< Дії 3 >

1 Петр та Йоан ійшли вкупі до церкви на молитву о девятій годинї.
এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল।
2 І несено одного чоловіка, що був кривий від утроби матери своєї, котрого кладено що дня перед церковними дверима, званими Гарними, просити милостині в тих, що входили в церкву.
তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
3 Побачивши він Петра та Йоана, що хотїли ввійти в церкву, просив милостині.
তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে।
4 Споглянувши ж Петр на него з Йоаном, рече: Подивись на нас.
তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”।
5 Він же дивив ся пильно на них, сподіваючись що від них прийняти.
তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল।
6 Рече ж Петр: Срібла та золота нема в мене; що ж маю, се тобі даю. В імя Ісуса Христа Назорея встань і ходи.
তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
7 І, взявши його за праву руку, звів угору, і зараз його ноги й колїна окрепились,
তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
8 і підскочивши, став та ходив, і ввійшов із ними в церкву, походжаючи, та скачучи, та хвалячи Бога.
তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
9 І видів його ввесь народ ходячого й хвалячого Бога.
তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।
10 А знали його, що се той, що для милостинї сидїв коло Гарних дверей церковних, і сповнили ся страхом і дивом над тим, що сталось йому.
১০পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
11 Як же держав ся сцїлений кривий коло Петра та Йоана, збіг ся до них увесь народ у ходник званий Соломонів, дивуючись.
১১সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল।
12 І вбачаючи се Петр, озвав ся до народу: Мужі Ізраїльскі, чого ви чудуєте ся сим? або чого так пильно до нас дивитись, мов би своєю силою або побожністю зробили ми, щоб ходив він?
১২ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
13 Бог Авраамів, та Ісааків, та Яковів. Бог отцїв наших, прославив Сина свого Ісуса, що ви видали та відреклись Його перед Пилатом, як судив він відпустити Його.
১৩যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
14 Ви ні Сьвятого й Праведного відреклись, і просили дарувати вам чоловіка душогубця,
১৪কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
15 а Князя життя убили, котрого Бог воскресив з мертвих; Йому ми сьвідки.
১৫আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
16 І через віру в імя Його, сього, що бачите й знаєте, окрепило імя Його, і віра, що через Него, дала йому се сцїленнє перед усїма вами.
১৬আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
17 І тепер, брати, знаю, що через незнаннє зробили ви, як і князї ваші.
১৭হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
18 Бог же, що наперед звістив устами всїх пророків своїх про муки Христові, сповнив так.
১৮কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
19 Покайте ся ж і навернїть ся, щоб очистились од гріхів ваших, як прийде час покріплення від лиця Господнього,
১৯এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
20 і пішле наперед проповіданого вам Ісуса Христа,
২০আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে।
21 котрого мусїло небо прийняти аж до часу новонастання всього, що глаголав Бог устами всїх сьвятих своїх пророків од віку. (aiōn g165)
২১ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। (aiōn g165)
22 Мойсей бо до отцїв промовив: Що пророка підійме вам Господь Бог ваш із братів ваших, як мене. Сього слухайте у всьому, що глаголати ме вам.
২২মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
23 Буде ж, що всяка душа, котра не слухати ме пророка того, погубить ся з народу.
২৩কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
24 І всї пророки від Самуїла й після сих, скільки їх промовляло, також наперед сповіщали про днї сесї.
২৪ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
25 Ви ж сини пророків і завіту, що положив Бог з отцями нашими, глаголючи Авраамові: І в насїннї твоїм благословенні будуть усї народи землї.
২৫আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
26 Вам найперше, піднявши Бог Сина свого Ісуса, післав Його благословити вас, щоб кожен одвернувсь од лукавства свого.
২৬আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।

< Дії 3 >