< پیدایش 24 >

و ابراهیم پیر و سالخورده شد، وخداوند، ابراهیم را در هر چیز برکت داد. ۱ 1
অব্ৰাহাম অতিশয় বৃদ্ধ অৱস্থালৈ জীয়াই আছিল। আৰু যিহোৱাই সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল।
و ابراهیم به خادم خود، که بزرگ خانه وی، و بر تمام مایملک او مختار بود، گفت: «اکنون دست خود را زیر ران من بگذار. ۲ 2
পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
و به یهوه، خدای آسمان و خدای زمین، تو را قسم می‌دهم، که زنی برای پسرم از دختر کنعانیان، که در میان ایشان ساکنم، نگیری، ۳ 3
মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা,
بلکه به ولایت من و به مولدم بروی، و از آنجا زنی برای پسرم اسحاق بگیری.» ۴ 4
তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।”
خادم به وی گفت: «شاید آن زن راضی نباشد که با من بدین زمین بیاید؟ آیا پسرت را بدان زمینی که از آن بیرون آمدی، بازبرم؟» ۵ 5
তেতিয়া সেই দাসে তেওঁক ক’লে, “যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়? পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল, মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যাম নে?”
ابراهیم وی را گفت: «زنهار، پسر مرا بدانجا باز مبری. ۶ 6
অব্ৰাহামে তেওঁক ক’লে, “সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা!
یهوه، خدای آسمان، که مرا از خانه پدرم و اززمین مولد من، بیرون آورد، و به من تکلم کرد، وقسم خورده، گفت: “که این زمین را به ذریت توخواهم داد.” او فرشته خود را پیش روی توخواهد فرستاد، تا زنی برای پسرم از آنجا بگیری. ۷ 7
স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।
اما اگر آن زن از آمدن با تو رضا ندهد، از این قسم من، بری خواهی بود، لیکن زنهار، پسر مرابدانجا باز نبری.» ۸ 8
যদি কোনো ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হ’বা; কিন্তু মোৰ পুত্ৰক হ’লে তালৈ পুনৰাই নিনিবা।”
پس خادم دست خود را زیرران آقای خود ابراهیم نهاد، و در این امر برای اوقسم خورد. ۹ 9
তাতে, সেই দাসে নিজ প্ৰভু অব্ৰাহামৰ কৰঙনৰ তলত হাত দি, সেই বিষয়ে তেওঁৰ আগত শপত কৰিলে।
و خادم ده شتر، از شتران آقای خود گرفته، برفت. و همه اموال مولایش به‌دست او بود. پس روانه شده، به شهر ناحور در ارام نهرین آمد. ۱۰ 10
১০পাছত সেই দাসে নিজ প্ৰভুৰ উটবোৰৰ মাজৰ দহোটা উট লগত ল’লে; আৰু নিজ প্ৰভুৰ পৰা সকলো ধৰণৰ উত্তম উত্তম বস্তুৰ অলপ লৈ সেই ঠাইৰ পৰা অৰাম-নহৰিয়মৰ নাহোৰ নগৰৰ ওচৰ পালে।
وبه وقت عصر، هنگامی که زنان برای کشیدن آب بیرون می‌آمدند، شتران خود را در خارج شهر، برلب چاه آب خوابانید. ۱۱ 11
১১তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।
و گفت: «ای یهوه، خدای آقایم ابراهیم، امروز مرا کامیاب بفرما، و باآقایم ابراهیم احسان بنما. ۱۲ 12
১২তেতিয়া সেই দাসে ক’লে, “হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, আজি মোক সহায় কৰি সফল কৰক। মোৰ প্ৰভু, অব্ৰাহামৰ পুত্রৰ বাবে এগৰাকী যোগ্য পাত্ৰী বাচিবলৈ সহায় কৰক। অনুগ্ৰহ কৰি মোৰ প্রভু অব্রাহমক এই দয়া কৰক।
