< نحمیا 6 >

بازسازی حصار و چون سنبلط و طوبیا و جشم عربی و سایر دشمنان ما شنیدند که حصار را بناکرده‌ام و هیچ رخنه‌ای در آن باقی نمانده است، باآنکه درهای دروازه هایش را هنوز برپا ننموده بودم، ۱ 1
চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
سنبلط و جشم نزد من فرستاده، گفتند: «بیاتا در یکی از دهات بیابان اونو ملاقات کنیم.» اماایشان قصد ضرر من داشتند. ۲ 2
তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
پس قاصدان نزد ایشان فرستاده گفتم: «من درمهم عظیمی مشغولم و نمی توانم فرود آیم، چراکار حینی که من آن را ترک کرده، نزد شما فرودآیم به تعویق افتد.» ۳ 3
মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
و ایشان چهار دفعه مثل این پیغام به من فرستادند و من مثل این جواب به ایشان پس فرستادم. ۴ 4
তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
پس سنبلط دفعه پنجم خادم خود رابه همین طور نزد من فرستاد و مکتوبی گشوده دردستش بود، ۵ 5
পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
که در آن مرقوم بود: «در میان امت‌ها شهرت یافته است و جشم این را می‌گویدکه تو و یهود قصد فتنه انگیزی دارید و برای همین حصار را بنا می‌کنی و تو بروفق این کلام، می‌خواهی که پادشاه ایشان بشوی. ۶ 6
তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
و انبیا نیزتعیین نموده تا درباره تو در اورشلیم ندا کرده گویند که در یهودا پادشاهی است. و حال بروفق این کلام، خبر به پادشاه خواهد رسید. پس بیا تا باهم مشورت نماییم.» ۷ 7
আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
آنگاه نزد او فرستاده گفتم: «مثل این کلام که تو می‌گویی واقع نشده است، بلکه آن را از دل خود ابداع نموده‌ای.» ۸ 8
তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
زیرا جمیع ایشان خواستند ما را بترسانند، به این قصد که دستهای ما را از کار باز دارند تا کرده نشود. پس حال‌ای خدا دستهای مرا قوی ساز. ۹ 9
তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
و به خانه شمعیا ابن دلایا ابن مهیطبئیل رفتم و او در را بر خود بسته بود، پس گفت: «در خانه خدا در هیکل جمع شویم و درهای هیکل راببندیم زیرا که به قصد کشتن تو خواهند آمد. شبانگاه برای کشتن تو خواهند آمد.» ۱۰ 10
১০মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
من گفتم: «آیا مردی چون من فرار بکند؟ وکیست مثل من که داخل هیکل بشود تا جان خودرا زنده نگاه دارد؟ من نخواهم آمد.» ۱۱ 11
১১মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
زیرا درک کردم که خدا او را هرگز نفرستاده است بلکه خودش به ضد من نبوت می‌کند و طوبیا و سنبلطاو را اجیر ساخته‌اند. ۱۲ 12
১২মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
و از این جهت او را اجیرکرده‌اند تا من بترسم و به اینطور عمل نموده، گناه ورزم و ایشان خبر بد پیدا نمایند که مرا مفتضح سازند. ۱۳ 13
১৩মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
‌ای خدایم، طوبیا و سنبلط را موافق این اعمال ایشان و همچنین نوعدیه نبیه و سایر انبیا راکه می‌خواهند مرا بترسانند، به یاد آور. ۱۴ 14
১৪হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
پس حصار در بیست و پنجم ماه ایلول درپنجاه و دو روز به اتمام رسید. ۱۵ 15
১৫ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
و واقع شد که چون جمیع دشمنان ما این را شنیدند و همه امت هایی که مجاور ما بودند، این را دیدند، درنظر خود بسیار پست شدند و دانستند که این کاراز جانب خدای ما معمول شده است. ۱۶ 16
১৬আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
و در آن روزها نیز بسیاری از بزرگان یهودا مکتوبات نزد طوبیا می‌فرستادند و مکتوبات طوبیا نزد ایشان می‌رسید، ۱۷ 17
১৭সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
زیرا که بسا از اهل یهودا با اوهمداستان شده بودند، چونکه او داماد شکنیا ابن آره بود و پسرش یهوحانان، دختر مشلام بن برکیارا به زنی گرفته بود، ۱۸ 18
১৮তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
و درباره حسنات او به حضور من نیز گفتگو می‌کردند و سخنان مرا به اومی رسانیدند. و طوبیا مکتوبات می‌فرستاد تا مرابترساند. ۱۹ 19
১৯তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।

< نحمیا 6 >