< Brojevi 30 >

1 I reèe Mojsije knezovima od plemena sinova Izrailjevijeh govoreæi: ovo je zapovjedio Gospod.
পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ মূল লোকসকলক ক’লে। তেওঁ ক’লে, যিহোৱাই এই আজ্ঞা দিছে।
2 Kad koji èovjek uèini zavjet Gospodu, ili se zakune vezavši se dušom svojom, neka ne pogazi rijeèi svoje, nego neka uèini sve što izaðe iz usta njegovijeh.
কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।
3 A kad žena uèini zavjet Gospodu ili se veže u mladosti svojoj, dokle je u kuæi oca svojega,
আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে
4 I èuje otac njezin za zavjet njezin ili kako se vezala dušom svojom, pa joj otac ne reèe ništa, onda da su tvrdi svi zavjeti njezini, i sve èim je vezala dušu svoju da je tvrdo.
আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।
5 Ako li otac njezin poreèe to onaj dan kad èuje, zavjeti njezini i èim je god vezala dušu svoju, ništa da nije tvrdo; i Gospod æe joj oprostiti, jer otac njezin poreèe.
কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।
6 Ako li se uda pa ima na sebi zavjet ili izreèe što na usta svoja èim bi se vezala,
আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়,
7 A muž njezin èuvši ne reèe joj ništa onaj dan kad èuje, onda da su tvrdi zavjeti njezini, i tvrdo da je sve èim je vezala dušu svoju.
আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
8 Ako li muž njezin kad èuje onaj dan poreèe, ukida se zavjet koji je bio na njoj ili što je izrekla na usta svoja te se vezala; i Gospod æe joj oprostiti.
কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।
9 A zavjet koji uèini udovica ili puštenica, i sve èim veže dušu svoju, da joj je tvrdo.
কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব।
10 Ali ako bude u kuæi muža svojega uèinila zavjet i za što vezala dušu svoju zakletvom,
১০আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে,
11 I muž njezin èuvši oæuti i ne poreèe, tada da su tvrdi svi zavjeti njezini, i da je tvrdo sve za što je vezala dušu svoju.
১১আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
12 Ako li to poreèe muž njezin onaj dan kad èuje, svaki zavjet koji bi izašao iz usta njezinijeh i sve èim bi vezala dušu svoju da nije tvrdo; muž je njezin porekao, i Gospod æe joj oprostiti.
১২কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।
13 Svaki zavjet i sve za što bi se vezala zakletvom da muèi dušu svoju, muž njezin potvrðuje i ukida.
১৩মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে।
14 Ako bi muž njezin od dana do dana æutao, onda potvrðuje sve zavjete njezine i sve za što bi se vezala; potvrðuje, jer joj ne poreèe u onaj dan kad èu.
১৪কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলোভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।
15 Ako li poreèe pošto èuje, sam æe nositi grijeh njezin.
১৫কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব।
16 Ovo su naredbe, koje zapovjedi Gospod Mojsiju za muža i ženu, za oca i kæer u mladosti njezinoj, dokle je u kuæi oca svojega.
১৬স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।

< Brojevi 30 >