< دانیال 4 >

نِبوکَدنِصَّر پادشاه، این پیام را برای تمام قومهای دنیا که از نژادها و زبانهای گوناگون بودند، فرستاد: با درود فراوان! 1
পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!
می‌خواهم کارهای عجیبی را که خدای متعال در حق من کرده است برای شما بیان کنم. 2
সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।
کارهای او چقدر بزرگ و شگفت‌انگیز است. پادشاهی او جاودانی است و سلطنتش بی‌زوال! 3
তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”
من نِبوکَدنِصَّر در ناز و نعمت در قصر خود زندگی می‌کردم. 4
মই নবূখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ।
یک شب خوابی دیدم که مرا سخت به وحشت انداخت. 5
কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।
دستور دادم تمام حکیمان بابِل را احضار کنند تا خوابم را تعبیر نمایند. 6
সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞানসম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।
وقتی همهٔ منجمان، جادوگران، فالگیران و طالع‌بینان آمدند، من خوابم را برای ایشان تعریف کردم، اما آنها نتوانستند آن را تعبیر کنند. 7
তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।
سرانجام دانیال مردی که نام خدای من بلطشصر بر او گذاشته شده و روح خدایان مقدّس در اوست، به حضور من آمد و من خوابی را که دیده بودم برای او بازگو کرده، گفتم: 8
কিন্তু শেষত মোৰ দেৱতাৰ নাম অনুসাৰে যাৰ নাম বেলটচচৰ, আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে, সেই দানিয়েল মোৰ সন্মুখলৈ আহিল; আৰু মই তেওঁক মোৰ সপোন ক’লোঁ,
«ای بلطشصر، رئیس حکیمان، می‌دانم که روح خدایان مقدّس در توست و دانستن هیچ رازی برای تو مشکل نیست. به من بگو معنی این خوابی که دیده‌ام چیست: 9
“হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।
«درخت بسیار بلندی دیدم که در وسط زمین روییده بود. این درخت آنقدر بزرگ شد که سرش به آسمان رسید به طوری که همهٔ مردم دنیا می‌توانستند آن را ببینند. 10
১০মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ: পৃথিৱীৰ মাজত এজোপা গছ আছিল, আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল।
11
১১সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।
برگهایش تر و تازه و شاخه‌هایش پر بار بود و میوهٔ کافی برای همهٔ مردم داشت. جانوران صحرایی زیر سایه‌اش آرمیده و پرندگان در میان شاخه‌هایش پناه گرفته بودند و تمام مردم دنیا از میوه‌اش می‌خوردند. 12
১২তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।
«سپس، در خواب دیدم که فرشتهٔ مقدّسی از آسمان به زمین آمد 13
১৩মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে, এজন পবিত্ৰ বাৰ্ত্তাবাহক স্বৰ্গৰ পৰা নামি আহিল।
و با صدای بلند گفت: درخت را ببرید و شاخه‌هایش را قطع کنید، میوه و برگهایش را به زمین بریزید تا حیوانات از زیر آن و پرندگان از روی شاخه‌هایش بروند. 14
১৪তেওঁ চিঞৰী ক’লে, “গছজোপা কাটা, আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুঁচি পেলোৱা, আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।
ولی کندهٔ درخت و ریشه‌های آن را در زمین باقی بگذارید و آن را با زنجیر آهنی و مفرغین ببندید و در میان سبزه‌های صحرا رها کنید. بگذارید شبنم آسمان او را تر کند و با حیوانات صحرا علف بخورد! 15
১৫কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া; মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া।
بگذارید برای هفت سال عقل انسانی او به عقل حیوانی تبدیل شود! 16
১৬সাত বছৰলৈকে তেওঁৰ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক।
«این تصمیم به‌وسیلۀ فرشتگان مقدّس اعلام شده است تا مردم جهان بدانند که دنیا در تسلط خدای متعال است و او حکومت بر ممالک دنیا را به هر که اراده کند می‌بخشد، حتی به حقیرترین آدمیان! 17
১৭এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
«ای بلطشصر، این بود خوابی که دیدم. حال به من بگو تعبیرش چیست. تمام حکیمان مملکت من از تعبیر این خواب عاجز مانده‌اند، ولی تو می‌توانی آن را تعبیر کنی زیرا روح خدایان مقدّس در توست.» 18
১৮মই ৰজা নবূখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া হে বেলটচচৰ, আপুনি ইয়াৰ ফলিতা কওক; কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞানসম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক’ব পৰা নাই। আপুনি ক’ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে।”
آنگاه دانیال که به بلطشصر نیز معروف بود در فکر فرو رفت و مدتی مات و مبهوت ماند. سرانجام پادشاه به دانیال گفت: «بلطشصر، نترس؛ تعبیرش را بگو.» او جواب داد: «ای پادشاه، کاش آنچه در این خواب دیده‌ای برای دشمنانت اتفاق بیفتد، نه برای تو! 19
১৯তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।
آن درختی که دیدی بزرگ شد و سرش به آسمان رسید به طوری که تمام دنیا توانستند آن را ببینند، 20
২০আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু পৃথিৱীৰ সকলো প্রান্তৰ পৰা সেই গছজোপা দেখা গ’ল।
