< Nehemia 4 >

1 Sanbalati alipoposikia tulikuwa tukijenga ukuta, akaghadhabika ndani yake, naye akakasirika sana, akawacheka Wayahudi.
তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।
2 Mbele ya ndugu zake na jeshi la Samaria, akasema, “Wayahudi dhaifu hawa wanafanya nini? Je, watajifanyia mji wenyewe? Je, watatoa dhabihu? Je, wataimaliza kazi siku moja? Je! Watawaletea mawe kutoka kwenye kifusi baada ya kuchomwa moto?
চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
3 Tobia Mwamoni alikuwa pamoja naye, naye akasema, 'Ikiwa tu mbweha angepanda juu ya hichi wanachokijenga, angeubomoa ukuta huo wa mawe.”
তেতিয়া তেওঁৰ সৈতে অম্মোনীয়া টোবিয়া আছিল আৰু তেওঁ ক’লে, “তেওঁলোকে যি দেৱাল সাজিছে, তাৰ ওপৰত যদি এটা শিয়ালো উঠে, তেন্তে তেওঁলোকৰ সেই শিলাময় দেৱাল ভাঙি পৰিব!”
4 Tusikilize, Mungu wetu, kwa maana sisi tunatukanwa. Rudisha malalamiko yao juu ya vichwa vyao wenyewe na kuwapa wapate kutekwa katika nchi ambapo wao ni wafungwa.
হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। তেওঁলোকৰ উপহাস তেওঁলোকলৰ ওপৰতে পৰক আৰু তেওঁলোক যি দেশত বন্দিত্ৱত আছিল, তাত লুট কৰি নিয়া বস্তুৰ দৰে থাকিবলৈ দিয়ক।
5 Usiufunike uovu wao, wala usiondoe dhambi zao mbele yako; kwa sababu wamewachukiza wanaojenga.
তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।
6 Kwa hiyo tulijenga ukuta na ukuta wote uliunganishwa kwa nusu ya urefu wake, kwa kuwa watu walikuwa na hamu ya kufanya kazi
সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্চতাৰ আধালৈকে মেৰামতি কৰিলে।
7 Lakini Sanbalati, Tobia, Waarabu, Waamoni, na Waashdodi waliposikia kwamba kazi ya ukarabati wa kuta za Yerusalemu ilikuwa ikiendelea, na kwamba sehemu zilizovunjika katika ukuta zilikuwa zimefungwa, ghadhabu kubwa ikawaka ndani yao.
যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্‌দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।
8 Wote walifanya shauri pamoja, na walikuja kupigana dhidi ya Yerusalemu na kusababisha machafuko ndani yake.
তেওঁলোকে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ আৰু তাত বিসংগতিৰ সৃষ্টি কৰিবলৈ সকলোৱে একগোট হৈ চক্ৰান্ত কৰিলে।
9 Lakini tuliomba kwa Mungu wetu na kuweka walinzi kama ulinzi dhidi yao mchana na usiku kwa sababu ya tishio lao.
কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।
10 Kisha watu wa Yuda wakasema, “Nguvu ya wale wanaobeba mizigo inashindwa. Kuna kifusi kikubwa, na hatuwezi kujenga ukuta.”
১০তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”
11 Na adui zetu wakasema,” Wala hawatajua au kuona mpaka tutakapokuja kati yao na kuwaua, na kuisimamisha kazi.”
১১আমাৰ শত্রুবোৰে ক’লে, “আমি তেওঁলোকৰ মাজত সোমাই তেওঁলোকক বধ কৰি কাম বন্ধ নকৰালৈকে তেওঁলোকে নাজানিব আৰু নেদেখিবও।”
12 Wakati huo Wayahudi waliokuwa wakiishi karibu nao walitoka pande zote na kuzungumza nasi mara kumi, wakituonya juu ya mipango waliyofanya dhidi yetu.