اینک من بر این چشمه آب ایستاده‌ام، و دختران اهل این شهر، به جهت کشیدن آب بیرون می‌آیند. ۱۳ 13
১৩চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; পাছত সেই নগৰীয়া মানুহৰ ছোৱালীবোৰ পানী তুলিবলৈ ওলাই আহিব।
پس چنین بشود که آن دختری که به وی گویم: “سبوی خودرا فرودآر تا بنوشم “، و او گوید: “بنوش و شترانت را نیز سیراب کنم “، همان باشد که نصیب بنده خود اسحاق کرده باشی، تا بدین، بدانم که با آقایم احسان فرموده‌ای.» ۱۴ 14
১৪ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।”
و او هنوز از سخن‌گفتن فارغ نشده بود که ناگاه، رفقه، دختر بتوئیل، پسر ملکه، زن ناحور، برادر ابراهیم، بیرون آمد و سبویی بر کتف داشت. ۱۵ 15
১৫পাছত তেওঁ প্রার্থনা শেষ কৰাৰ আগতে, ৰিবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। ৰিবেকা অব্ৰাহামৰ ভাই নাহোৰৰ ভার্যা মিল্কাৰ পুতেক বথোৱেলৰ জীয়েক।
و آن دختر بسیار نیکومنظر و باکره بود، ومردی او را نشناخته بود. پس به چشمه فرورفت، و سبوی خود را پر کرده، بالا آمد. ۱۶ 16
১৬সেই যুৱতী দেখাত পৰম সুন্দৰী আৰু কোনো পুৰুষৰ সৈতে সংস্পর্শ নথকা কুমাৰী আছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই উঠি আহিল।
آنگاه خادم به استقبال او بشتافت و گفت: «جرعه‌ای آب ازسبوی خود به من بنوشان.» ۱۷ 17
১৭এনেতে, দাসজনে লৰি গৈ, তাইৰে সৈতে সাক্ষাত কৰি ক’লে, “বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া।”
گفت: «ای آقای من بنوش»، و سبوی خود را بزودی بر دست خودفرودآورده، او را نوشانید. ۱۸ 18
১৮তাতে তাই ক’লে, “আপুনি খাওঁক,” এই বুলি তাই হাতত লৈ অহা কলহটো নমাই থলে আৰু সেই দাসক পানী খাবলৈ দিলে।
و چون ازنوشانیدنش فارغ شد، گفت: «برای شترانت نیزبکشم تا از نوشیدن بازایستند.» ۱۹ 19
১৯এনেদৰে পানী খুৱাই অঁতোৱাৰ পাছত তাই ক’লে, “আৰু আপোনাৰ উটবোৰেও পানী খাই নুঠালৈকে মই সিহঁতলৈকো তুলিম।”
پس سبوی خود را بزودی در آبخور خالی کرد و باز به سوی چاه، برای کشیدن بدوید، و از بهر همه شترانش کشید. ۲۰ 20
২০এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল।
و آن مرد بر وی چشم دوخته بود وسکوت داشت، تا بداند که خداوند، سفر او راخیریت اثر نموده است یا نه. ۲۱ 21
২১তাতে সেই দাসে তাইৰ সকলো কর্ম নীৰৱে লক্ষ্য কৰি আছিল। তেওঁ নিশ্চিত হ’ব বিচাৰিছিল যে যিহোৱাই তেওঁৰ যাত্রা সফল কৰিছে নে নাই।
و واقع شد، چون شتران از نوشیدن بازایستادند، که آن مرد حلقه طلای نیم مثقال وزن، ودو ابرنجین برای دستهایش، که ده مثقال طلا وزن آنها بود، بیرون آورد. ۲۲ 22
২২উটবোৰে পানী খাই শেষ কৰাৰ পাছত, সেই দাসজনে আধা চেকল সোণৰ এটা নথ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক’লে,
و گفت: «به من بگو که دختر کیستی؟ آیا در خانه پدرت جایی برای ماباشد تا شب را بسر بریم؟» ۲۳ 23
২৩“কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ, এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত আমাৰ বাবে ঠাই হ’ব নে?”
