< خروج 20 >

و خدا تکلم فرمود و همه این کلمات را بگفت: ۱ 1
ঈশ্বৰে এই সকলো কথা ক’লে:
«من هستم یهوه، خدای تو، که تو را از زمین مصر و از خانه غلامی بیرون آوردم. ۲ 2
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
تو را خدایان دیگر غیر از من نباشد. ۳ 3
মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
صورتی تراشیده و هیچ تمثالی از آنچه بالا درآسمان است، و از آنچه پایین در زمین است، و ازآنچه در آب زیر زمین است، برای خود مساز. ۴ 4
তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা।
نزد آنها سجده مکن، و آنها را عبادت منما، زیرامن که یهوه، خدای تو می‌باشم، خدای غیورهستم، که انتقام گناه پدران را از پسران تا پشت سوم و چهارم از آنانی که مرا دشمن دارندمی گیرم. ۵ 5
সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
و تا هزار پشت بر آنانی که مرا دوست دارند و احکام مرا نگاه دارند، رحمت می‌کنم. ۶ 6
কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
نام یهوه، خدای خود را به باطل مبر، زیراخداوند کسی را که اسم او را به باطل برد، بی‌گناه نخواهد شمرد. ۷ 7
তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
روز سبت را یاد کن تا آن راتقدیس نمایی. ۸ 8
মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা।
شش روز مشغول باش و همه کارهای خود را بجا آور. ۹ 9
ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা।
اما روز هفتمین، سبت یهوه، خدای توست. در آن هیچ کار مکن، تو و پسرت و دخترت و غلامت و کنیزت وبهیمه ات و مهمان تو که درون دروازه های توباشد. ۱۰ 10
১০কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা।
زیرا که در شش روز، خداوند آسمان وزمین و دریا و آنچه را که در آنهاست بساخت، ودر روز هفتم آرام فرمود. از این سبب خداوند روزهفتم را مبارک خوانده، آن را تقدیس نمود. ۱۱ 11
১১কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
پدر و مادر خود را احترام نما، تا روزهای تو درزمینی که یهوه خدایت به تو می‌بخشد، درازشود. ۱۲ 12
১২তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
قتل مکن. ۱۳ 13
১৩নৰ-বধ নকৰিবা।
زنا مکن. ۱۴ 14
১৪কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।
دزدی مکن. ۱۵ 15
১৫কাৰো পৰা চুৰ নকৰিবা।
بر همسایه خود شهادت دروغ مده. ۱۶ 16
১৬তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
به خانه همسایه خود طمع مورز، و به زن همسایه ات وغلامش و کنیزش و گاوش و الاغش و به هیچ‌چیزی که از آن همسایه تو باشد، طمع مکن.» ۱۷ 17
১৭তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
و جمیع قوم رعدها و زبانه های آتش وصدای کرنا و کوه را که پر از دود بود دیدند، وچون قوم این را بدیدند لرزیدند، و از دوربایستادند. ۱۸ 18
১৮তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।
و به موسی گفتند: «تو به ما سخن بگو و خواهیم شنید، اما خدا به ما نگوید، مبادابمیریم.» ۱۹ 19
১৯তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
موسی به قوم گفت: «مترسید زیراخدا برای امتحان شما آمده است، تا ترس اوپیش روی شما باشد و گناه نکنید.» ۲۰ 20
২০তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।”
پس قوم ازدور ایستادند و موسی به ظلمت غلیظ که خدا درآن بود، نزدیک آمد. ۲۱ 21
২১সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে।
و خداوند به موسی گفت: «به بنی‌اسرائیل چنین بگو: شما دیدید که ازآسمان به شما سخن گفتم: ۲۲ 22
২২যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
با من خدایان نقره مسازید و خدایان طلا برای خود مسازید. ۲۳ 23
২৩তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
مذبحی از خاک برای من بساز، و قربانی های سوختنی خود و هدایای سلامتی خود را از گله ورمه خویش بر آن بگذران، در هر جایی که یادگاری برای نام خود سازم، نزد تو خواهم آمد، و تو را برکت خواهم داد. ۲۴ 24
২৪তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
و اگر مذبحی ازسنگ برای من سازی، آن را از سنگهای تراشیده بنا مکن، زیرا اگر افزار خود را بر آن بلند کردی، آن را نجس خواهی ساخت. ۲۵ 25
২৫তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।
و بر مذبح من ازپله‌ها بالا مرو، مبادا عورت تو بر آن مکشوف شود.» ۲۶ 26
২৬তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”

< خروج 20 >