< عزرا 7 >
و بعد از این امور، در سلطنت ارتحشستاپادشاه فارس، عزرا ابن سرایا ابن عزریا ابن حلقیا، | ۱ 1 |
১এই সকলো হোৱাৰ পাছত, ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ সময়ত ইজ্ৰাৰ বংশধৰসকল, চৰায়া, অজৰিয়া, হিল্কিয়া,
ابن شلوم بن صادوق بن اخیطوب، | ۲ 2 |
২চল্লুম, চাদোক, অহীটুব,
بن امریا ابن عزریا ابن مرایوت، | ۳ 3 |
৩অমৰিয়া, অজৰিয়া, মৰায়োৎ,
بن زرحیا ابن عزی ابن بقی، | ۴ 4 |
৪জৰহীয়া, উজ্জী, বুক্কী,
ابن ابیشوع بن فینحاس بن العازار بن هارون رئیس کهنه، | ۵ 5 |
৫অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।
این عزرا از بابل برآمد و اودر شریعت موسی که یهوه خدای اسرائیل آن راداده بود، کاتب ماهر بود و پادشاه بروفق دست یهوه خدایش که با وی میبود، هرچه را که اومی خواست به وی میداد. | ۶ 6 |
৬ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
و بعضی ازبنیاسرائیل و از کاهنان و لاویان و مغنیان ودربانان و نتینیم نیز در سال هفتم ارتحشستاپادشاه به اورشلیم برآمدند. | ۷ 7 |
৭ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।
و او در ماه پنجم سال هفتم پادشاه، به اورشلیم رسید. | ۸ 8 |
৮ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে।
زیرا که درروز اول ماه اول، به بیرون رفتن از بابل شروع نمودو در روز اول ماه پنجم، بروفق دست نیکوی خدایش که با وی میبود، به اورشلیم رسید. | ۹ 9 |
৯তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল।
چونکه عزرا دل خود را به طلب نمودن شریعت خداوند و به عمل آوردن آن و به تعلیم دادن فرایض و احکام به اسرائیل مهیا ساخته بود. | ۱۰ 10 |
১০ইজ্ৰা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে।
و این است صورت مکتوبی که ارتحشستاپادشاه، به عزرای کاهن و کاتب داد که کاتب کلمات وصایای خداوند و فرایض او بر اسرائیل بود: | ۱۱ 11 |
১১ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন:
«از جانب ارتحشستا شاهنشاه، به عزرای کاهن و کاتب کامل شریعت خدای آسمان، امابعد. | ۱۲ 12 |
১২“স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ।
فرمانی از من صادر شد که هر کدام از قوم اسرائیل و کاهنان و لاویان ایشان که در سلطنت من هستند و به رفتن همراه تو به اورشلیم راضی باشند، بروند. | ۱۳ 13 |
১৩মই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্য ইস্রায়েলৰ পৰা কোনো এজন লোকে, তেওঁলোকৰ পুৰোহিত ও লেবীয়াসকলৰ লগত যি জনে নিজৰ ইচ্ছাৰে যিৰূচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে।
چونکه تو از جانب پادشاه و هفت مشیر او، فرستاده شدهای تا درباره یهودا واورشلیم بروفق شریعت خدایت که در دست تواست، تفحص نمایی. | ۱۴ 14 |
১৪ঈশ্ৱৰৰ বিধান অনুসাৰে যিহূদা আৰু যিৰূচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজি-বিচাৰ ল’বলৈ মই, ৰজাই আৰু মোৰ সাতজন পৰামৰ্শদাতাই আপোনাক পঠালোঁ।
و نقره و طلایی را که پادشاه و مشیرانش برای خدای اسرائیل که مسکن او در اورشلیم میباشد بذل کردهاند، ببری. | ۱۵ 15 |
১৫তেওঁলোকে মুক্তভাৱে যিৰূচালেমত থকা ইস্রায়েলৰ ঈশ্ৱৰক, আৰু তেওঁৰ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ,
و نیز تمامی نقره و طلایی را که در تمامی ولایت بابل بیابی، با هدایای تبرعی که قوم وکاهنان برای خانه خدای خود که در اورشلیم است دادهاند، (ببری ). | ۱۶ 16 |