وی را گفت: «من دختر بتوئیل، پسر ملکه که او را از ناحور زایید، می‌باشم.» ۲۴ 24
২৪তেতিয়া তাই ক’লে, “মই নাহোৰ আৰু মিল্কাৰ পুত্র বথোৱেলৰ জীয়েক।”
و بدو گفت: «نزد ما کاه و علف فراوان است، و جای نیز برای منزل.» ۲۵ 25
২৫তাই তেওঁক আৰু ক’লে, “আমাৰ তাত খেৰ আৰু দানা বহুত আছে ৰাতি থাকিবলৈ কোঁঠালিও আছে।”
آنگاه آن مرد خم شد، خداوند را پرستش نمود ۲۶ 26
২৬তেতিয়া সেই দাসজনে মূৰ দোঁৱালে আৰু যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
و گفت: «متبارک باد یهوه، خدای آقایم ابراهیم، که لطف و وفای خود را از آقایم دریغ نداشت، و چون من در راه بودم، خداوند مرا به خانه برادران آقایم راهنمایی فرمود.» ۲۷ 27
২৭তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”
پس آن دختر دوان دوان رفته، اهل خانه مادر خویش را از این وقایع خبر داد. ۲۸ 28
২৮পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে।
و رفقه رابرادری لابان نام بود. پس لابان به نزد آن مرد، به‌سر چشمه، دوان دوان بیرون آمد. ۲۹ 29
২৯ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল।
و واقع شدکه چون آن حلقه و ابرنجینها را بر دستهای خواهر خود دید، و سخنهای خواهر خود، رفقه را شنید که می‌گفت آن مرد چنین به من گفته است، به نزد وی آمد. و اینک نزد شتران به‌سر چشمه ایستاده بود. ۳۰ 30
৩০তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰিবেকাৰ মুখেৰে যেতিয়া “তেওঁ এই কথা ক’লে,” বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ’ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল।
و گفت: «ای مبارک خداوند، بیا، چرا بیرون ایستاده‌ای؟ من خانه را و منزلی برای شتران، مهیا ساخته‌ام.» ۳۱ 31
৩১লাবনে ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত লোক, আহঁক; বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈয়ো ঠাই যুগুত কৰিছোঁ।”
پس آن مرد به خانه درآمد، و لابان شتران را باز کرد، و کاه و علف به شتران داد، و آب به جهت شستن پایهایش و پایهای رفقایش آورد. ۳۲ 32
৩২তেতিয়া পুৰুষজন গৈ সেই ঘৰত সোমাল। উটবোৰৰ পৰা বোজাবোৰ নমালে আৰু খাবলৈ খেৰ আৰু দানা দিলে। তাৰ পাছত তেওঁক আৰু তেওঁৰ লগত যোৱা লোকসকলক ভৰি ধুবলৈ পানী দিলে।
و غذا پیش او نهادند. وی گفت: «تا مقصود خود را بازنگویم، چیزی نخورم.» گفت: «بگو.» ۳۳ 33
৩৩পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে; কিন্তু তেওঁ খাবলৈ সন্মত নহ’ল। তেওঁ ক’লে, “মোৰ ক’বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্রহণ নকৰোঁ।” তেতিয়া লাবনে ক’লে, “তেনেহ’লে কওঁক।”
گفت: «من خادم ابراهیم هستم. ۳۴ 34
৩৪তেতিয়া তেওঁ ক’লে, “মই অব্ৰাহামৰ দাস।
وخداوند، آقای مرا بسیار برکت داده و او بزرگ شده است، و گله‌ها و رمه‌ها و نقره و طلا و غلامان و کنیزان و شتران و الاغان بدو داده است. ۳۵ 35
৩৫যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।
