< اشعیا 45 >

خداوند به مسیح خویش یعنی به کورش که دست راست او را گرفتم تا به حضور وی امت‌ها را مغلوب سازم و کمرهای پادشاهان را بگشایم تا درها را به حضور وی مفتوح نمایم و دروازه‌ها دیگر بسته نشود چنین می‌گوید ۱ 1
যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
که «من پیش روی تو خواهم خرامید وجایهای ناهموار را هموار خواهم ساخت. ودرهای برنجین را شکسته، پشت بندهای آهنین راخواهم برید. ۲ 2
মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
و گنجهای ظلمت و خزاین مخفی را به تو خواهم بخشید تا بدانی که من یهوه که تو رابه اسمت خوانده‌ام خدای اسرائیل می‌باشم. ۳ 3
মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
به‌خاطر بنده خود یعقوب و برگزیده خویش اسرائیل، هنگامی که مرا نشناختی تو را به اسمت خواندم و ملقب ساختم. ۴ 4
মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীত ইস্ৰায়েলৰ বাবে, যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলোঁ আৰু সন্মানীয় উপাধি দিলোঁ।
من یهوه هستم ودیگری نیست و غیر از من خدایی نی. من کمر تورا بستم هنگامی که مرا نشناختی. ۵ 5
ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
تا از مشرق آفتاب و مغرب آن بدانند که سوای من احدی نیست. من یهوه هستم و دیگری نی. ۶ 6
সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই।
پدیدآورنده نور و آفریننده ظلمت. صانع سلامتی وآفریننده بدی. من یهوه صانع همه این چیزها هستم. ۷ 7
মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
‌ای آسمانها از بالا ببارانید تا افلاک عدالت را فرو ریزد و زمین بشکافد تا نجات وعدالت نمو کنند و آنها را با هم برویاند زیرا که من یهوه این را آفریده‌ام. ۸ 8
হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।
وای برکسی‌که با صانع خود چون سفالی با سفالهای زمین مخاصمه نماید. آیا کوزه به کوزه‌گر بگوید چه چیز راساختی؟ یا مصنوع تو درباره تو بگوید که اودست ندارد؟ ۹ 9
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
وای بر کسی‌که به پدر خودگوید: چه چیز را تولید نمودی و به زن که چه زاییدی. ۱۰ 10
১০‘আপুনি জন্মদাতা ৰূপে কি কৰিছে?’ এই বুলি যি জনে পিতৃক, বা ‘আপুনি কি জন্ম দিছে?’ এই বুলি মহিলাক কয়, তেওঁৰ সন্তাপ হ’ব।
خداوند که قدوس اسرائیل و صانع آن می‌باشد چنین می‌گوید: درباره امور آینده ازمن سوال نمایید و پسران مرا و اعمال دستهای مرابه من تفویض نمایید. ۱۱ 11
১১ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, নিৰ্মাণকৰ্ত্তা যিহোৱাই এই কথা কৈছে: আগলৈ হ’ব লগা ঘটনাৰ বিষয়ে, আৰু মোৰ সন্তান সকলৰ বিষয়ে মোক প্রশ্ন কৰিছানে? মোৰ হাতৰ কাৰ্যৰ বিষয়ে কি কৰিম তোমালোকে মোক কৈছানে?’
من زمین را ساختم وانسان را بر آن آفریدم. دستهای من آسمانها راگسترانید و من تمامی لشکرهای آنها را امرفرمودم. ۱۲ 12
১২মইয়ে পৃথিৱী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
من او را به عدالت برانگیختم و تمامی راههایش را راست خواهم ساخت. شهر مرا بناکرده، اسیرانم را آزاد خواهد نمود، اما نه برای قیمت و نه برای هدیه. یهوه صبایوت این رامی گوید.» ۱۳ 13
১৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”
خداوند چنین می‌گوید: «حاصل مصر وتجارت حبش و اهل سبا که مردان بلند قدمی باشند نزد تو عبور نموده، از آن تو خواهندبود. و تابع تو شده در زنجیرها خواهند آمد وپیش تو خم شده و نزد تو التماس نموده، خواهندگفت: البته خدا در تو است و دیگری نیست وخدایی نی.» ۱۴ 14
১৪যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কুচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব। তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰাৰ্থনা কৰিব, ‘নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
‌ای خدای اسرائیل و نجات‌دهنده یقین خدایی هستی که خود را پنهان می‌کنی. ۱۵ 15
১৫হে ইস্ৰায়েলৰ ঈশ্বৰ, ত্ৰাণকৰ্ত্তা, নিশ্চয়ে আপুনি নিজকে গোপন ৰাখোঁতা ঈশ্বৰ।
جمیع ایشان خجل و رسوا خواهندشد و آنانی که بتها می‌سازند با هم به رسوایی خواهند رفت. ۱۶ 16
১৬মুৰ্ত্তি সাজোঁতাসকলে অপমান পাব, তেওঁলোকে লাজ পাব আৰু অপদস্থ হ’ব।
اما اسرائیل به نجات جاودانی از خداوند ناجی خواهند شد و تا ابدالاباد خجل و رسوا نخواهند گردید. ۱۷ 17
১৭কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
زیرا یهوه آفریننده آسمان که خدا است که زمین را سرشت و ساخت و آن را استوار نمود و آن را عبث نیافرید بلکه به جهت سکونت مصور نمود چنین می‌گوید: «من یهوه هستم و دیگری نیست. ۱۸ 18
১৮কোনে পৃথিৱী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
در خفا و درجایی از زمین تاریک تکلم ننمودم. و به ذریه یعقوب نگفتم که مرا عبث بطلبید. من یهوه به عدالت سخن می‌گویم و چیزهای راست را اعلان می‌نمایم. ۱۹ 19
১৯মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
‌ای رهاشدگان از امت‌ها جمع شده، بیایید و با هم نزدیک شوید. آنانی که چوب بتهای خود را برمی دارند و نزد خدایی که نتواند رهانیددعا می‌نمایند معرفت ندارند. ۲۰ 20
২০জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।
پس اعلان نموده، ایشان را نزدیک آورید تا با یکدیگرمشورت نمایند. کیست که این را از ایام قدیم اعلان نموده و از زمان سلف اخبار کرده است؟ آیا نه من که یهوه هستم و غیر از من خدایی دیگرنیست؟ خدای عادل و نجات‌دهنده و سوای من نیست. ۲۱ 21
২১ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
‌ای جمیع کرانه های زمین به من توجه نمایید و نجات یابید زیرا من خدا هستم و دیگری نیست. ۲۲ 22
২২পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
به ذات خود قسم خوردم و این کلام به عدالت از دهانم صادر گشته برنخواهد گشت که هر زانو پیش من خم خواهد شد و هر زبان به من قسم خواهد خورد. ۲۳ 23
২৩মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলোঁ, আৰু সেয়ে পুনৰ ঘুৰি নাহিব।
و مرا خواهند گفت عدالت و قوت فقط در خداوند می‌باشد» و بسوی او خواهند آمد و همگانی که به او خشمناکندخجل خواهند گردید. و تمامی ذریت اسرائیل در خداوند عادل شمرده شده، فخر خواهندکرد. ۲۴ 24
২৪লোকসকলে ক’ব “কেৱল যিহোৱাত হে পৰিত্রান আৰু শক্তি আছে।” যিসকলো তেওঁৰ প্রতি কুপিত তেওঁলোক তেওঁৰ সন্মুখত লাজত সঙ্কুচিত হ’ব।
۲۵ 25
২৫যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।

< اشعیا 45 >