১৬লগতে লোক সমূহৰ যোগেদি আৰু পুৰোহিত সকলৰ দ্বাৰাই মুক্তভাৱে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব।
لهذا با این گاوان وقوچها و برهها و هدایای آردی و هدایای ریختنی آنها رابه اهتمام بخر و آنها را بر مذبح خانه خدای خودتان که در اورشلیم است، بگذران. | ۱۷ 17 |
১৭সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
و هرچه به نظر تو و برادرانت پسندآید که با بقیه نقره و طلا بکنید، برحسب اراده خدای خود به عمل آورید. | ۱۸ 18 |
১৮অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব।
و ظروفی که به جهت خدمت خانه خدایت به تو داده شده است، آنها را به حضور خدای اورشلیم تسلیم نما. | ۱۹ 19 |
১৯আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব।
واما چیزهای دیگر که برای خانه خدایت لازم باشد، هرچه برای تو اتفاق افتد که بدهی، آن را ازخزانه پادشاه بده. | ۲۰ 20 |
২০তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব।
و از من ارتحشستا پادشاه فرمانی به تمامی خزانهداران ماورای نهر صادرشده است که هرچه عزرای کاهن و کاتب شریعت خدای آسمان از شما بخواهد، به تعجیل کرده شود. | ۲۱ 21 |
২১মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা।
تا صد وزنه نقره و تا صد کر گندم و تاصد بت شراب و تا صد بت روغن و از نمک، هرچه بخواهد. | ۲۲ 22 |
২২এশ কিক্কৰলৈকে ৰূপ, এশ কোৰলৈকে ঘেঁহু, এশ বটললৈকে দ্রাক্ষাৰস, আৰু এশ বটললৈকে তেল, আৰু অপৰিমিতৰূপে লোণ দিব।
هرچه خدای آسمان فرموده باشد، برای خانه خدای آسمان بلاتاخیر کرده شود، زیرا چرا غضب بر ملک پادشاه و پسرانش وارد آید. | ۲۳ 23 |
২৩স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁৰ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে; কাৰণ তেওঁৰ ক্রোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম?
و شما را اطلاع میدهیم که بر همه کاهنان و لاویان و مغنیان و دربانان و نتینیم وخادمان این خانه خدا جزیه و خراج و باج نهادن جایز نیست. | ۲۴ 24 |
২৪আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
و توای عزرا، موافق حکمت خدایت که در دست تو میباشد، قاضیان و داوران از همه آنانی که شرایع خدایت را میدانند نصب نما تا بر جمیع اهل ماورای نهر داوری نمایند وآنانی را که نمی دانند تعلیم دهید. | ۲۵ 25 |
২৫হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
و هرکه به شریعت خدایت و به فرمان پادشاه عمل ننماید، بر او بیمحابا حکم شود، خواه به قتل یا به جلای وطن یا به ضبط اموال یا به حبس.» | ۲۶ 26 |
২৬যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
متبارک باد یهوه خدای پدران ما که مثل این را در دل پادشاه نهاده است که خانه خداوند را که در اورشلیم است زینت دهد. | ۲۷ 27 |
২৭আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
و مرا در حضورپادشاه و مشیرانش و جمیع روسای مقتدر پادشاه منظور ساخت، پس من موافق دست یهوه خدایم که بر من میبود، تقویت یافتم و روسای اسرائیل را جمع کردم تا با من برآیند. | ۲۸ 28 |
২৮আৰু তেৱেঁই ৰজাৰ, তেওঁৰ পৰামৰ্শদাতাসকলৰ, আৰু তেওঁৰ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্ৱাসীৰূপে বিস্তৃত কৰিলে। মোৰ ঈশ্বৰ যিহোৱাৰ হাত মোৰ লগত থকা বাবে, মই বলৱান হৈছোঁ, আৰু মোৰ লগত যাবলৈ ইস্ৰায়েলৰ মাজৰ পৰা মূল লোকসকলক গোটালোঁ।