وزوجه آقایم ساره، بعد از پیر شدن، پسری برای آقایم زایید، و آنچه دارد، بدو داده است. ۳۶ 36
৩৬চাৰা, মোৰ প্রভুৰ ভার্য্যাই বৃদ্ধ কালত মোৰ প্ৰভুলৈ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁকেই তেওঁ নিজৰ সকলোখিনি দিছে।
وآقایم مرا قسم داد و گفت که “زنی برای پسرم ازدختران کنعانیان که در زمین ایشان ساکنم، نگیری. ۳۷ 37
৩৭মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, ‘মই যি কনান দেশত বাস কৰিছোঁ, তুমি মোৰ পুত্রৰ ভার্য্যাৰূপে এই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা।
بلکه به خانه پدرم و به قبیله من بروی، و زنی برای پسرم بگیری.” ۳۸ 38
৩৮ইয়াৰ পৰিবর্তে, মোৰ পিতৃৰ আৰু মোৰ আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্রৰ বাবে এগৰাকী ভার্য্যা লৈ আহাঁ’।
و به آقای خودگفتم: “شاید آن زن همراه من نیاید؟” ۳۹ 39
৩৯মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’।
او به من گفت: “یهوه که به حضور او سالک بوده‌ام، فرشته خود را با تو خواهد فرستاد، و سفر تو راخیریت اثر خواهد گردانید، تا زنی برای پسرم ازقبیله‌ام و از خانه پدرم بگیری. ۴۰ 40
৪০কিন্তু তেওঁ মোক ক’লে, ‘যিজনৰ সাক্ষাতত মই জীৱন-যাপন কৰি আছোঁ, সেইজনা যিহোৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁৰ দূত পঠিয়াই দিব, আৰু তোমাৰ পথ উন্নত কৰিব; তাতে তুমি মোৰ পুত্রৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃৰ বংশৰ পৰা ভার্য্যা আনিব পাৰিবা।
آنگاه از قسم من بری خواهی گشت، چون به نزد قبیله‌ام رفتی، هرگاه زنی به تو ندادند، از سوگند من بری خواهی بود.” ۴۱ 41
৪১কিন্তু তুমি যদি মোৰ আত্মীয়সকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে যদি মোৰ পুত্ৰৰ বাবে ছোৱালী দিবলৈ অস্বীকাৰ কৰে, তেনেহলে তুমি মোৰ এই শপতৰ পৰা মুক্ত হ’বা’।
پس امروز به‌سر چشمه رسیدم و گفتم: “ای یهوه، خدای آقایم ابراهیم، اگر حال، سفر مراکه به آن آمده‌ام، کامیاب خواهی کرد. ۴۲ 42
৪২সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক’লো, ‘হে যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰা সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা।
اینک من به‌سر این چشمه آب ایستاده‌ام. پس چنین بشودکه آن دختری که برای کشیدن آب بیرون آید، وبه وی گویم: “مرا از سبوی خود جرعه‌ای آب بنوشان “، ۴۳ 43
৪৩তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’।
و به من گوید: “بیاشام، و برای شترانت نیز آب می‌کشم “، او همان زن باشد که خداوند، نصیب آقازاده من کرده است. ۴۴ 44
৪৪তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক।
و من هنوز از گفتن این، در دل خود فارغ نشده بودم، که ناگاه، رفقه با سبویی بر کتف خود بیرون آمد، و به چشمه پایین رفت، تا آب بکشد. و به وی گفتم: “جرعه‌ای آب به من بنوشان.” ۴۵ 45
৪৫এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’।
