< حَجّای 1 >

در روز اول ماه ششم از سال دوم داریوش پادشاه، کلام خداوند به واسطه حجی نبی وبه زربابل بن شالتیئیل والی یهودا و به یهوشع بن یهوصادق رئیس کهنه رسیده، گفت: ۱ 1
ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ, ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিললৈ, আৰু যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱালৈ ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু তেওঁ ক’লে,
یهوه صبایوت تکلم نموده، چنین می‌فرماید: این قوم می‌گویند وقت آمدن ما یعنی وقت بنا نمودن خانه خداوند نرسیده است. ۲ 2
“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘এই লোকসকলে কয়, “যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ, এতিয়াই আমাৰ অহাৰ সময় নহয়”।”
پس کلام خداوند به واسطه حجی نبی نازل شده، گفت: ۳ 3
সেয়ে ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
آیا وقت شماست که شما در خانه های مسقف خود ساکن شوید و این خانه خراب بماند؟ ۴ 4
“তোমাৰ বাবে এইটোৱেই সময় যে, তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা। যিহেতু এই ঘৰ ধ্বংস হৈছিল।”
پس حال یهوه صبایوت چنین می‌گوید دل خود را به راههای خویش مشغول سازید. ۵ 5
সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
بسیار کاشته‌اید و اندک حاصل می‌کنید. می‌خورید اما سیر نمی شوید ومی نوشید لیکن سیراب نمی گردید. (رخت )می پوشید اما گرم نمی شوید و آنکه مزد می‌گیرد، مزد خویش را در کیسه سوراخ دار می‌گذارد. ۶ 6
তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
پس یهوه صبایوت چنین می‌گوید: دل خود را به راههای خود مشغول سازید. ۷ 7
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
به کوه برآمده وچوب آورده، خانه را بنا نمایید و خداوندمی گوید: از آن راضی شده، جلال خواهم یافت. ۸ 8
পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’
منتظر بسیار بودید و اینک کم شد و چون آن رابه خانه آوردید من بر آن دمیدم. یهوه صبایوت می‌پرسد که سبب این چیست؟ سبب این است که خانه من خراب می‌ماند و هرکدام از شما به خانه خویش می‌شتابید. ۹ 9
‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
از این سبب، آسمانها بخاطر شما از شبنم باز داشته می‌شود و زمین ازمحصولش بازداشته می‌گردد. ۱۰ 10
১০এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।
و من بر زمین وبر کوهها و بر غله و عصیر انگور و روغن زیتون وبر هر‌آنچه زمین می‌رویاند و بر انسان و بهایم وتمامی مشقت های دستها خشکسالی را خواندم.» ۱۱ 11
১১মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
آنگاه زربابل بن شالتیئیل و یهوشع بن یهوصادق رئیس کهنه و تمامی بقیه قوم به قول یهوه خدای خود و به کلام حجی نبی چنانکه یهوه خدای ایشان او را فرستاده بود گوش دادند، و قوم از خداوند ترسیدند. ۱۲ 12
১২তেতিয়া চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্রধান পুৰোহিত যিহোচূৱা, আৰু লোকসকলৰ সকলো ইস্ৰায়েলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য, আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাই পঠোৱা ভাববাদী হগ্গয়ৰ কথা শুনিলে, আৰু লোকসকলে যিহোৱালৈ ভয় কৰিলে।
و حجی، رسول خداوند، پیغام خداوند را برای قوم بیان کرده، گفت: خداوند می‌گوید که من با شما هستم. ۱۳ 13
১৩তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
وخداوند روح زربابل بن شالتیئیل والی یهودا وروح یهوشع بن یهوصادق، رئیس کهنه، و روح تمامی بقیه قوم را برانگیزانید تا بروند و در خانه یهوه صبایوت خدای خود به‌کار پردازند. ۱۴ 14
১৪সেয়ে যিহোৱাই যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজ্জিত কৰিলে; সেই বাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ কাম কৰিবলৈ গ’ল,
درروز بیست و چهارم ماه ششم از سال دوم داریوش پادشاه، این واقع شد. ۱۵ 15
১৫তেতিয়া ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।

< حَجّای 1 >