< پیدایش 37 >

و یعقوب در زمین غربت پدر خود، یعنی زمین کنعان ساکن شد. ۱ 1
যাকোব কনান দেশত বাস কৰিবলৈ ধৰিলে। তেওঁৰ পিতৃয়েও কনান দেশত বাস কৰিছিল।
این است پیدایش یعقوب. چون یوسف هفده ساله بود، گله را با برادران خود چوپانی می‌کرد. و آن جوان باپسران بلهه و پسران زلفه، زنان پدرش، می‌بود. ویوسف از بدسلوکی ایشان پدر را خبر می‌داد. ۲ 2
যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।
واسرائیل، یوسف را از سایر پسران خود بیشتردوست داشتی، زیرا که او پسر پیری او بود، وبرایش ردایی بلند ساخت. ۳ 3
বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।
و چون برادرانش دیدند که پدر ایشان، او را بیشتر از همه برادرانش دوست می‌دارد، از او کینه داشتند، ونمی توانستند با وی به سلامتی سخن گویند. ۴ 4
ককায়েকসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোচেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোচেফক ঘৃণা কৰিবলৈ ধৰিলে আৰু সেয়ে, তেওঁলোকে তেওঁক মৰমেৰে কথা কবলৈও নিবিচাৰিলে।
ویوسف خوابی دیده، آن را به برادران خود بازگفت. پس بر کینه او افزودند. ۵ 5
এদিন যোচেফে এটা সপোন দেখিলে আৰু তেওঁ সেই সপোনৰ বিষয়ে ককায়েকসকলক কোৱাত তেওঁলোকে তেওঁক অধিক বেছিকৈ ঘৃণা কৰিবলৈ ধৰিলে।
و بدیشان گفت: «این خوابی را که دیده‌ام، بشنوید: ۶ 6
যোচেফে তেওঁলোকক ক’লে, “শুনা, মই এটা সপোন দেখিলোঁ।
اینک ما در مزرعه بافه‌ها می‌بستیم، که ناگاه بافه من برپا شده، بایستاد، و بافه های شماگرد آمده، به بافه من سجده کردند.» ۷ 7
মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”
برادرانش به وی گفتند: «آیا فی الحقیقه بر ماسلطنت خواهی کرد؟ و بر ما مسلط خواهی شد؟» و بسبب خوابها و سخنانش بر کینه او افزودند. ۸ 8
তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে।
از آن پس خوابی دیگر دید، و برادران خود را ازآن خبر داده، گفت: «اینک باز خوابی دیده‌ام، که ناگاه آفتاب و ماه و یازده ستاره مرا سجده کردند.» ۹ 9
পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।”
و پدر و برادران خود را خبر داد، وپدرش او را توبیخ کرده، بوی گفت: «این چه خوابی است که دیده‌ای؟ آیا من و مادرت وبرادرانت حقیقت خواهیم آمد و تو را بر زمین سجده خواهیم نمود؟» ۱۰ 10
১০তেওঁ এই সপোনৰ কথা ককায়েকসকলক কোৱাৰ দৰে বাপেককো কোৱাত বাপেকে তেওঁক ধমকি দি ক’লে, “তই এইটো কি সপোন দেখিলি? তোৰ মাৰ, মই আৰু ককায়েৰহঁতে তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিম নে?”
و برادرانش بر او حسدبردند، و اما پدرش، آن امر را در خاطر نگاه داشت. ۱۱ 11
১১তাতে তেওঁৰ ককায়েকসকলে তেওঁক হিংসা কৰিলে; কিন্তু বাপেকে হ’লে সেই কথা মনত ৰাখিলে।
و برادرانش برای چوپانی گله پدر خود، به شکیم رفتند. ۱۲ 12
১২পাছত যোচেফৰ ককায়েকসকলে তেওঁলোকৰ বাপেকৰ পশুৰ জাকবোৰ চৰাবলৈ চিখিমলৈ গৈছিল।
و اسرائیل به یوسف گفت: «آیابرادرانت در شکیم چوپانی نمی کنند، بیا تا تو رانزد ایشان بفرستم.» وی را گفت: «لبیک.» ۱۳ 13
১৩ইস্ৰায়েলে যোচেফক ক’লে, “তোমাৰ ককায়েৰাসকলে চিখিমত পশুৰ জাকবোৰ জানো চৰাই থকা নাই? আহাঁ, মই তোমাক সিহঁতৰ ওচৰলৈ পঠাম।” তাতে যোচেফে তেওঁক ক’লে “ঠিক আছে, মই যাবলৈ প্রস্তুত আছোঁ।”
او راگفت: «الان برو و سلامتی برادران و سلامتی گله را ببین و نزد من خبر بیاور.» و او را از وادی حبرون فرستاد، و به شکیم آمد. ۱۴ 14
১৪তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।
و شخصی به اوبرخورد، و اینک، او در صحرا آواره می‌بود، پس آن شخص از او پرسیده، گفت: «چه می‌طلبی؟» ۱۵ 15
১৫কোনো এজন মানুহে যোচেফক পথাৰৰ মাজত ঘূৰি ফুৰা দেখি সুধিলে, “তুমি কি বিচাৰি ফুৰিছা?”
گفت: «من برادران خود را می‌جویم، مرا خبرده که کجا چوپانی می‌کنند.» ۱۶ 16
১৬যোচেফে ক’লে, “মই মোৰ ককাইহঁতক বিচাৰি আছোঁ; দয়া কৰি আপুনি মোক কবনে তেওঁলোকে ক’ত পশুৰ জাকক চৰাই আছে?”
