< Псалтирь 34 >

1 Псалом Давиду, внегда измени лице свое пред Авимелехом: и отпусти его, и отиде. Благословлю Господа на всякое время, выну хвала Его во устех моих.
মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
2 О Господе похвалится душа моя: да услышат кротцыи и возвеселятся.
মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।
3 Возвеличите Господа со мною, и вознесем имя Его вкупе.
তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।
4 Взысках Господа, и услыша мя и от всех скорбей моих избави мя.
মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
5 Приступите к Нему и просветитеся, и лица ваша не постыдятся.
তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
6 Сей нищий воззва, и Господь услыша и, и от всех скорбей его спасе и.
এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
7 Ополчится Ангел Господень окрест боящихся Его и избавит их.
যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
8 Вкусите и видите, яко благ Господь: блажен муж, иже уповает Нань.
যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
9 Бойтеся Господа, вси святии Его, яко несть лишения боящымся Его.
হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
10 Богатии обнищаша и взалкаша: взыскающии же Господа не лишатся всякаго блага.
১০ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
11 Приидите, чада, послушайте мене, страху Господню научу вас.
১১হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
12 Кто есть человек хотяй живот, любяй дни видети благи?
১২তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
13 Удержи язык твой от зла и устне твои, еже не глаголати льсти.
১৩তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
14 Уклонися от зла и сотвори благо: взыщи мира и пожени и.
১৪তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
15 Очи Господни на праведныя, и уши Его в молитву их.
১৫যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
16 Лице же Господне на творящыя злая, еже потребити от земли память их.
১৬যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।
17 Воззваша праведнии, и Господь услыша их и от всех скорбей их избави их.
১৭ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
18 Близ Господь сокрушенных сердцем, и смиренныя духом спасет.
১৮যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
19 Многи скорби праведным, и от всех их избавит я Господь.
১৯ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
20 Хранит Господь вся кости их, ни едина от них сокрушится.
২০যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
21 Смерть грешников люта, и ненавидящии праведнаго прегрешат.
২১দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
22 Избавит Господь душы раб Своих, и не прегрешат вси уповающии на Него.
২২যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।

< Псалтирь 34 >