و برگهای تر و تازه و شاخه‌های پر بار و میوهٔ کافی برای همهٔ مردم داشت، و حیوانات صحرا زیر سایه‌اش آرمیده و پرندگان در میان شاخه‌هایش پناه گرفته بودند، 21
২১তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্রচুৰ পৰিমাণে আছিল, সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল, তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল, আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল।
ای پادشاه، آن درخت تویی، زیرا تو بسیار قوی و بزرگ شده‌ای و عظمت تو تا به آسمان و حکومت تو تا دورترین نقاط جهان رسیده است. 22
২২হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।
«سپس فرشتهٔ مقدّس را دیدی که از آسمان به زمین آمد و گفت:”درخت را ببرید و از بین ببرید، ولی کنده و ریشه‌های آن را در زمین باقی بگذارید و آن را با زنجیر آهنی و مفرغین ببندید و در میان سبزه‌های صحرا رها کنید. بگذارید با شبنم آسمان تر شود و هفت سال با حیوانات صحرا علف بخورد.“ 23
২৩মহাৰজা আপুনি দেখিছিল যে, এজন পবিত্ৰ বাৰ্ত্তাবহক স্বৰ্গৰ পৰা নামি আহিছিল, আৰু আপোনাক কৈছিল, “গছজোপা কাটি নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাক আকাশৰ নিয়ৰত তিতিব দিবা, আৰু সাত বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।”
«ای پادشاه آنچه در این خواب دیده‌ای چیزی است که خدای متعال برای تو مقرر داشته است. تعبیر خواب چنین است: 24
২৪হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্ব্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই।
تو از میان انسانها رانده خواهی شد و با حیوانات صحرا به سر خواهی برد و مانند گاو علف خواهی خورد و از شبنم آسمان تر خواهی شد. هفت سال به این ترتیب خواهد گذشت تا بدانی دنیا در تسلط خدای متعال است و او حکومت بر ممالک دنیا را به هر که اراده کند می‌بخشد. 25
২৫মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।
اما چون گفته شد کنده و ریشه‌ها در زمین باقی بماند، پس وقتی پی ببری که خدا بر زمین حکومت می‌کند، آنگاه دوباره بر تخت سلطنت خواهی نشست. 26
২৬কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।
پس، ای پادشاه، به نصیحت من گوش کن. از گناه کردن دست بردار و هر چه راست و درست است انجام بده و به رنجدیدگان احسان کن تا شاید در امان بمانی.» 27
২৭এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।
تمام این بلاها بر سر نِبوکَدنِصَّر پادشاه آمد. 28
২৮এই সকলো ৰজা নবূখদনেচৰত ঘটিলে।
دوازده ماه بعد از این خواب، یک روز هنگامی که بر پشت بام قصر خود در بابِل قدم می‌زد، 29
২৯বাৰ মাহৰ পাছত তেওঁ বাবিলৰ ৰাজ-গৃহত তেওঁ খোজ কাঢ়ি আছিল,
و در وصف بابِل گفت: «چه شهر بزرگ و زیبایی! من با قدرت خود این شهر را برای مقر سلطنتم بنا کردم تا شکوه و عظمت خود را به دنیا نشان دهم.» 30
৩০ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
سخنان او هنوز تمام نشده بود که صدایی از آسمان گفت: «ای نِبوکَدنِصَّر پادشاه، این پیام برای توست: قدرت سلطنت از تو گرفته می‌شود. 31
৩১ৰজাই এই কথা কৈ থাকোঁতেই, আকাশীবাণী হ’ল, হে ৰজা নবূখদনেচৰ তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে; এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব।
از میان انسانها رانده می‌شوی و با حیوانات صحرا به سر می‌بری و مانند گاو علف می‌خوری. هفت سال به این ترتیب می‌گذرد تا بدانی دنیا در تسلط خدای متعال است و او حکومت بر ممالک دنیا را به هر که اراده کند می‌بخشد.» 32
৩২মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
در همان ساعت این پیشگویی بر نبوکدنصر انجام شد. او از میان انسانها رانده شده، مانند گاو علف می‌خورد و بدنش با شبنم آسمان تر می‌شد. موهایش مثل پرهای عقاب دراز شد و ناخنهایش همچون چنگال پرندگان گردید. 33
৩৩এই আজ্ঞা সেই মুহূৰ্ত্ততে নবূখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিলে; তেওঁৰ চুলি ঈগল চৰাইৰ পাখিৰ দৰে দীঘল হ’ল, আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে বাঢ়িল।
در پایان هفت سال، من که نِبوکَدنِصَّر هستم وقتی سرم را بلند کردم و به آسمان چشم دوختم عقلم به من بازگشت. آنگاه خدای متعال را پرستش کردم و آن وجود ابدی را که سلطنت می‌کند و سلطنتش جاودانی است، ستایش نمودم. 34
৩৪সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
تمام مردم دنیا در برابر او هیچ شمرده می‌شوند. او در میان قدرتهای آسمانی و در بین آدمیان خاکی آنچه می‌خواهد می‌کند. هیچ‌کس نمی‌تواند مانع او شود و یا او را مورد بازخواست قرار دهد. 35
৩৫তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
وقتی عقلم به سرم بازگشت، شکوه و عظمت سلطنت خود را باز یافتم. مشاوران و امیرانم نزد من بازگشتند و من بر تخت سلطنت نشستم و عظمتم بیشتر از پیش شد. 36
৩৬সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল।
اکنون من، نِبوکَدنِصَّر، فرمانروای آسمانها را که تمام اعمالش درست و بر حق است حمد و سپاس می‌گویم و نام او را به بزرگی یاد می‌کنم. او قادر است آنانی را که متکبرند، پست و خوار سازد. 37
৩৭এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।

< دانیال 4 >