< خروج 38 >

و مذبح قربانی سوختنی را از چوب شطیم ساخت. طولش پنج ذراع، وعرضش پنج ذراع مربع، و بلندیش سه ذراع. ۱ 1
বচলেলে চিটীম কাঠেৰে পাঁচ হাত দীঘল, পাঁচ হাত বহল, আৰু তিনি হাত ওখকৈ চাৰিওদিশ আৰু চাৰিওটা চুক সমানকৈ হোমবলিৰ অৰ্থে বেদি সাজিলে।
وشاخهایش را بر چهار گوشه‌اش ساخت. شاخهایش از همان بود و آن را از برنج پوشانید. ۲ 2
তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।
و همه اسباب مذبح را ساخت، یعنی: دیگها وخاک اندازها و کاسه‌ها و چنگالها و مجمرها وهمه ظروفش را از برنج ساخت. ۳ 3
তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
و برای مذبح، آتش دانی مشبک از برنج ساخت، که زیرحاشیه‌اش بطرف پایین تا نصفش برسد. ۴ 4
তেওঁ বেদিৰ বাবে পিতলৰ জালি গঢ়ালে, আৰু বেদিৰ তলৰ পৰা ওপৰলৈকে আধা অংশত সেই জাল লগালে।
و چهارحلقه برای چهار سر آتش دان برنجین ریخت، تاخانه های عصاها باشد. ۵ 5
কানমাৰি সুমুৱাবলৈ, চাৰিটা আঙঠি সাঁচত ঢালিলে, আৰু পিতলৰ সেই জালিৰ চাৰি চুকত লগালে।
و عصاها را از چوب شطیم ساخته، آنها را به برنج بپوشانید. ۶ 6
বচলেলে চিটীম কাঠেৰে মাৰি সাজিলে, আৰু তাত পিতলৰ পতা মাৰিলে।
و عصاهارا در حلقه‌ها بر دو طرف مذبح گذرانید، برای برداشتنش به آنها، و مذبح را از چوبها مجوف ساخت. ۷ 7
বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদি তক্তাৰে ফোঁপোলাকৈ নিৰ্মান কৰিলে।
و حوض را از برنج ساخت، و پایه‌اش را از برنج از آینه های زنانی که نزد دروازه خیمه اجتماع برای خدمت جمع می‌شدند. ۸ 8
যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।
و صحن را ساخت که برای طرف جنوبی به سمت یمانی. پرده های صحن از کتان نازک تابیده شده صد ذراعی بود. ۹ 9
তেওঁ চোতালখনো যুগুত কৰিলে। চোতালৰ দক্ষিণ দিশে পকোৱা মিহি শণ সূতাৰে এশ হাত দীঘল পৰ্দা যুগুত কৰিলে।
ستونهای آنها بیست بود، و پایه های آنها بیست بود، از برنج و قلابهای آنهاو پشت بندهای آنها از نقره. ۱۰ 10
১০বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
و برای طرف شمالی صد ذراعی بود، و ستونهای آنها بیست ازبرنج، و قلابهای ستونها و پشت بندهای آنها ازنقره بود. ۱۱ 11
১১একেদৰেই উত্তৰদিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
و برای طرف غربی، پرده های پنجاه ذراعی بود، و ستونهای آنها ده و پایه های آنها ده، و قلابها و پشت بندهای ستونها از نقره بود. ۱۲ 12
১২আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
وبرای طرف شرقی به سمت طلوع، پنجاه ذراعی بود. ۱۳ 13
১৩চোতালখনৰ পূৱদিশও পঞ্চাশ হাত দীঘল আছিল।
و پرده های یک طرف دروازه پانزده ذراعی بود، ستونهای آنها سه و پایه های آنها سه. ۱۴ 14
১৪প্রবেশ দুৱাৰৰ এটা কাষৰ পৰ্দা পোন্ধৰ হাত দীঘল আছিল; আৰু সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
و برای طرف دیگر دروازه صحن از این طرف واز آن طرف پرده‌ها پانزده ذراعی بود، ستونهای آنها سه و پایه های آنها سه. ۱۵ 15
১৫চোতালৰ প্রবেশ দুৱাৰৰ আন কাষতো একেদৰে পোন্ধৰ হাত দীঘল পৰ্দা আছিল। সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
همه پرده های صحن به هر طرف از کتان نازک تابیده شده بود. ۱۶ 16
১৬চোতালৰ চাৰিওদিশৰ পৰ্দাবোৰ পকোৱা মিহি শণ সূতাৰে তৈয়াৰী আছিল।
و پایه های ستونها از برنج بود، و قلابها وپشت بندهای ستونها از نقره، و پوشش سرهای آنها از نقره، و جمیع ستونهای صحن به پشت بندهای نقره پیوسته شده بود. ۱۷ 17
১৭খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মুৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