১২সেই সময়ত তেওঁলোকৰ ওচৰত থকা যিহুদীসকলে সকলো দিশৰ পৰা আহি তেওঁলোকে আমাৰ বিৰুদ্ধে কৰা আঁচনিৰ বিষয়ে আমাক দহবাৰলৈকে সতৰ্ক কৰি ক’লে।
13 Kwa hiyo nikaweka watu katika sehemu za chini za ukuta katika sehemu zilizo wazi. Niliweka kila familia wenye upanga, mikuki, na upinde.
১৩সেয়ে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।
14 Nikatazama, nikasimama, nikawaambia wakuu, na watawala, na watu wengine, “Msiogope. mkumbukeni Bwana, ambaye ni mkuu na wa kushangaza. Wapiganie ndugu zenu, wana zenu, binti zenu, wake zenu na nyumba zenu.
১৪মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্বৰ্য্যৱান ঈশ্ৱৰক সোঁৱৰণ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”
15 Ilipokuwa wakati adui zetu waliposikia kwamba mipango yao ilikuwa inayojulikana kwetu, na Mungu alikuwa amebatilisha mipango yao, sote tulirudi ukutani, kila mmoja kwa kazi yake.
১৫আমাৰ শত্রুবোৰে যেতিয়া শুনিলে যে, আমি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছোঁ, সেই সময়ত ঈশ্বৰে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ কৰিলে। তেতিয়া, আমি সকলোৱে দেৱাললৈ ঘূৰি আহি নিজৰ নিজৰ কামত লাগিলোঁ।
16 Kwa hiyo tangu wakati huo nusu ya watumishi wangu walifanya kazi tu juu ya kujenga ukuta, na nusu yao wakaishika mikuki, ngao, pinde, na kuvaa silaha, wakati viongozi walisimama nyuma ya watu wote wa Yuda.
১৬মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।
17 Na hivyo wafanyakazi haohao ambao walikuwa wakijenga ukuta na kubeba mizigo walikuwa pia wakilinda nafasi zao. Kila mtu alifanya kazi kwa mkono mmoja, na kwa mkono mwingine alikuwa na silaha yake.
১৭দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
18 Kila mjenzi alivaa upanga wake ubavuni mwake na ndivyo alivyojenga. Yule aliyepiga tarumbeta akakaa karibu nami.
১৮দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।
19 Niliwaambia wakuu na viongozi na watu wengine, “Kazi ni nzuri na ya kina, na tumejitenga kwenye ukuta, mbali na mtu mwingine.
১৯মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।
20 Lazima mkimbilie mahali ambapo mtasikia sauti ya tarumbeta na kusanyika huko. Mungu wetu atatupigania.”
২০তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”
21 Kwa hiyo tulifanya kazi hiyo. Nusu yao walikuwa wakichukua mikuki kutoka kupambazuka asubuhi hadi kutokea kwa nyota.
২১সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।
22 Nikawaambia watu wakati huo, “Kila mtu na mtumishi wake waende usiku katikati ya Yerusalemu, ili wawe walinzi wakati wa usiku na mfanyakazi wakati huo.”
২২সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”
23 Basi si mimi, wala ndugu zangu, wala watumishi wangu, wala watu wa walinzi waliokuwa wananifuata, hakuna hata mmoja wetu aliyebadili nguo zake, na kila mmoja wetu alichukua silaha yake, hata kama angeenda kwa ajili ya kuteka maji.
২৩সেয়ে মই, নাইবা মোৰ ভাইসকল, মোৰ দাস সকল, আৰু মোক অনুসৰণ কৰা ৰখীয়াসকলৰ, কোনেও কাপোৰ সলনি কৰা নাছিলোঁ আৰু এনেকি পানী খাবলৈ যাওঁতেও প্ৰতিজনে নিজৰ অস্ত্ৰ কঢ়িয়াইছিলোঁ।

< Nehemia 4 >