< I Samuela 24 >

1 A gdy Saul wrócił z pościgu za Filistynami, doniesiono mu: Oto Dawid przebywa na pustyni En-Gedi.
পলেষ্টীয়াসকলৰ পিছে পিছে যোৱাৰ পৰা উভটি আহি চৌলে ক’লে, “দায়ুদ মৰুপ্ৰান্তৰ অয়িন-গদীৰত আছে।”
2 Saul wziął więc trzy tysiące doborowych mężczyzn spośród całego Izraela i wyruszył na poszukiwanie Dawida i jego ludzi po skałach dzikich kóz.
তেতিয়া চৌলে ইস্ৰায়েলসকলৰ পৰা তিনি হাজাৰ মনোনীত লোক লৈ, অয়িন-গদীৰলৈ গৈ দায়ুদ আৰু তেওঁৰ লোকসকলক বিচাৰিলে।
3 I przybył do owczych zagród przy drodze, gdzie była jaskinia. Wszedł do niej Saul, by zakryć sobie nogi. Dawid zaś i jego ludzie siedzieli w głębi jaskini.
তেওঁ বাটৰ মাজত মেৰ-ছাগ ৰখা ঠাই পালে, য’ত এটা গুহা আছিল। চৌলে বিশ্ৰাম লবলৈ ভিতৰলৈ সোমালে। কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল সেই গুহাৰ অন্তৰ ভাগত বহি আছিল।
4 Ludzie Dawida powiedzieli do niego: Oto dzień, o którym PAN ci powiedział: Oto wydam twego wroga w twoje ręce, abyś z nim uczynił to, co wyda ci się słuszne. Dawid wstał więc i po cichu odciął skraj płaszcza Saula.
দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে।
5 Potem jednak serce Dawida zadrżało z tego powodu, że odciął skraj płaszcza Saula.
তাৰ পাছত দায়ূদৰ হৃদয় ব্যাকুল হ’ল কাৰণ তেওঁ চৌলৰ চোলাৰ এডোখৰ কাটি লৈছিল।
6 I zwrócił się do swoich ludzi: Nie daj Boże, żebym miał to uczynić memu panu, pomazańcowi PANA, bym miał wyciągnąć swoją rękę na niego, ponieważ jest pomazańcem PANA.
তেওঁ তেওঁৰ লোকসকলক ক’লে, “যিহোৱাৰ অভিষিক্ত মোৰ প্ৰভুলৈ এনে কাম কৰিবলৈ, তেওঁৰ বিৰুদ্ধে হাত দাঙিবলৈ যিহোৱাই মোক নিষেধ কৰক; কিয়নো তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”
7 Tymi słowami Dawid powstrzymał swych ludzi i nie pozwolił im powstać przeciw Saulowi. Saul zaś wyszedł z jaskini i poszedł swoją drogą.
এই কথাৰে দায়ূদে তেওঁৰ লোকসকলক চৌলৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ বাধা দিলে। তাৰ পাছত চৌল গুহাৰ পৰা ওলাই নিজ বাটেদি গুচি গ’ল।
8 Potem Dawid również wstał, wyszedł z jaskini i zawołał za Saulem: Mój panie, królu! Kiedy Saul obejrzał się za siebie, Dawid schylił się twarzą ku ziemi i pokłonił się.
দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে।
9 Następnie Dawid powiedział do Saula: Dlaczego słuchasz opowieści ludzi, którzy mówią: Oto Dawid pragnie twojej zguby?
দায়ূদে চৌলক ক’লে, “চাওক, দায়ূদে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি লোকসকলে কোৱা কথা আপুনি কিয় শুনে?
10 Oto dziś twoje oczy widzą, że PAN wydał cię w jaskini w moje ręce. I namawiano [mnie], bym cię zabił, lecz oszczędziłem cię i powiedziałem: Nie wyciągnę swojej ręki na mego pana, bo jest pomazańcem PANA.
১০আপুনি আজি নিজ চকুৰে দেখিছে যে, আজি এই গুহাৰ ভিতৰত যিহোৱাই আপোনাক মোৰ হাতত সমৰ্পণ কৰিছিল। কিছুমান লোকে মোক আপোনাক বধ কৰিবলৈ কৈছিল কিন্তু মই আপোনালৈ কৃপাদৃষ্টি কৰিলোঁ।” মই ক’লোঁ, “মই নিজ প্ৰভুৰ বিৰুদ্ধে মোৰ হাত নাদাঙিম; কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”
11 Zobacz, mój ojcze, zobacz skraj swego płaszcza w mojej ręce. Odcinając ci bowiem skraj twego płaszcza, nie zabiłem cię. Wiedz i zobacz, że nie ma w mojej ręce złości ani nieprawości, ani też nie zgrzeszyłem przeciwko tobie. A ty czyhasz na moje życie, by [mi] je odebrać.
