< پیدایش 2 >

و آسمانها و زمین و همه لشکر آنها تمام شد. ۱ 1
এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল।
و در روز هفتم، خدا از همه کار خود که ساخته بود، فارغ شد. و در روز هفتم از همه کارخود که ساخته بود، آرامی گرفت. ۲ 2
ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
پس خدا روزهفتم را مبارک خواند و آن را تقدیس نمود، زیراکه در آن آرام گرفت، از همه کار خود که خداآفرید و ساخت. ۳ 3
ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
این است پیدایش آسمانها و زمین در حین آفرینش آنها در روزی که یهوه، خدا، زمین وآسمانها را بساخت. ۴ 4
এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
و هیچ نهال صحرا هنوز درزمین نبود و هیچ علف صحرا هنوز نروییده بود، زیرا خداوند خدا باران بر زمین نبارانیده بود وآدمی نبود که کار زمین را بکند. ۵ 5
তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল।
و مه از زمین برآمده، تمام روی زمین را سیراب می‌کرد. ۶ 6
কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
خداوند خدا پس آدم را از خاک زمین بسرشت و در بینی وی روح حیات دمید، و آدم نفس زنده شد. ۷ 7
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
و خداوند خدا باغی در عدن بطرف مشرق غرس نمود و آن آدم را که سرشته بود، در آنجاگذاشت. ۸ 8
ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
و خداوند خدا هر درخت خوشنما وخوش خوراک را از زمین رویانید، و درخت حیات را در وسط باغ و درخت معرفت نیک و بدرا. ۹ 9
সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
و نهری از عدن بیرون آمد تا باغ را سیراب کند، و از آنجا منقسم گشته، چهار شعبه شد. ۱۰ 10
১০সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
نام اول فیشون است که تمام زمین حویله را که در آنجا طلاست، احاطه می‌کند. ۱۱ 11
১১প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
و طلای آن زمین نیکوست و در آنجا مروارید و سنگ جزع است. ۱۲ 12
১২সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
و نام نهر دوم جیحون که تمام زمین کوش را احاطه می‌کند. ۱۳ 13
১৩দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
و نام نهر سوم حدقل که بطرف شرقی آشور جاری است. و نهر‌چهارم فرات. ۱۴ 14
১৪তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।
پس خداوند خدا آدم را گرفت و او را درباغ عدن گذاشت تا کار آن را بکند و آن رامحافظت نماید. ۱۵ 15
১৫ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
و خداوند خدا آدم را امرفرموده، گفت: «از همه درختان باغ بی‌ممانعت بخور، ۱۶ 16
১৬ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
اما از درخت معرفت نیک و بد زنهارنخوری، زیرا روزی که از آن خوردی، هرآینه خواهی مرد.» ۱۷ 17
১৭কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
و خداوند خدا گفت: «خوب نیست که آدم تنها باشد. پس برایش معاونی موافق وی بسازم.» ۱۸ 18
১৮তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
و خداوند خدا هر حیوان صحرا و هر پرنده آسمان را از زمین سرشت و نزدآدم آورد تا ببیند که چه نام خواهد نهاد و آنچه آدم هر ذی حیات را خواند، همان نام او شد. ۱۹ 19
১৯ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
پس آدم همه بهایم و پرندگان آسمان و همه حیوانات صحرا را نام نهاد. لیکن برای آدم معاونی موافق وی یافت نشد. ۲۰ 20
২০মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
و خداوند خدا، خوابی گران بر آدم مستولی گردانید تا بخفت، و یکی از دنده هایش راگرفت و گوشت در جایش پر کرد. ۲۱ 21
২১সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
و خداوندخدا آن دنده را که از آدم گرفته بود، زنی بنا کرد ووی را به نزد آدم آورد. ۲۲ 22
২২ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
و آدم گفت: «همانااینست استخوانی از استخوانهایم و گوشتی ازگوشتم، از این سبب “نسا” نامیده شود زیرا که ازانسان گرفته شد.» ۲۳ 23
২৩তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”
از این سبب مرد پدر و مادرخود را ترک کرده، با زن خویش خواهد پیوست ویک تن خواهند بود. ۲۴ 24
২৪সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
و آدم و زنش هر دو برهنه بودند و خجلت نداشتند. ۲۵ 25
২৫সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল।

< پیدایش 2 >