огняні і гияцинтові і сїрчані, а голови коней, як голови левів, а з рогів їх виходить огонь, і дим, і сїрка.
১৭আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
18 А від тих трьох убита третя часть людей, від огня, і від диму, і від сїрки, виходячої з ротів їх.
১৮সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
19 Сила бо їх в ротї (і в хвостах їх); хвости бо їх подобні зміям, маючи голови, котрими шкодять.
১৯কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
20 А остальнї люде, що не повбивані тими поразами, анї покаялись у ділах рук своїх, щоб не покланятись бісам, і ідолам золотим, і срібним, і мідяним, і камінним, і деревяиим, котрі анї бачити не можуть, анї чути, анї ходити.
২০এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
21 І не каялись в убииствах своїх, анї в чарах своїх, анї в блудодїяннях своїх, анї в крадїжах своїх.
২১তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।

< Об'явлення 9 >