< خروج 11 >

و خداوند به موسی گفت: «یک بلای دیگر بر فرعون و بر مصر می‌آورم، وبعد از آن شما را از اینجا رهایی خواهد داد، وچون شما را رها کند، البته شما را بالکلیه از اینجاخواهد راند. ۱ 1
যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।
اکنون به گوش قوم بگو که هر مرداز همسایه خود، و هر زن از همسایه‌اش آلات نقره و آلات طلا بخواهند.» ۲ 2
সেয়ে, প্ৰতিজন পুৰুষ আৰু মহিলাক নিজৰ নিজৰ ওচৰ-চুবুৰীয়াৰ পৰা তেওঁলোকৰ ৰূপ আৰু সোণৰ অলঙ্কাৰবোৰ খুজি ল’বলৈ নিৰ্দেশ দিয়া।”
و خداوند قوم را درنظر مصریان محترم ساخت. و شخص موسی نیزدر زمین مصر، در نظر بندگان فرعون و در نظرقوم، بسیار بزرگ بود. ۳ 3
যিহোৱাই মিচৰীয়া লোকসকলক ইস্রায়েলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্রহী কৰালে। অৱশ্যে মিচৰ দেশত মোচি, ফৰৌণৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল।
و موسی گفت: «خداوندچنین می‌گوید: قریب به نصف شب در میان مصربیرون خواهم آمد. ۴ 4
মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম।
و هر نخست زاده‌ای که در زمین مصر باشد، از نخست زاده فرعون که برتختش نشسته است، تا نخست زاده کنیزی که درپشت دستاس باشد، و همه نخست زادگان بهایم خواهند مرد. ۵ 5
তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব।
و نعره عظیمی در تمامی زمین مصر خواهد بود که مثل آن نشده، و مانند آن دیگر نخواهد شد. ۶ 6
তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব।
اما بر جمیع بنی‌اسرائیل سگی زبان خود را تیز نکند، نه بر انسان و نه بربهایم، تا بدانید که خداوند در میان مصریان واسرائیلیان فرقی گذارده است. ۷ 7
কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’
و این همه بندگان تو به نزد من فرود آمده، و مرا تعظیم کرده، خواهند گفت: تو و تمامی قوم که تابع تو باشند، بیرون روید! و بعد از آن بیرون خواهم رفت.» ۸ 8
ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
و خداوند به موسی گفت: «فرعون به شماگوش نخواهد گرفت، تا آیات من در زمین مصرزیاد شود.» ۹ 9
যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰোঁ, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”
و موسی و هارون جمیع این آیات را به حضور فرعون ظاهر ساختند. اما خداوند دل فرعون را سخت گردانید، و بنی‌اسرائیل را از زمین خود رهایی نداد. ۱۰ 10
১০মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।

< خروج 11 >