< حزقیال 18 >

و کلام خداوند بر من نازل شده، گفت: ۱ 1
যিহোৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক’লে,
«شما چه‌کار دارید که این مثل رادرباره زمین اسرائیل می‌زنید و می‌گویید: پدران انگور ترش خوردند و دندانهای پسران کندگردید.» ۲ 2
“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা, ‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’
خداوند یهوه می‌گوید: «به حیات خودم قسم که بعد از این این مثل را در اسرائیل نخواهیدآورد. ۳ 3
মোৰ জীৱনৰ শপত”- প্ৰভু যিহোৱাই এই কথা কৈছে, “ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা।
اینک همه جانها از آن منند چنانکه جان پدر است، همچنین جان پسر نیز، هردوی آنها ازآن من می‌باشند. هر کسی‌که گناه ورزد او خواهدمرد. ۴ 4
চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
و اگر کسی عادل باشد و انصاف و عدالت رابعمل آورد، ۵ 5
কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে,
و بر کوهها نخورد و چشمان خودرا بسوی بتهای خاندان اسرائیل برنیفرازد و زن همسایه خود را بی‌عصمت نکند و به زن حایض نزدیکی ننماید، ۶ 6
আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -
و بر کسی ظلم نکند و گروقرضدار را به او رد نماید و مال کسی را به غصب نبرد، بلکه نان خود را به گرسنگان بدهد وبرهنگان را به‌جامه بپوشاند، ۷ 7
আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;
و نقد را به سودندهد و ربح نگیرد، بلکه دست خود را از ستم برداشته، انصاف حقیقی را در میان مردمان اجرادارد، ۸ 8
তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে,
و به فرایض من سلوک نموده و احکام مرانگاه داشته، به راستی عمل نماید. خداوند یهوه می‌فرماید که آن شخص عادل است و البته زنده خواهد ماند. ۹ 9
আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
«اما اگر او پسری ستم پیشه و خونریز تولیدنماید که یکی از این کارها را بعمل آورد، ۱۰ 10
১০কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে -
وهیچکدام از آن اعمال نیکو را بعمل نیاورد بلکه برکوهها نیز بخورد و زن همسایه خود را بی‌عصمت سازد، ۱۱ 11
১১আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -
و بر فقیران و مسکینان ظلم نموده، مال مردم را به غصب ببرد و گرو را پس ندهد، بلکه چشمان خود را بسوی بتها برافراشته، مرتکب رجاسات بشود، ۱۲ 12
১২সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে;
و نقد را به سود داده، ربح گیرد، آیا او زنده خواهد ماند؟ البته او زنده نخواهد ماند و به‌سبب همه رجاساتی که بجاآورده است خواهد مرد و خونش بر سرش خواهد بود. ۱۳ 13
১৩সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।
«و اگر پسری تولید نماید که تمامی گناهان را که پدرش بجا می‌آورد دیده، بترسد و مثل آنهاعمل ننماید، ۱۴ 14
১৪কিন্তু চোৱা! যদি তাৰ এজন পুত্র জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্ৱৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে -
و بر کوهها نخورد و چشمان خود را بسوی بتهای خاندان اسرائیل برنیفرازد وزن همسایه خویش را بی‌عصمت نکند، ۱۵ 15
১৫সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;
و برکسی ظلم نکند و گرو نگیرد و مال احدی را به غصب نبرد بلکه نان خود را به گرسنگان دهد وبرهنگان را به‌جامه پوشاند، ۱۶ 16
১৬বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে -
و دست خود را ازفقیران برداشته، سود و ربح نگیرد و احکام مرا بجاآورده، به فرایض من سلوک نماید، او به‌سبب گناه پدرش نخواهد مرد بلکه البته زنده خواهد ماند. ۱۷ 17
১৭সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!
