< ارمیا 24 >

و بعد از آنکه نبوکدرصر پادشاه بابل یکنیا ابن یهویاقیم پادشاه یهودا را باروسای یهودا و صنعتگران و آهنگران ازاورشلیم اسیر نموده، به بابل برد، خداوند دو سبدانجیر را که پیش هیکل خداوند گذاشته شده بودبه من نشان داد ۱ 1
যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবূখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।
که در سبد اول، انجیر بسیار نیکومثل انجیر نوبر بود و در سبد دیگر انجیر بسیار بدبود که چنان زشت بود که نمی شود خورد. ۲ 2
এটা পাচিত প্ৰথমে পকা ডিমৰু গুটিৰ নিচিনা অতি উত্তম ডিমৰু গুটি আছিল, আৰু আন পাচিত বেয়াৰ বাবে খাব নোৱাৰা অতি বেয়া ডিমৰু গুটি আছিল।
وخداوند مرا گفت: «ای ارمیا چه می‌بینی؟» گفتم: «انجیر. اما انجیرهای نیکو، بسیار نیکو است وانجیرهای بد بسیار بد است که از بدی آن رانمی توان خورد.» ۳ 3
তেতিয়া যিহোৱাই মোক সুধিলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “ডিমৰু গুটি; তাৰ মাজত ভাল অতি উত্তম, আৰু বেয়া ইমান বেয়া, যে, বেয়াৰ নিমিত্তে খাব নোৱাৰে।
و کلام خداوند به من نازل شده، گفت: ۴ 4
পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল:
«یهوه خدای اسرائیل چنین می‌گوید: مثل این انجیرهای خوب همچنان اسیران یهودا را که ایشان را از اینجا به زمین کلدانیان برای نیکویی فرستادم منظور خواهم داشت. ۵ 5
বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম।
و چشمان خودرا بر ایشان به نیکویی خواهم‌انداخت و ایشان را به این زمین باز خواهم آورد و ایشان را بنا کرده، منهدم نخواهم ساخت و غرس نموده، ریشه ایشان را نخواهم کند. ۶ 6
কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।
و دلی به ایشان خواهم بخشید تا مرا بشناسند که من یهوه هستم و ایشان قوم من خواهند بود و من خدای ایشان خواهم بود، زیرا که به تمامی دل بسوی من بازگشت خواهند نمود.» ۷ 7
আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
خداوند چنین می‌گوید: «مثل انجیرهای بدکه چنان بد است که نمی توان خورد، البته همچنان صدقیا پادشاه یهودا و روسای او و بقیه اورشلیم را که در این زمین باقی‌مانده‌اند و آنانی راکه در مصر ساکن‌اند تسلیم خواهم نمود. ۸ 8
আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।
وایشان را در تمامی ممالک زمین مایه تشویش وبلا و در تمامی مکان هایی که ایشان را رانده‌ام عارو ضرب‌المثل و مسخره و لعنت خواهم ساخت. ۹ 9
এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
و در میان ایشان شمشیر و قحط و وبا خواهم فرستاد تا از زمینی که به ایشان و به پدران ایشان داده‌ام نابود شوند.» ۱۰ 10
১০আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোক উচ্ছন্ন নোহোৱালৈকে, তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠাই থাকিম।

< ارمیا 24 >