< حزقیال 5 >

بگیر و آن را مثل استره حجام به جهت خود بکار برده، آن را بر سر و ریش خود بگذران وترازویی گرفته، مویها را تقسیم کن. ۱ 1
“আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।
و چون روزهای محاصره را به اتمام رسانیده باشی، یک ثلث را در میان شهر به آتش بسوزان و یک ثلث راگرفته، اطراف آن را با تیغ بزن و ثلث دیگر را به بادها بپاش و من در عقب آنها شمشیری خواهم فرستاد. ۲ 2
নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
و اندکی از آن را گرفته، آنها را در دامن خود ببند. ۳ 3
কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।
و باز قدری از آنها را بگیر و آنها را درمیان آتش انداخته، آنها را به آتش بسوزان وآتشی برای تمام خاندان اسرائیل از آن بیرون خواهد آمد.» ۴ 4
তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
خداوند یهوه چنین می‌گوید: «من این اورشلیم را در میان امت‌ها قرار دادم و کشورها رابهر طرف آن. ۵ 5
প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।
و او از احکام من بدتر از امت‌ها واز فرایض من بدتر از کشورهایی که گرداگرد اومی باشد، عصیان ورزیده است زیرا که اهل او احکام مرا ترک کرده، به فرایض من سلوک ننموده‌اند.» ۶ 6
কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।
بنابراین خداوند یهوه چنین می‌گوید: «چونکه شما زیاده از امت هایی که گرداگرد شما می‌باشند غوغا نمودید و به فرایض من سلوک نکرده، احکام مرا بعمل نیاوردید، بلکه موافق احکام امت هایی که گرداگرد شما می‌باشندنیز عمل ننمودید، ۷ 7
এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।
لهذا خداوند یهوه چنین می‌گوید: من اینک من به ضد تو هستم و در میان تو به نظر امت‌ها داوریها خواهم نمود. ۸ 8
এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
و با تو به‌سبب جمیع رجاساتت کارها خواهم کرد که قبل از این نکرده باشم و مثل آنها هم دیگر نخواهم کرد. ۹ 9
যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম।
بنابراین پدران در میان تو پسران راخواهند خورد و پسران پدران خویش را خواهندخورد و بر تو داوریها نموده، تمامی بقیت تو رابسوی هر باد پراکنده خواهم ساخت.» ۱۰ 10
১০এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!
لهذاخداوند یهوه می‌گوید: «به حیات خودم قسم چونکه تو مقدس مرا بتمامی رجاسات و جمیع مکروهات خویش نجس ساختی، من نیز البته تورا منقطع خواهم ساخت و چشم من شفقت نخواهد نمود و من نیز رحمت نخواهم فرمود. ۱۱ 11
১১এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।
یک ثلث تو در میانت از وبا خواهند مرد و ازگرسنگی تلف خواهند شد. و یک ثلث به اطرافت به شمشیر خواهند افتاد و ثلث دیگر را بسوی هرباد پراکنده ساخته، شمشیر را در عقب ایشان خواهم فرستاد. ۱۲ 12
১২তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
پس چون غضب من به اتمام رسیده باشد و حدت خشم خویش را بر ایشان ریخته باشم، آنگاه پشیمان خواهم شد. و چون حدت خشم خویش را بر ایشان به اتمام رسانده باشم، آنگاه خواهند دانست که من یهوه این را درغیرت خویش گفته‌ام. ۱۳ 13
১৩এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
و تو را در در نظر همه رهگذریان در میان امت هایی که به اطراف تومی باشند، به خرابی و رسوایی تسلیم خواهم نمود. ۱۴ 14
১৪ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।
و چون بر تو به خشم و غضب وسرزنشهای سخت داوری کرده باشم، آنگاه این موجد عار و مذمت و عبرت و دهشت برای امت هایی که به اطراف تو می‌باشند خواهد بود. من که یهوه هستم این را گفتم. ۱۵ 15
১৫তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।
و چون تیرهای بد قحطی را که برای هلاکت می‌باشد و من آنها رابه جهت خرابی شما می‌فرستم در میان شماانداخته باشم، آنگاه قحط را بر شما سخت‌ترخواهم گردانید و عصای نان شما را خواهم شکست. ۱۶ 16
১৬“মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।
و قحط و حیوانات درنده در میان توخواهم فرستاد تا تو را بی‌اولاد گردانند و وبا وخون از میان تو عبور خواهد کرد و شمشیری برتو وارد خواهم آورد. من که یهوه هستم این راگفتم.» ۱۷ 17
১৭মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”

< حزقیال 5 >