< প্রকাশিতং 9 >

1 ততঃ পরং সপ্তমদূতেন তূর্য্যাং ৱাদিতাযাং গগনাৎ পৃথিৱ্যাং নিপতিত একস্তারকো মযা দৃষ্টঃ, তস্মৈ রসাতলকূপস্য কুঞ্জিকাদাযি| (Abyssos g12)
তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos g12)
2 তেন রসাতলকূপে মুক্তে মহাগ্নিকুণ্ডস্য ধূম ইৱ ধূমস্তস্মাৎ কূপাদ্ উদ্গতঃ| তস্মাৎ কূপধূমাৎ সূর্য্যাকাশৌ তিমিরাৱৃতৌ| (Abyssos g12)
তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos g12)
3 তস্মাদ্ ধূমাৎ পতঙ্গেষু পৃথিৱ্যাং নির্গতেষু নরলোকস্থৱৃশ্চিকৱৎ বলং তেভ্যোঽদাযি|
সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
4 অপরং পৃথিৱ্যাস্তৃণানি হরিদ্ৱর্ণশাকাদযো ৱৃক্ষাশ্চ তৈ র্ন সিংহিতৱ্যাঃ কিন্তু যেষাং ভালেষ্ৱীশ্ৱরস্য মুদ্রাযা অঙ্কো নাস্তি কেৱলং তে মানৱাস্তৈ র্হিংসিতৱ্যা ইদং ত আদিষ্টাঃ|
আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
5 পরন্তু তেষাং বধায নহি কেৱলং পঞ্চ মাসান্ যাৱৎ যাতনাদানায তেভ্যঃ সামর্থ্যমদাযি| ৱৃশ্চিকেন দষ্টস্য মানৱস্য যাদৃশী যাতনা জাযতে তৈরপি তাদৃশী যাতনা প্রদীযতে|
সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
6 তস্মিন্ সমযে মানৱা মৃত্যুং মৃগযিষ্যন্তে কিন্তু প্রাপ্তুং ন শক্ষ্যন্তি, তে প্রাণান্ ত্যক্তুম্ অভিলষিষ্যন্তি কিন্তু মৃত্যুস্তেভ্যো দূরং পলাযিষ্যতে|
সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
7 তেষাং পতঙ্গানাম্ আকারো যুদ্ধার্থং সুসজ্জিতানাম্ অশ্ৱানাম্ আকারস্য তুল্যঃ, তেষাং শিরঃসু সুৱর্ণকিরীটানীৱ কিরীটানি ৱিদ্যন্তে, মুখমণ্ডলানি চ মানুষিকমুখতুল্যানি,
সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
8 কেশাশ্চ যোষিতাং কেশানাং সদৃশাঃ, দন্তাশ্চ সিংহদন্ততুল্যাঃ,
মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
9 লৌহকৱচৱৎ তেষাং কৱচানি সন্তি, তেষাং পক্ষাণাং শব্দো রণায ধাৱতামশ্ৱরথানাং সমূহস্য শব্দতুল্যঃ|
লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
10 ১০ ৱৃশ্চিকানামিৱ তেষাং লাঙ্গূলানি সন্তি, তেষু লাঙ্গূলেষু কণ্টকানি ৱিদ্যন্তে, অপরং পঞ্চ মাসান্ যাৱৎ মানৱানাং হিংসনায তে সামর্থ্যপ্রাপ্তাঃ|
১০কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
11 ১১ তেষাং রাজা চ রসাতলস্য দূতস্তস্য নাম ইব্রীযভাষযা অবদ্দোন্ যূনানীযভাষযা চ অপল্লুযোন্ অর্থতো ৱিনাশক ইতি| (Abyssos g12)
১১অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos g12)
12 ১২ প্রথমঃ সন্তাপো গতৱান্ পশ্য ইতঃ পরমপি দ্ৱাভ্যাং সন্তাপাভ্যাম্ উপস্থাতৱ্যং|
১২এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
13 ১৩ ততঃ পরং ষষ্ঠদূতেন তূর্য্যাং ৱাদিতাযাম্ ঈশ্ৱরস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যাশ্চতুশ্চূডাতঃ কস্যচিদ্ রৱো মযাশ্রাৱি|
১৩পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
14 ১৪ স তূরীধারিণং ষষ্ঠদূতম্ অৱদৎ, ফরাতাখ্যে মহানদে যে চৎৱারো দূতা বদ্ধাঃ সন্তি তান্ মোচয|
১৪তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
15 ১৫ ততস্তদ্দণ্ডস্য তদ্দিনস্য তন্মাসস্য তদ্ৱৎসরস্য চ কৃতে নিরূপিতাস্তে চৎৱারো দূতা মানৱানাং তৃতীযাংশস্য বধার্থং মোচিতাঃ|
১৫তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
16 ১৬ অপরম্ অশ্ৱারোহিসৈন্যানাং সংখ্যা মযাশ্রাৱি, তে ৱিংশতিকোটয আসন্|
১৬আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
17 ১৭ মযা যে ঽশ্ৱা অশ্ৱারোহিণশ্চ দৃষ্টাস্ত এতাদৃশাঃ, তেষাং ৱহ্নিস্ৱরূপাণি নীলপ্রস্তরস্ৱরূপাণি গন্ধকস্ৱরূপাণি চ ৱর্ম্মাণ্যাসন্, ৱাজিনাঞ্চ সিংহমূর্দ্ধসদৃশা মূর্দ্ধানঃ, তেষাং মুখেভ্যো ৱহ্নিধূমগন্ধকা নির্গচ্ছন্তি|
১৭আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
18 ১৮ এতৈস্ত্রিভি র্দণ্ডৈরর্থতস্তেষাং মুখেভ্যো নির্গচ্ছদ্ভি র্ৱহ্নিধূমগন্ধকৈ র্মানুষাণাং তুতীযাংশো ঽঘানি|
১৮সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
19 ১৯ তেষাং ৱাজিনাং বলং মুখেষু লাঙ্গূলেষু চ স্থিতং, যতস্তেষাং লাঙ্গূলানি সর্পাকারাণি মস্তকৱিশিষ্টানি চ তৈরেৱ তে হিংসন্তি|
১৯কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
20 ২০ অপরম্ অৱশিষ্টা যে মানৱা তৈ র্দণ্ডৈ র্ন হতাস্তে যথা দৃষ্টিশ্রৱণগমনশক্তিহীনান্ স্ৱর্ণরৌপ্যপিত্তলপ্রস্তরকাষ্ঠমযান্ ৱিগ্রহান্ ভূতাংশ্চ ন পূজযিষ্যন্তি তথা স্ৱহস্তানাং ক্রিযাভ্যঃ স্ৱমনাংসি ন পরাৱর্ত্তিতৱন্তঃ
২০এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
21 ২১ স্ৱবধকুহকৱ্যভিচারচৌর্য্যোভ্যো ঽপি মনাংসি ন পরাৱর্ত্তিতৱন্তঃ|
২১তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।

< প্রকাশিতং 9 >