آن مرد گفت: «ازاینجا روانه شدند، زیرا شنیدیم که می‌گفتند: به دوتان می‌رویم.» پس یوسف از عقب برادران خود رفته، ایشان را در دوتان یافت. ۱۷ 17
১৭মানুহজনে ক’লে, “এই ঠাই এৰি তেওঁলোক গুছি গ’ল; মই তেওঁলোকে এইবুলি কোৱা শুনিছিলো, ‘ব’লা, আমি দোথানলৈ যাওঁ’।” তাতে যোচেফে তেওঁৰ ককায়েকসকলৰ পাছত গৈ দোথানত তেওঁলোকক বিচাৰি পালে।
و او را ازدور دیدند، و قبل از آنکه نزدیک ایشان بیاید، باهم توطئه دیدند که اورا بکشند. ۱۸ 18
১৮যোচেফক ককায়েকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়েই, তেওঁক বধ কৰাৰ ষড়যন্ত্র কৰিলে।
و به یکدیگر گفتند: «اینک این صاحب خوابها می‌آید. ۱۹ 19
১৯তেওঁলোকে ইজনে সিজনক ক’লে, “সৌটো চা, সপোন দেখাটো আহিছে।
اکنون بیایید او را بکشیم، و به یکی از این چاهها بیندازیم، و گوییم جانوری درنده او را خورد. و ببینیم خوابهایش چه می‌شود.» ۲۰ 20
২০ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”
لیکن روبین چون این را شنید، او را از دست ایشان رهانیده، گفت: «او را نکشیم.» ۲۱ 21
২১কিন্তু ৰূবেণে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক’লে, “নহয়, আমি তাৰ প্রাণ নলওঁ।”
پس روبین بدیشان گفت: «خون مریزید، او را در این چاه که در صحراست، بیندازید، و دست خود رابر او دراز مکنید.» تا او را از دست ایشان رهانیده، به پدر خود رد نماید. ۲۲ 22
২২ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে।
و به مجرد رسیدن یوسف نزد برادران خود، رختش را یعنی آن ردای بلند را که دربرداشت، از او کندند. ۲۳ 23
২৩যোচেফ তেওঁৰ ককায়েকসকলৰ ওচৰ পালত তেওঁলোকে তেওঁৰ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে সোলোকাই ল’লে।
و او را گرفته، درچاه انداختند، اما چاه، خالی و بی‌آب بود. ۲۴ 24
২৪তাৰ পাছত তেওঁলোকে তেওঁক ধৰি গাতৰ ভিতৰত পেলাই দিলে; সেই গাতটো পানী নথকা এটা শুকান গাত আছিল।
پس برای غذا خوردن نشستند، و چشمان خود را باز کرده، دیدند که ناگاه قافله اسماعیلیان از جلعاد می‌رسد، و شتران ایشان کتیرا و بلسان ولادن، بار دارند، و می‌روند تا آنها را به مصر ببرند. ۲۵ 25
২৫তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।
آنگاه یهودا به برادران خود گفت: «برادر خودرا کشتن و خون او را مخفی داشتن چه سود دارد؟ ۲۶ 26
২৬তেতিয়া যিহূদাই তেওঁৰ ককায়েকসকলক ক’লে, “আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ’ব?
بیایید او را به این اسماعیلیان بفروشیم، ودست ما بر وی نباشد، زیرا که او برادر و گوشت ماست.» پس برادرانش بدین رضا دادند. ۲۷ 27
২৭কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল।
و چون تجار مدیانی در گذر بودند، یوسف را از چاه کشیده، برآوردند، و یوسف را به اسماعیلیان به بیست پاره نقره فروختند. پس یوسف را به مصر بردند. ۲۸ 28
২৮সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।
و روبین چون به‌سرچاه برگشت، و دید که یوسف در چاه نیست، جامه خود را چاک زد، ۲۹ 29
২৯পাছত ৰূবেণে গাতৰ ওচৰলৈ গৈ যোচেফক গাতত নেদেখি দুখতে নিজৰ কাপোৰ ফালিলে।
و نزد برادران خودبازآمد و گفت: «طفل نیست و من کجا بروم؟» ۳۰ 30
৩০তেওঁ ভায়েকসকলৰ ওচৰলৈ গৈ ক’লে, “যোচেফ ক’লৈ গ’ল - তাতটো নাই; এতিয়া মই কলৈ যাম?”
پس ردای یوسف را گرفتند، و بز نری راکشته، ردا را در خونش فرو بردند. ۳۱ 31
৩১তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে।
و آن ردای بلند را فرستادند و به پدر خود رسانیده، گفتند: «این را یافته‌ایم، تشخیص کن که ردای پسرت است یا نه.» ۳۲ 32
৩২পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক’লে, “এইটো আমি পালোঁ; চাওকচোন, এইটো আপোনাৰ পুত্রৰ চোলা হয় নে নহয়।”
پس آن را شناخته، گفت: «ردای پسر من است! جانوری درنده او را خورده است، و یقین یوسف دریده شده است.» ۳۳ 33
৩৩যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”
و یعقوب رخت خود را پاره کرده، پلاس دربر کرد، وروزهای بسیار برای پسر خود ماتم گرفت. ۳۴ 34
৩৪তেতিয়া যাকোবে নিজৰ কাপোৰ ফালি কঁকালত চট পিন্ধি বহুদিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে।
وهمه پسران و همه دخترانش به تسلی اوبرخاستند. اما تسلی نپذیرفت، و گفت: «سوگوارنزد پسر خود به گور فرود می‌روم.» پس پدرش برای وی همی گریست. (Sheol h7585) ۳۵ 35
৩৫তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে। (Sheol h7585)
اما مدیانیان، یوسف را در مصر، به فوطیفار که خواجه فرعون و سردارافواج خاصه بود، فروختند. ۳۶ 36
৩৬আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।

< پیدایش 37 >