< От Луки святое благовествование 7 >

1 Егда же сконча вся глаголголы Своя в слухи людем, вниде в Капернаум.
যীচুৱে ক’ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷
2 Сотнику же некоему раб боля зле, хотяше умрети, иже бе ему честен.
সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷
3 Слышав же о Иисусе, посла к Нему старцы Иудейския, моля Его, яко да пришед спасет раба его.
কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷
4 Они же пришедше ко Иисусови, моляху Его тощно, глаголюще, яко достоин есть, емуже даси сие:
তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷
5 любит бо язык наш, и сонмище той созда нам.
কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”
6 Иисус же идяше с ними. И уже Ему не далече сущу от храмины, посла к Нему сотник други, глаголя Ему: Господи, не движися: несмь бо достоин, да под кров мой внидеши:
তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
7 темже ни себе достойна сотворих приити к Тебе: но рцы слово, и изцелеет отрок мой:
সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব।
8 ибо и аз человек есмь под владыкою учинен, имея под собою воины: и глаголю сему: иди, и идет: и другому: прииди, и приидет: и рабу моему: сотвори сие, и сотворит.
কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
9 Слышав же сия Иисус, чудися ему, и обращься идущему по Нем народу рече: глаголю вам, ни во Израили толики веры обретох.
যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
10 И возвращшеся посланнии обретоша болящаго раба изцелевша.
১০পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
11 И бысть посем, идяше во град, нарицаемый Наин: и с Ним идяху ученицы Его мнози и народ мног.
১১ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।
12 Якоже приближися ко вратом града, и се изношаху умерша, сына единородна матери своей, и та бе вдова: и народ от града мног с нею.
১২যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।
13 И видев ю Господь, милосердова о ней, и рече ей: не плачи.
১৩তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।”
14 И приступль коснуся во одр: носящии же сташа: и рече: юноше, тебе глаголю, востани.
১৪পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।”
15 И седе мертвый, и начат глаголати: и даде его матери его.
১৫তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে।
16 Прият же страх всех, и славляху Бога, глаголюще: яко пророк велий воста в нас, и яко посети Бог людий Своих.
১৬ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
17 И изыде слово сие по всей Иудеи о Нем, и по всей стране.
১৭পাছত গোটেই যিহুদীয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ’ল।
18 И возвестиша Иоанну ученицы его о всех сих.
১৮পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে।
19 И призвав два некая от ученик своих Иоанн, посла ко Иисусу, глаголя: Ты ли еси Грядый, или иного чаем?
১৯তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
20 Пришедша же к Нему мужа, реста: Иоанн Креститель посла нас к Тебе, глаголя: Ты ли еси Грядый, или иного чаем,
২০তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু ক’লে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু শুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
21 в Той же час изцели многи от недуг и ран и дух злых и многим слепым дарова прозрение.
২১সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।
22 И отвещав Иисус рече има: шедша возвестита Иоанну, яже видеста и слышаста: яко слепии прозирают, хромии ходят, прокаженнии очищаются, глусии слышат, мертвии востают, нищии благовествуют:
২২তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
23 и блажен есть, иже аще не соблазнится о Мне.
২৩আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
24 Отшедшема же ученикома Иоанновома, начат глаголати к народом о Иоанне: чесо изыдосте в пустыню видети, трость ли ветром колеблему?
২৪পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ’ল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিল, বতাহে লৰোৱা নল নে?
25 Но чесо изыдосте видети? Человека ли в мягки ризы одеяна? Се, иже во одежди славней и пищи сущии, во царствии суть.
২৫তেনেহলে কি চাবলৈ গৈছিল, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
26 Но чесо изыдосте видети? Пророка ли? Ей, глаголю вам, и лишше пророка.
২৬তেনেহলে কি চাবলৈ গৈছিল, ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
27 Сей (бо) есть, о немже писано есть: се, Аз послю Ангела Моего пред лицем Твоим, иже устроит путь Твой пред Тобою.
২৭এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’
28 Глаголю бо вам: болий в рожденных женами пророка Иоанна Крестителя никтоже есть: мний же во Царствии Божии болий его есть.
২৮মই আপোনালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত, যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
29 И вси людие слышавше и мытарие оправдиша Бога, крещшеся крещением Иоанновым:
২৯সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে;
30 фарисее же и законницы совет Божий отвергоша о себе, не крещшеся от него.
৩০কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
31 Рече же Господь: кому убо уподоблю человеки рода сего, и кому суть подобни?
৩১“এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
32 Подобни суть отрочищем седящым на торжищих, и приглашающым друг друга, и глаголющым: пискахом вам, и не плясасте: рыдахом вам, и не плакасте.
৩২যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
33 Прииде бо Иоанн Креститель ни хлеба ядый, ни вина пия, и глаголете: беса имать.
৩৩কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
34 Прииде Сын Человеческий ядый и пия, и глаголете: сей человек ядца и винопийца, друг мытарем и грешником.
৩৪মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
35 И оправдися премудрость от чад своих всех.
৩৫কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
36 Моляше же Его некий от фарисей, дабы ял с ним: и вшед в дом фарисеов, возлеже.
৩৬এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
37 И се, жена во граде, яже бе грешница, и уведевши, яко возлежит во храмине фарисеове, принесши алавастр мира,
৩৭সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
38 и ставши при ногу Его созади, плачущися, начат умывати нозе Его слезами, и власы главы своея отираше, и облобызаше нозе Его, и мазаше миром.
৩৮তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
39 Видев же фарисей воззвавый Его, рече в себе, глаголя: Сей аще бы был пророк, ведел бы, кто и какова жена прикасается Ему: яко грешница есть.
৩৯তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
40 И отвещав Иисус рече к нему: Симоне, имам ти нечто рещи. Он же рече: Учителю, рцы.
৪০তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ ক’লে, “হে গুৰু, কওক।”
41 Иисус же рече: два должника беста заимодавцу некоему: един бе должен пятиюсот динарий, другий же пятиюдесят:
৪১যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী, এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;
42 не имущема же има воздати, обема отда. Который убо ею, рцы, паче возлюбит его?
৪২পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
43 Отвещав же Симон рече: мню, яко емуже вящше отда. Он же рече ему: право судил еси.
৪৩তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
44 И обращься к жене, Симонови рече: видиши ли сию жену? Внидох в дом твой, воды на нозе Мои не дал еси: сия же слезами облия Ми нозе и власы главы своея отре.
৪৪তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
45 Лобзания Ми не дал еси: сия же, отнелиже внидох, не преста облобызающи Ми нозе.
৪৫তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।
46 Маслом главы Моея не помазал еси: сия же миром помаза Ми нозе.
৪৬তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
47 Егоже ради, глаголю ти, отпущаются греси ея мнози, яко возлюби много: а емуже мало оставляется, менше любит.
৪৭এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”
48 Рече же ей: отпущаются тебе греси.
৪৮পাছত তেওঁ সেই তিৰোতাক ক’লে, “তোমাৰ পাপ ক্ষমা হ’ল।”
49 И начаша возлежащии с Ним глаголати в себе: кто Сей есть, иже и грехи отпущает?
৪৯তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?”
50 Рече же к жене: вера твоя спасе тя: иди в мире.
৫০কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”

< От Луки святое благовествование 7 >