< خروج 13 >

و خداوند موسی را خطاب کرده، گفت: ۱ 1
যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
«هر نخست زاده‌ای را که رحم رابگشاید، در میان بنی‌اسرائیل، خواه از انسان خواه از بهایم، تقدیس نما؛ او از آن من است.» ۲ 2
“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
وموسی به قوم گفت: «این‌روز را که از مصر از خانه غلامی بیرون آمدید، یاد دارید، زیرا خداوندشما را به قوت دست، از آنجا بیرون آورد، پس نان خمیر، خورده نشود. ۳ 3
মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
این‌روز، در ماه ابیب بیرون آمدید. ۴ 4
আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা।
و هنگامی که خداوند تو را به زمین کنعانیان و حتیان و اموریان و حویان ویبوسیان داخل کند، که با پدران تو قسم خورد که آن را به تو بدهد، زمینی که به شیر و شهد جاری است، آنگاه این عبادت را در این ماه بجا بیاور. ۵ 5
কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।
هفت روز نان فطیر بخور، و در روز هفتمین عیدخداوند است. ۶ 6
সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
هفت روز نان فطیر خورده شود، و هیچ‌چیز خمیر شده نزد تو دیده نشود، و خمیرمایه نزد تو در تمامی حدودت پیدا نشود. ۷ 7
সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।
و در آن روز پسر خود را خبر داده، بگو: این است به‌سبب آنچه خداوند به من کرد، وقتی که از مصربیرون آمدم. ۸ 8
সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
و این برای تو علامتی بر دستت خواهد بود و تذکره‌ای در میان دو چشمت، تاشریعت خداوند در دهانت باشد. زیرا خداوند تورا به‌دست قوی از مصر بیرون آورد. ۹ 9
এয়ে উদ্ধাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে।
و این فریضه را در موسمش سال به سال نگاه دار. ۱۰ 10
১০এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা।
«و هنگامی که خداوند تو را به زمین کنعانیان درآورد، چنانکه برای تو و پدرانت قسم خورد، و آن را به تو بخشد. ۱۱ 11
১১যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,
آنگاه هر‌چه رحم را گشاید، آن را برای خدا جدا بساز، و هرنخست زاده‌ای از بچه های بهایم که از آن توست، نرینه‌ها از آن خداوند باشد. ۱۲ 12
১২তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
و هر نخست زاده الاغ را به بره‌ای فدیه بده، و اگر فدیه ندهی گردنش را بشکن، و هر نخست زاده انسان را ازپسرانت فدیه بده. ۱۳ 13
১৩প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।”
و در زمان آینده چون پسرت از تو سوال کرده، گوید که این چیست، اورا بگو، یهوه ما را به قوت دست از مصر، از خانه غلامی بیرون آورد. ۱۴ 14
১৪পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
و چون فرعون از رها کردن ما دل خود را سخت ساخت، واقع شد که خداوندجمیع نخست زادگان مصر را از نخست زاده انسان تا نخست زاده بهایم کشت. بنابراین من همه نرینه‌ها را که رحم را گشایند، برای خداوند ذبح می‌کنم، لیکن هر نخست زاده‌ای از پسران خود رافدیه می‌دهم. ۱۵ 15
১৫যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
و این علامتی بر دستت وعصابه‌ای در میان چشمان تو خواهد بود، زیراخداوند ما را بقوت دست از مصر بیرون آورد.» ۱۶ 16
১৬এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
و واقع شد که چون فرعون قوم را رها کرده بود، خدا ایشان را از راه زمین فلسطینیان رهبری نکرد، هرچند آن نزدیکتر بود. زیرا خدا گفت: «مبادا که چون قوم جنگ بینند، پشیمان شوند و به مصر برگردند.» ۱۷ 17
১৭ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
اما خدا قوم را از راه صحرای دریای قلزم دور گردانید. پس بنی‌اسرائیل مسلح شده، از زمین مصر برآمدند. ۱۸ 18
১৮সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
و موسی استخوانهای یوسف را با خود برداشت، زیرا که او بنی‌اسرائیل را قسم سخت داده، گفته بود: «هرآینه خدا از شما تفقد خواهد نمود واستخوانهای مرا از اینجا با خود خواهید برد.» ۱۹ 19
১৯মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”
و از سکوت کوچ کرده، در ایتام به کنار صحرااردو زدند. ۲۰ 20
২০ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।
و خداوند در روز، پیش روی قوم در ستون ابر می‌رفت تا راه را به ایشان دلالت کند، و شبانگاه در ستون آتش، تا ایشان را روشنایی بخشد، و روز و شب راه روند. ۲۱ 21
২১তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
و ستون ابر را درروز و ستون آتش را در شب، از پیش روی قوم برنداشت. ۲۲ 22
২২যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।

< خروج 13 >