< غزل غزلها 7 >

در شولمیت چه می‌بینی؟ مثل محفل دولشکر. ۱ 1
প্রিয়ৰ কথা: হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
ناف تو مثل کاسه مدور است که شراب ممزوج در آن کم نباشد. بر تو توده گندم است که سوسنها آن را احاطه کرده باشد. ۲ 2
তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।
دو پستان تومثل دو بچه توام غزال است. ۳ 3
তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি।
گردن تو مثل برج عاج و چشمانت مثل برکه های حشبون نزددروازه بیت ربیم. بینی تو مثل برج لبنان است که بسوی دمشق مشرف می‌باشد. ۴ 4
হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।
سرت بر تو مثل کرمل و موی سرت مانند ارغوان است. و پادشاه در طره هایش اسیر می‌باشد. ۵ 5
তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
‌ای محبوبه، چه بسیار زیبا و چه بسیار شیرین به‌سبب لذتهاهستی. ۶ 6
হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
این قامت تو مانند درخت خرما وپستانهایت مثل خوشه های انگور می‌باشد. ۷ 7
তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
گفتم که به درخت خرما برآمده، شاخه هایش راخواهم گرفت. و پستانهایت مثل خوشه های انگور و بوی نفس تو مثل سیبها باشد. ۸ 8
মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
و دهان تومانند شراب بهترین برای محبوبم که به ملایمت فرو رود و لبهای خفتگان را متکلم سازد. ۹ 9
তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
من از آن محبوب خود هستم و اشتیاق وی بر من است. ۱۰ 10
১০প্রিয়াৰ কথা: মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
بیا‌ای محبوب من به صحرا بیرون برویم، و در دهات ساکن شویم. ۱۱ 11
১১হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।
و صبح زود به تاکستانها برویم و ببینیم که آیا انگور گل کرده وگلهایش گشوده و انارها گل داده باشد. در آنجامحبت خود را به تو خواهم داد. ۱۲ 12
১২ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।
مهر گیاههابوی خود را می‌دهد و نزد درهای ما هر قسم میوه نفیس تازه و کهنه هست که آنها را برای تو‌ای محبوب من جمع کرده‌ام. ۱۳ 13
১৩দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।

< غزل غزلها 7 >