১১চাওক, মোৰ পিতৃ, এইয়া মোৰ হাতত আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ আছে। মই আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লোঁ, তথাপি আপোনাক বধ নকৰিলোঁ; আপুনি বিবেচনা কৰি চাওক যে, মই আপোনাৰ বিৰুদ্ধে দুষ্কৰ্ম বা বিশ্ৱাস ঘাতক কৰা নাই, আৰু মই আপোনাৰ বিৰুদ্ধে কোনো পাপ কৰা নাই; তথাপি আপুনি মোৰ প্ৰাণ ল’বৰ কাৰণে বিচাৰি ফুৰিছে।
12 Niech PAN rozsądzi między mną a tobą i niech PAN za mnie zemści się na tobie. Lecz nie podniosę swojej ręki na ciebie.
১২যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
13 Jak mówi starodawne przysłowie: Od niegodziwych pochodzi niegodziwość, ale nie podniosę swojej ręki na ciebie.
১৩প্ৰাচীন লোকসকলে কথাতে কয়, ‘দুষ্টৰ পৰাই দুষ্টতা জন্মে।’ কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
14 Za kim wyruszył król Izraela? Kogo gonisz? Zdechłego psa? Jedną pchłę?
১৪ইস্ৰায়েলৰ ৰজা কাৰ পাছত বাহিৰলৈ ওলাই আহিছে? আপুনি নো কাৰ পাছত খেদি আহিছে? এটা মৰা কুকুৰৰ পাছত! এটা মাখিৰ পাছত!
15 Niech PAN będzie sędzią i niech rozsądzi między mną a tobą, niech zobaczy i ujmie się w mojej sprawie, i niech mnie wyzwoli z twojej ręki.
১৫এই হেতুকে যিহোৱা বিচাৰকৰ্ত্তা হৈ মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰক; তেওঁ দৃষ্টিপাত কৰি মোৰ বিবাদ নিস্পত্তি কৰক, আৰু আপোনাৰ হাতৰ পৰা মোক ৰক্ষা কৰক।
16 I kiedy Dawid przestał mówić te słowa do Saula, Saul zawołał: Czy to jest twój głos, synu mój, Dawidzie? I Saul podniósł swój głos, i zapłakał.
১৬দায়ূদে চৌলক এই সকলো কথা কৈ শেষ কৰাৰ পাছত, চৌলে সুধিলে, “হে মোৰ বোপা দায়ুদ, এয়ে জানো তোমাৰ মাত?” এই বুলি কৈ চৌলে বৰ মাতেৰে ক্ৰন্দন কৰিলে।
17 Potem powiedział do Dawida: Jesteś sprawiedliwszy ode mnie, bo oddałeś mi dobrem, a ja tobie oddałem złem.
১৭তেওঁ দায়ূদক ক’লে, “মোতকৈ তুমি ধাৰ্মিক; কাৰণ তুমি মোৰ মঙ্গল কৰিলা, কিন্তু মই তোমাক অমঙ্গল কৰিলোঁ।
18 Dziś pokazałeś, że świadczysz mi dobro. Choć bowiem PAN wydał mnie w twoje ręce, nie zabiłeś mnie.
১৮যিহোৱাই মোক তোমাৰ হাতত সমৰ্পণ কৰিলতো, তুমি মোক বধ কৰা নাই; ইয়াতে তুমি যে মোলৈ মঙ্গল ব্যৱহাৰ কৰিছা তাক আজি তুমি মোক দেখুৱালা।
19 Gdy ktoś spotka swego wroga, to czy wypuści go na dobrą drogę? Niech PAN odpłaci ci dobrem za to, co mi dziś uczyniłeś.
১৯কাৰণ মানুহে নিজ শত্ৰুক ল’গ পালে তেওঁক নিৰাপদে যাবলৈ দিব নে? সেয়ে আজি তুমি মোলৈ যি কৰিলা, তাৰ সলনি যিহোৱাই তোমাৰ মঙ্গল কৰক।
20 A teraz oto wiem, że z pewnością będziesz królem i że królestwo Izraela ostoi się w twojej ręce.
২০এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।”
21 Przysięgnij mi więc na PANA, że nie wytępisz mojego potomstwa po mnie i nie wytracisz mojego imienia z domu mego ojca.
২১সেয়ে তুমি মোৰ পাছত মোৰ বংশ উচ্ছন্ন নকৰিবলৈ, আৰু মোৰ পিতৃ বংশৰ পৰা মোৰ নামো লুপ্ত নকৰিবলৈ যিহোৱাৰ নামেৰে মোৰ আগত শপত খোৱা।
22 I Dawid przysiągł Saulowi. Potem Saul wrócił do swego domu, a Dawid i jego ludzie udali się do miejsca obronnego.
২২তাতে দায়ূদে চৌলৰ আগত শপত খালে। তাৰ পাছত চৌল নিজৰ ঘৰলৈ গ’ল, কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল দুৰ্গলৈ গ’ল।

< I Samuela 24 >