< Книга Иисуса Навина 13 >

1 Иисус же состареся прошед дни. И рече Господь ко Иисусу: ты состарелся еси денми, и земля остася многа в наследие:
যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।
2 и сия земля оставшаяся: пределы Филистимли, Гесури и Хананей,
এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
3 от Необитаемыя, яже от лица Египта даже до предел Аккаронских ошуюю Хананеов, причисляется пятим областем Филистимским: Газеу и Азотию, и Аскалониту и Гетфею, и Аккарониту и Евею:
মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
4 от Феман и всей земли Ханаанстей прямо Газе, и Сидонии даже до Афека, даже до предел Аморрейских:
দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
5 и всю землю Гавли Филистимлю, и весь Ливан от восток солнца, от Галгал под горою Аермон даже до входа Емаф:
গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
6 всяк обитающий в горней от Ливана даже до Масрефофмаима, всех Сидонян Аз потреблю от лица Израилева: но раздай ю во жребий Израилю, якоже заповедах тебе:
ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
7 и ныне раздели землю сию в наследие девяти племеном и полплемени Манассиину от Иордана даже до моря великаго, к западу солнца даси ю: море великое предел будет.
উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
8 Дву же племеном и полуплемени Манассиину, Рувиму и Гаду, даде Моисей об ону страну Иордана: к востоком солнца даде им Моисей раб Господень,
বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
9 от Ароира, иже есть на устии водотечи Арнони, и град иже посреде дебри, и весь Мисор от Медавана:
অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
10 вся грады Сиона царя Аморрейска, иже царствова во Есевоне, даже до предел сынов Аммоних:
১০হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
11 и Галаад, и пределы Гесури, и Махафи, всю гору Аермон, и всю Васанитску до Елхи:
১১গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
12 все царство Огово в Васанитиде, иже царствова во Астарофе и во Едраине: сей остася (един) от Исполинов, и уби его Моисей, и потреби.
১২বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
13 И не потребиша сынове Израилевы Гесура и Махафа и Хананеа: и живяше царь Гесури и Махафи в сынех Израилевых даже до сего дне.
১৩কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
14 Токмо племени Левиину не дадеся наследие: Господь Бог Израилев, сам наследие их, якоже рече им Господь. И сие разделение, еже раздели Моисей сыном Израилевым (по племеном их) во Аравофе Моавли об ону страну Иордана противу Иерихона.
১৪কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
15 И даде Моисей племени сынов Рувимлих по сонмом их:
১৫মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
16 и быша им пределы от Ароира, иже есть прямо дебри Арнонския, и град, иже есть в дебри Арнонстей,
১৬তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
17 и всю землю Мисорску даже до Есевона, и вся грады иже суть в мисоре, и Девор, и Вамоф-Ваал, и домы Веелмони,
১৭ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
18 и Иасса и Кедимофа и Мифааф,
১৮যহচ, কদেমোৎ আৰু মেফাৎ,
19 и Кариафем и Севама, и Сарф и Сиор на горе Енак,
১৯কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
20 и Веффогор и Асидоф-Фасга и Вифсимуф,
২০ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
21 и вся грады Мисорски, и все царство Сиона царя Аморрейска, егоже уби Моисей самаго, и старейшины Мадиамли, и Евиа и Рокома, и Сура и Ура и ровека, князи Сиорския, и живущих на земли (той):
২১মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
22 и Валаама сына Веорова волхва убиша мечем сынове Израилевы в сражении.
২২ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
23 Быша же пределы Рувимли, Иордан предел. Сие наследие сынов Рувимлих по сонмом их, грады их и села их.
২৩যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24 Даде же Моисей сыном Гадовым по сонмом их,
২৪মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25 и быша им пределы Иазир: вси гради Галаади и полземли сынов Аммоних до Ароира, иже есть пред лицем Раввафа:
২৫তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26 и от Есевона до Рамофа к Масфе, и Вотаниму, и Манаиму до предел Давировых,
২৬হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
27 и во емеке Вифарам и Вифнамра, и Сохоф и Сафон, и прочее царство Сиона царя Есевонска: и Иордан определяет даже до страны моря Хенереф, об ону страну Иордана от восток.
২৭মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
28 Сие наследие сынов Гадовых по сонмом их и по градом их и селам их.
২৮এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।
29 И даде Моисей полуплемени Манассиину по сонмом их,
২৯মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
30 и быша пределы их от Манаима, и все царство Васанско, и все царство Ога царя Васанска, и вся веси Иаира, яже суть в Васанитиде, шестьдесят градов:
৩০তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;
31 и пол Галаада, и во Астарофе, и во Едраине, грады царства Огова в Васанитиде: и дашася сыном Махировым, сыном Манассииным, и половине сынов Махировых по сонмом их.
৩১গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।
32 Сии суть, имже даде наследие Моисей об ону страну Иордана во Аравофе Моавли, прямо Иерихона на востоки.
৩২এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷
33 Племени же Левиину не даде Моисей наследия: понеже Сам Господь Бог Израилев наследие Его есть, якоже глагола им.
৩৩কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।

< Книга Иисуса Навина 13 >