< ایّوب 23 >

پس ایوب در جواب گفت: ۱ 1
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
«امروز نیز شکایت من تلخ است، وضرب من از ناله من سنگینتر. ۲ 2
এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
کاش می‌دانستم که او را کجا یابم، تا آنکه نزد کرسی او بیایم. ۳ 3
অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
آنگاه دعوی خود را به حضور وی ترتیب می‌دادم، ودهان خود را از حجت‌ها پر می‌ساختم. ۴ 4
তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
سخنانی را که در جواب من می‌گفت می‌دانستم، و آنچه راکه به من می‌گفت می‌فهمیدم. ۵ 5
তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
آیا به عظمت قوت خود با من مخاصمه می‌نمود؟ حاشا! بلکه به من التفات می‌کرد. ۶ 6
তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
آنگاه مرد راست با اومحاجه می‌نمود و از داور خود تا به ابد نجات می‌یافتم. ۷ 7
তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
اینک به طرف مشرق می‌روم و اویافت نمی شود و به طرف مغرب و او را نمی بینم. ۸ 8
চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।
به طرف شمال جایی که او عمل می‌کند، و او رامشاهده نمی کنم. و او خود را به طرف جنوب می‌پوشاند و او را نمی بینم، ۹ 9
তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
زیرا او طریقی راکه می‌روم می‌داند و چون مرا می‌آزماید، مثل طلابیرون می‌آیم. ۱۰ 10
১০কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
پایم اثر اقدام او را گرفته است وطریق او را نگاه داشته، از آن تجاوز نمی کنم. ۱۱ 11
১১মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
از فرمان لبهای وی برنگشتم و سخنان دهان اورا زیاده از رزق خود ذخیره کردم. ۱۲ 12
১২তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
لیکن اوواحد است و کیست که او را برگرداند؟ و آنچه دل او می‌خواهد، به عمل می‌آورد. ۱۳ 13
১৩কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
زیرا آنچه را که بر من مقدر شده است بجا می‌آورد، و چیزهای بسیار مثل این نزد وی است. ۱۴ 14
১৪মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
از این جهت ازحضور او هراسان هستم، و چون تفکر می‌نمایم از او می‌ترسم، ۱۵ 15
১৫এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
زیرا خدا دل مرا ضعیف کرده است، و قادرمطلق مرا هراسان گردانیده. ۱۶ 16
১৬কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
چونکه پیش از تاریکی منقطع نشدم، و ظلمت غلیظ را از نزد من نپوشانید. ۱۷ 17
১৭কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।

< ایّوب 23 >