و پرده دروازه صحن از صنعت طراز از لاجورد و ارغوان و قرمز و کتان نازک تابیده شده بود. طولش بیست ذراع، و بلندیش به عرض پنج ذراع موافق پرده های صحن. ۱۸ 18
১৮চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে বোৱা, আৰু শিল্পকাৰে ফুল বাছি তৈয়াৰ কৰিছিল। পৰ্দাখন আছিল দীঘলে বিশ হাত, আৰু ওখই পাঁচ হাত, চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল।
و ستونهای آنها چهار، وپایه های برنجین آنها چهار، و قلابهای آنها ازنقره، و پوشش سرهای آنها و پشت بندهای آنهااز نقره بود. ۱۹ 19
১৯পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰী বোৰ ৰূপেৰে তৈয়াৰী।
و همه میخهای مسکن و صحن، به هر طرف از برنج بود. ۲۰ 20
২০আবাসৰ আৰু চোতালৰ চাৰিওফালৰ খুটাবোৰ পিতলৰ আছিল।
این است حساب مسکن، یعنی مسکن شهادت، چنانکه حسب فرمان موسی به خدمت لاویان، به توسط ایتاماربن هارون کاهن حساب آن گرفته شد. ۲۱ 21
২১মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।
و بصلئیل بن اوری بن حور از سبطیهودا، آنچه را که خداوند به موسی‌امر فرموده بود بساخت. ۲۲ 22
২২যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলে, যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে।
و با وی اهولیاب بن اخیسامک ازسبط دان بود، نقاش و مخترع و طراز در لاجورد وارغوان و قرمز و کتان نازک. ۲۳ 23
২৩দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
و تمام طلایی که در کار صرف شد، یعنی در همه کار قدس، ازطلای هدایا بیست و نه وزنه و هفتصد و سی مثقال موافق مثقال قدس بود. ۲۴ 24
২৪পবিত্র স্থানৰ প্রকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে ঊনত্ৰিশ কিক্কৰ আৰু সাত শ ত্ৰিশ চেকল আছিল।
و نقره شمرده شدگان جماعت صد وزنه و هزار و هفتصد وهفتاد و پنج مثقال بود، موافق مثقال قدس. ۲۵ 25
২৫সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে এশ কিক্কৰ আৰু এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল আছিল।
یک درهم یعنی نیم مثقال موافق مثقال قدس، برای هر نفری از آنانی که به سوی شمرده شدگان گذشتند، از بیست ساله و بالاتر، که ششصد و سه هزار وپانصد و پنجاه نفر بودند. ۲۶ 26
২৬বা বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন লোকৰ প্ৰতিজনে এক এক বেকা, অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকলকৈ ৰূপ দিছিল।
و اما آن صد وزنه نقره برای ریختن پایه های قدس و پایه های پرده بود. صد پایه از صد وزنه یعنی یک وزنه برای یک پایه. ۲۷ 27
২৭এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।
و از آن هزار و هفتصد و هفتاد و پنج مثقال قلابها برای ستونها ساخت، و سرهای آنهارا پوشانید، و پشت بندها برای آنها ساخت. ۲۸ 28
২৮এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰী তৈয়াৰ কৰা হৈছিল।
وبرنج هدایا هفتاد وزنه و دو هزار و چهارصد مثقال بود. ۲۹ 29
২৯উপহাৰৰ পৰা পোৱা পিতলৰ ওজন সত্তৰ কিক্কৰ দুই হাজাৰ চাৰিশ চেকল আছিল।
و از آن پایه های دروازه خیمه اجتماع، ومذبح برنجین، و شبکه برنجین آن و همه اسباب مذبح را ساخت. ۳۰ 30
৩০এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, পিতলৰ বেদি, পিতলৰ জালিকটা, আৰু বেদিৰ সকলো সামগ্রী তৈয়াৰ কৰিছিল।
و پایه های صحن را به هرطرف، و پایه های دروازه صحن و همه میخهای مسکن و همه میخهای گرداگرد صحن را. ۳۱ 31
৩১চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।

< خروج 38 >