پس سبوی خودرا بزودی از کتف خود فروآورده، گفت: “بیاشام، و شترانت را نیز آب می‌دهم.” پس نوشیدم وشتران را نیز آب داد. ۴۶ 46
৪৬তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, ‘খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম’। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে।
و از او پرسیده، گفتم: “تودختر کیستی؟” گفت: “دختر بتوئیل بن ناحور که ملکه، او را برای او زایید.” پس حلقه را در بینی او، و ابرنجین‌ها را بر دستهایش گذاشتم. ۴۷ 47
৪৭পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ।
آنگاه سجده کرده، خداوند را پرستش نمودم. و یهوه، خدای آقای خود ابراهیم را، متبارک خواندم، که مرا به راه راست هدایت فرمود، تا دختر برادرآقای خود را، برای پسرش بگیرم. ۴۸ 48
৪৮তেতিয়া মই মুৰ দোৱালো আৰু যিহোৱাৰ আৰাধনা কৰিলোঁ। ধন্য যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; মোৰ প্ৰভুৰ পুত্ৰৰ বাবে তেওঁৰ আত্মীয়ৰ পৰা কন্যা বিচাৰি আনিবলৈ তেওঁ মোক সঠিক পথত চলায় আনিলে।
اکنون اگربخواهید با آقایم احسان و صداقت کنید، پس مراخبر دهید. و اگر نه مرا خبر دهید، تا بطرف راست یا چپ ره سپر شوم.» ۴۹ 49
৪৯এতিয়া মই কওঁ, ‘তুমি যদি মোৰ প্ৰভুৰ পৰিয়ালৰ সৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ’বলৈ সন্মত হোৱা, তেনেহলে মোক কোৱা; কিন্তু যদি নহোৱা, তেনেহলেও মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম।”
لابان و بتوئیل در جواب گفتند: «این امر ازخداوند صادر شده است، با تو نیک یا بدنمی توانیم گفت. ۵۰ 50
৫০তেতিয়া লাবন আৰু বথোৱেলে উত্তৰ দি ক’লে, “এই বিষয় যিহোৱাৰ পৰা আহিল; সেয়ে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক’ব নোৱাৰিম।
اینک رفقه حاضر است، او رابرداشته، روانه شو تا زن پسر آقایت باشد، چنانکه خداوند گفته است.» ۵۱ 51
৫১চোৱা, ৰিবেকা তোমাৰ ওচৰতে আছে; তাইক লৈ যোৱা; যিহোৱাই কোৱাৰ দৰেই তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্যা হওক।”
و واقع شد که چون خادم ابراهیم سخن ایشان را شنید، خداوند را به زمین سجده کرد. ۵۲ 52
৫২যেতিয়া অব্ৰাহামৰ দাসে তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ মাটিত আঠুকাঢ়ি যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
و خادم، آلات نقره و آلات طلا و رختها رابیرون آورده، پیشکش رفقه کرد، و برادر و مادر اورا چیزهای نفیسه داد. ۵۳ 53
৫৩পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।
و او و رفقایش خوردندو آشامیدند و شب را بسر بردند. و بامدادان برخاسته، گفت: «مرا به سوی آقایم روانه نمایید.» ۵۴ 54
৫৪পাছত তাতে তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ভোজন-পান কৰিলে আৰু ৰাতিটো থাকিল। তাতে ৰাতিপুৱা তেওঁলোক যেতিয়া উঠিল, তেতিয়া সেই দাসে ক’লে, “এতিয়া মোৰ প্ৰভুৰ ওচৰলৈ মোক যাবলৈ দিয়ক।”
برادر و مادر او گفتند: «دختر با ما ده روزی بماند و بعد از آن روانه شود.» ۵۵ 55
