< داوران 19 >

و در آن ایام که پادشاهی در اسرائیل نبود، مرد لاوی در پشت کوهستان افرایم ساکن بود، و کنیزی از بیت لحم یهودا ازبرای خود گرفته بود. ۱ 1
যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;
و کنیزش بر او زنا کرده، ازنزد او به خانه پدرش در بیت لحم یهودا رفت، ودر آنجا مدت چهار ماه بماند. ۲ 2
পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।
و شوهرش برخاسته، از عقب او رفت تا دلش را برگردانیده، پیش خود باز آورد، و غلامی با دو الاغ همراه اوبود، و آن زن او را به خانه پدر خود برد. و چون پدر کنیز او را دید، از ملاقاتش شاد شد. ۳ 3
পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
و پدرزنش، یعنی پدر کنیز او را نگاه داشت. پس سه روز نزد وی توقف نمود و اکل و شرب نموده، آنجا بسر بردند. ۴ 4
সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল।
و در روز چهارم چون صبح زود بیدار شدند او برخاست تا روانه شود، اما پدرکنیز به داماد خود گفت که دل خود را به لقمه‌ای نان تقویت ده، و بعد از آن روانه شوید. ۵ 5
পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”
پس هردو با هم نشسته، خوردند و نوشیدند. و پدر کنیزبه آن مرد گفت: «موافقت کرده، امشب را بمان ودلت شاد باشد.» ۶ 6
তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”
و چون آن مرد برخاست تا روانه شود، پدرزنش او را الحاح نمود و شب دیگر در آنجا ماند. ۷ 7
তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল।
و در روز پنجم صبح زود برخاست تا روانه شود، پدر کنیز گفت: «دل خود را تقویت نما و تازوال روز تاخیر نمایید.» و ایشان هردو خوردند. ۸ 8
পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে।
و چون آن شخص با کنیز و غلام خود برخاست تا روانه شود، پدر زنش یعنی پدر کنیز او را گفت: «الان روز نزدیک به غروب می‌شود، شب رابمانید اینک روز تمام می‌شود، در اینجا شب رابمان و دلت شاد باشد و فردا بامدادان روانه خواهید شد و به خیمه خود خواهی رسید.» ۹ 9
পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”
اما آن مرد قبول نکرد که شب را بماند، پس برخاسته، روانه شد و به مقابل یبوس که اورشلیم باشد، رسید، و دو الاغ پالان شده و کنیزش همراه وی بود. ۱۰ 10
১০কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।
و چون ایشان نزد یبوس رسیدند، نزدیک به غروب بود. غلام به آقای خود گفت: «بیا و به این شهر یبوسیان برگشته، شب را در آن بسر بریم.» ۱۱ 11
১১তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”
آقایش وی را گفت: «به شهر غریب که احدی از بنی‌اسرائیل در آن نباشدبرنمی گردیم بلکه به جبعه بگذریم.» ۱۲ 12
১২কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”
و به غلام خود گفت: «بیا و به یکی از این‌جاها، یعنی به جبعه یا رامه نزدیک بشویم و در آن شب رابمانیم.» ۱۳ 13
১৩তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”
پس از آنجا گذشته، برفتند و نزد جبعه که از آن بنیامین است، آفتاب بر ایشان غروب کرد. ۱۴ 14
১৪এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল।
پس به آن طرف برگشتند تا به جبعه داخل شده، شب را در آن بسر برند. و او درآمد در کوچه شهر نشست، اما کسی نبود که ایشان را به خانه خود ببرد و منزل دهد. ۱۵ 15
১৫তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে।
و اینک مردی پیر در شب از کار خود ازمزرعه می‌آمد، و این شخص از کوهستان افرایم بوده، در جبعه ماوا گزیده بود، اما مردمان آن مکان بنیامینی بودند. ۱۶ 16
১৬সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।
و او نظر انداخته، شخص مسافری را در کوچه شهر دید، و آن مرد پیر گفت: «کجا می‌روی و از کجا می‌آیی؟» ۱۷ 17
১৭সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?”
او وی را گفت: «ما از بیت لحم یهودا به آن طرف کوهستان افرایم می‌رویم، زیرا از آنجا هستم و به بیت لحم یهودا رفته بودم، و الان عازم خانه خداوند هستم، و هیچ‌کس مرا به خانه خود نمی پذیرد، ۱۸ 18
১৮তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহলৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই।
و نیزکاه و علف به جهت الاغهای ما هست، و نان وشراب هم برای من و کنیز تو و غلامی که همراه بندگانت است، می‌باشد و احتیاج به چیزی نیست.» ۱۹ 19
১৯আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”
آن مرد پیر گفت: «سلامتی بر تو باد، تمامی حاجات تو بر من است، اما شب را درکوچه بسر مبر.» ۲۰ 20
২০তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়ীত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।”
پس او را به خانه خود برده، به الاغها خوراک داد و پایهای خود را شسته، خوردند و نوشیدند. ۲۱ 21
২১পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে।
و چون دلهای خود را شاد می‌کردند، اینک مردمان شهر، یعنی بعضی اشخاص بنی بلیعال خانه را احاطه کردند، و در را زده، به آن مرد پیرصاحب‌خانه خطاب کرده، گفتند: «آن مرد را که به خانه تو داخل شده است بیرون بیاور تا او رابشناسیم.» ۲۲ 22
২২এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”
و آن مرد صاحب‌خانه نزد ایشان بیرون آمده، به ایشان گفت: «نی‌ای برادرانم شرارت مورزید، چونکه این مرد به خانه من داخل شده است، این عمل زشت را منمایید. ۲۳ 23
২৩তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা।
اینک دختر باکره من و کنیز این مرد، ایشان را نزد شمابیرون می‌آورم. ایشان را ذلیل ساخته، آنچه درنظر شما پسند آید به ایشان بکنید. لیکن با این مرداین کار زشت را مکنید.» ۲۴ 24
২৪চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।”
اما آن مردمان نخواستند که او را بشنوند. پس آن شخص کنیزخود را گرفته، نزد ایشان بیرون آورد و او راشناختند و تمامی شب تا صبح او را بی‌عصمت می‌کردند، و در طلوع فجر او را رها کردند. ۲۵ 25
২৫তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল।
وآن زن در سپیده صبح آمده، به در خانه آن شخص که آقایش در آن بود، افتاد تا روشن شد. ۲۶ 26
২৬পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল।
و در وقت صبح آقایش برخاسته، بیرون آمد تا به راه خود برود و اینک کنیزش نزد در خانه افتاده، و دستهایش بر آستانه بود. ۲۷ 27
২৭পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে।
و او وی راگفت: «برخیز تا برویم.» اما کسی جواب نداد، پس آن مرد او را بر الاغ خود گذاشت و برخاسته، به مکان خود رفت. ۲۸ 28
২৮তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল।
و چون به خانه خود رسید، کاردی برداشت و کنیز خود را گرفته، اعضای اورا به دوازده قطعه تقسیم کرد، و آنها را در تمامی حدود اسرائیل فرستاد. ۲۹ 29
২৯যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।
و هر‌که این را دیدگفت: «از روزی که بنی‌اسرائیل از مصر بیرون آمده‌اند تا امروز عمل مثل این کرده و دیده ونشده است. پس در آن تامل کنید و مشورت کرده، حکم نمایید.» ۳۰ 30
৩০যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”

< داوران 19 >