و اما پدرش چونکه با برادران خود به شدت ظلم نموده، مال ایشان را غصب نمود و اعمال شنیع را در میان قوم خود بعمل آورد او البته به‌سبب گناهانش خواهد مرد. ۱۸ 18
১৮তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
«لیکن شما می‌گویید چرا چنین است؟ آیاپسر متحمل گناه پدرش نمی باشد؟ اگر پسرانصاف و عدالت را بجا آورده، تمامی فرایض مرانگاه دارد و به آنها عمل نماید، او البته زنده خواهد ماند. ۱۹ 19
১৯তথাপি তোমালোকে কোৱা, “পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?” কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব!
هر‌که گناه کند او خواهد مرد. پسر متحمل گناه پدرش نخواهد بود و پدرمتحمل گناه پسرش نخواهد بود. عدالت مردعادل بر خودش خواهد بود و شرارت مرد شریربر خودش خواهد بود. ۲۰ 20
২০যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
«و اگر مرد شریر از همه گناهانی که ورزیده باشد بازگشت نماید و جمیع فرایض مرا نگاه داشته، انصاف و عدالت را بجا آورد او البته زنده مانده نخواهد مرد. ۲۱ 21
২১কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব, ।
تمامی تقصیرهایی که کرده باشد به ضد او به یاد آورده نخواهد شد بلکه در عدالتی که کرده باشد زنده خواهد ماند.» ۲۲ 22
২২তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব।
خداوند یهوه می‌فرماید: «آیا من از مردن مرد شریر مسرور می‌باشم؟ نی بلکه از اینکه ازرفتار خود بازگشت نموده، زنده ماند. ۲۳ 23
২৩প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?
و اگرمرد عادل از عدالتش برگردد و ظلم نموده، موافق همه رجاساتی که شریران می‌کنند عمل نماید آیااو زنده خواهد ماند؟ نی بلکه تمامی عدالت او که کرده است به یاد آورده نخواهد شد و در خیانتی که نموده و در گناهی که ورزیده است خواهدمرد. ۲۴ 24
২৪কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
«اما شما می‌گویید که طریق خداوندموزون نیست. پس حال‌ای خاندان اسرائیل بشنوید: آیا طریق من غیر موزون است و آیاطریق شما غیر موزون نیست؟ ۲۵ 25
২৫তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়?
چونکه مردعادل از عدالتش برگردد و ظلم کند در آن خواهدمرد. به‌سبب ظلمی که کرده است خواهد مرد. ۲۶ 26
২৬ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।
و چون مرد شریر را از شرارتی که کرده است بازگشت نماید و انصاف و عدالت را بجا آورد، جان خود را زنده نگاه خواهد داشت. ۲۷ 27
২৭কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব!
چونکه تعقل نموده، از تمامی تقصیرهایی که کرده بودبازگشت کرد البته زنده خواهد ماند و نخواهدمرد. ۲۸ 28
২৮তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!
لیکن شما‌ای خاندان اسرائیل می‌گوییدکه طریق خداوند موزون نیست. ای خاندان اسرائیل آیا طریق من غیر موزون است و آیاطریق شما غیر موزون نیست؟» ۲۹ 29
২৯তথাপি ইস্ৰায়েল বংশই কয়, ‘প্ৰভুৰ পথ সৎ নহয়!’ হে ইস্ৰায়েল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়?
بنابراین خداوند یهوه می‌گوید: «ای خاندان اسرائیل من برهریک از شما موافق رفتارش داوری خواهم نمود. پس توبه کنید و از همه تقصیرهای خودبازگشت نمایید تا گناه موجب هلاکت شما نشود. ۳۰ 30
৩০এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
تمامی تقصیرهای خویش را که مرتکب آنها شده‌اید از خود دور اندازید و دل تازه و روح تازه‌ای برای خود ایجاد کنید. زیرا که‌ای خاندان اسرائیل برای چه بمیرید؟ ۳۱ 31
৩১যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?
زیرا خداوند یهوه می‌گوید: من از مرگ آنکس که می‌میرد مسرورنمی باشم. پس بازگشت نموده، زنده مانید.» ۳۲ 32
৩২কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”

< حزقیال 18 >