৫৫তেতিয়া তেওঁৰ ককায়েক আৰু মাকে ক’লে, “আমাৰ লগত পুনৰ কিছু দিনলৈ কন্যাজনী থাকক; অতি কমেও দহ দিন মান থাকক। তাৰ পাছত তেওঁ যাব।”
بدیشان گفت: «مرا معطل مسازید، خداوند سفر مرا کامیاب گردانیده است، پس مرا روانه نمایید تا بنزد آقای خود بروم.» ۵۶ 56
৫৬কিন্তু তেওঁ তেওঁলোকক ক’লে, “যিহোৱাই মোৰ যাত্ৰা সফল কৰিছে; এতেকে মোক পলম কৰি নাৰাখিব; মই মোৰ প্ৰভুৰ ওচৰলৈ যাওঁ, মোক বিদায় দিয়ক।”
گفتند: «دختر را بخوانیم و اززبانش بپرسیم.» ۵۷ 57
৫৭তেতিয়া তেওঁলোকে ক’লে, “আমি আমাৰ ছোৱালীক মাতি আনো আৰু তেওঁৰ মুখৰ কথা শুনো।”
پس رفقه را خواندند و به وی گفتند: «با این مرد خواهی رفت؟» گفت: «می‌روم.» ۵۸ 58
৫৮তাৰ পাছত তেওঁলোকে ৰিবেকাক মাতি আনি সুধিলে, “তুমি এই জন মানুহৰ লগত যাবা নে?” তেতিয়া তেওঁ উত্তৰ দিলে, “হয়, মই যাম।”
آنگاه خواهر خود رفقه، و دایه‌اش را، با خادم ابراهیم و رفقایش روانه کردند. ۵۹ 59
৫৯তেতিয়া তেওঁ নিজ ভনী ৰিবেকা আৰু ৰিবেকাৰ আলপৈচান ধৰা দাসীগৰাকীক অব্ৰাহামৰ দাস আৰু তেওঁৰ সৈতে অহা লোকসকলৰ লগত যাত্রা কৰিবলৈ পঠিয়াই দিলে।
ورفقه را برکت داده به وی گفتند: «تو خواهر ماهستی، مادر هزار کرورها باش، و ذریت تو، دروازه دشمنان خود را متصرف شوند.» ۶۰ 60
৬০তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
پس رفقه با کنیزانش برخاسته، بر شتران سوار شدند، و از عقب آن مرد روانه گردیدند. وخادم، رفقه را برداشته، برفت. ۶۱ 61
৬১তেতিয়া ৰিবেকা আৰু তেওঁৰ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰিবেকাক লগত ল’লে আৰু তেওঁৰ পথত যাত্রা কৰিব ধৰিলে।
و اسحاق از راه بئرلحی رئی می‌آمد، زیرا که او در ارض جنوب ساکن بود. ۶۲ 62
৬২সেই সময়ত ইচহাকে নেগেভত বাস কৰিছিল, আৰু তেওঁ বেৰ-লহয়-ৰোৱীৰ পৰা উভতি আহিছিলহে মাত্র।
و هنگام شام، اسحاق برای تفکر به صحرا بیرون رفت، و چون نظر بالا کرد، دید که شتران می‌آیند. ۶۳ 63
৬৩ইচহাকে সন্ধিয়া সময়ত কোনো বিষয় বিবেচনা কৰি পথাৰলৈ গৈছিল। তাতে তেওঁ যেতিয়া চকু তুলি চালে, তেতিয়া উটবোৰক আহি থকা দেখিলে।
و رفقه چشمان خود را بلندکرده، اسحاق را دید، و از شتر خود فرود آمد، ۶۴ 64
৬৪তাতে ইচহাকক যেতিয়া ৰিবেকাই দেখা পালে, তেতিয়া তেওঁ লগে লগে উটৰ পৰা নামিল।
زیرا که از خادم پرسید: «این مرد کیست که درصحرا به استقبال ما می‌آید؟» و خادم گفت: «آقای من است.» پس برقع خود را گرفته، خود راپوشانید. ۶۵ 65
৬৫আৰু সেই দাসক তেওঁ সুধিলে, “আমাক সাক্ষাত কৰিবলৈ পথাৰৰ মাজেদি খোজকাঢ়ি আহি থকা সেইজন কোন?” সেই দাসে ক’লে, “এইজন মোৰ প্ৰভু।” তেতিয়া ৰিবেকাই ওৰণি ল’লে আৰু নিজকে ঢাকিলে।
و خادم، همه کارهایی را که کرده بود، به اسحاق باز‌گفت. ۶۶ 66
৬৬পাছত সেই দাসে নিজে কৰা সকলো কাৰ্যৰ কথা ইচহাকক জনালে।
و اسحاق، رفقه را به خیمه مادر خود، ساره، آورد، و او را به زنی خود گرفته، دل در او بست. و اسحاق بعد از وفات مادر خود، تسلی پذیرفت. ۶۷ 67
৬৭তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।

< پیدایش 24 >