< اول پادشاهان 11 >

و سلیمان پادشاه سوای دختر فرعون، زنان غریب بسیاری را از موآبیان و عمونیان وادومیان و صیدونیان و حتیان دوست می‌داشت. ۱ 1
সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
از امتهایی که خداوند درباره ایشان بنی‌اسرائیل را فرموده بود که شما به ایشان درنیایید و ایشان به شما درنیایند مبادا دل شما را به پیروی خدایان خود مایل گردانند. و سلیمان با اینها به محبت ملصق شد. ۲ 2
যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
و او را هفتصد زن بانو و سیصد متعه بود و زنانش دل او را برگردانیدند. ۳ 3
চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।
و در وقت پیری سلیمان واقع شد که زنانش دل او را به پیروی خدایان غریب مایل ساختند، و دل او مثل دل پدرش داود با یهوه، خدایش کامل نبود. ۴ 4
কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
پس سلیمان در عقب عشتورت، خدای صیدونیان، ودر عقب ملکوم رجس عمونیان رفت. ۵ 5
কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷
و سلیمان در نظر خداوند شرارت ورزیده، مثل پدر خود داود، خداوند را پیروی کامل ننمود. ۶ 6
এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
آنگاه سلیمان در کوهی که روبروی اورشلیم است مکانی بلند به جهت کموش که رجس موآبیان است، و به جهت مولک، رجس بنی عمون بنا کرد. ۷ 7
সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
و همچنین به جهت همه زنان غریب خود که برای خدایان خویش بخور می‌سوزانیدند وقربانی‌ها می‌گذرانیدند، عمل نمود. ۸ 8
তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
پس خشم خداوند بر سلیمان افروخته شداز آن جهت که دلش از یهوه، خدای اسرائیل منحرف گشت که دو مرتبه بر او ظاهر شده، ۹ 9
যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল,
اورا در همین باب امر فرموده بود که پیروی خدایان غیر را ننماید اما آنچه خداوند به او امر فرموده بود، به‌جا نیاورد. ۱۰ 10
১০আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে।
پس خداوند به سلیمان گفت: «چونکه این عمل را نمودی و عهد وفرایض مرا که به تو امر فرمودم نگاه نداشتی، البته سلطنت را از تو پاره کرده، آن را به بنده ات خواهم داد. ۱۱ 11
১১সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।
لیکن در ایام تو این را به‌خاطر پدرت، داودنخواهم کرد اما از دست پسرت آن را پاره خواهم کرد. ۱۲ 12
১২কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
ولی تمامی مملکت را پاره نخواهم کردبلکه یک سبط را به‌خاطر بنده‌ام داود و به‌خاطراورشلیم که برگزیده‌ام به پسر تو خواهم داد.» ۱۳ 13
১৩তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”
و خداوند دشمنی برای سلیمان برانگیزانید، یعنی هدد ادومی را که از ذریت پادشاهان ادوم بود. ۱۴ 14
১৪তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।
زیرا هنگامی که داود درادوم بود و یوآب که سردار لشکر بود، برای دفن کردن کشتگان رفته بود و تمامی ذکوران ادوم راکشته بود. ۱۵ 15
১৫যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷
(زیرا یوآب و تمامی اسرائیل شش ماه در آنجا ماندند تا تمامی ذکوران ادوم را منقطع ساختند). ۱۶ 16
১৬যোৱাব আৰু সমুদায় ইস্ৰায়েল লোক ইদোমত ছমাহ থাকি ইদোমৰ সকলো পুৰুষক সংহাৰ কৰিছিল৷
آنگاه هدد با بعضی ادومیان که ازبندگان پدرش بودند، فرار کردند تا به مصر بروند، و هدد طفلی کوچک بود. ۱۷ 17
১৭কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
پس، از مدیان روانه شده، به فاران آمدند، و چند نفر از فاران با خودبرداشته، به مصر نزد فرعون، پادشاه مصر آمدند، و او وی را خانه‌ای داد و معیشتی برایش تعیین نمود و زمینی به او ارزانی داشت. ۱۸ 18
১৮তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল।
و هدد درنظر فرعون التفات بسیار یافت و خواهر زن خود، یعنی خواهر تحفنیس ملکه را به وی به زنی داد. ۱۹ 19
১৯তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
و خواهر تحفنیس پسری جنوبت نام برای وی زایید و تحفنیس او را در خانه فرعون از شیربازداشت و جنوبت در خانه فرعون در میان پسران فرعون می‌بود. ۲۰ 20
২০তহপিনেচৰ সেই ভনীয়েকে হদদক এটি পুত্ৰ জন্ম দিলে; তেওঁলোকে তাৰ নাম গনুবৎ ৰাখিলে; তাক তহপিনেচে ফৰৌণৰ ঘৰতে ডাঙৰ-দীঘল কৰিলে৷ গনুবৎ ফৰৌণৰ ঘৰতে ফৰৌণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল।
و چون هدد در مصر شنید که داود با پدران خویش خوابیده، و یوآب، سردارلشکر مرده است، هدد به فرعون گفت: «مرارخصت بده تا به ولایت خود بروم.» ۲۱ 21
২১পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”
فرعون وی را گفت: «اما تو را نزد من چه چیز کم است که اینک می‌خواهی به ولایت خود بروی؟» گفت: «هیچ، لیکن مرا البته مرخص نما.» ۲۲ 22
২২তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”
و خدا دشمنی دیگر برای وی برانگیزانید، یعنی رزون بن الیداع را که از نزد آقای خویش، هددعزر، پادشاه صوبه فرار کرده بود. ۲۳ 23
২৩ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
و مردان چندی نزد خود جمع کرده، سردار فوجی شدهنگامی که داود بعضی ایشان را کشت. پس به دمشق رفتند و در آنجا ساکن شده، در دمشق حکمرانی نمودند. ۲۴ 24
২৪আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
و او در تمامی روزهای سلیمان، دشمن اسرائیل می‌بود، علاوه بر ضرری که هدد می‌رسانید و از اسرائیل نفرت داشته، برارام سلطنت می‌نمود. ۲۵ 25
২৫হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।
و یربعام بن نباط افرایمی از صرده که بنده سلیمان و مادرش مسمی به صروعه و بیوه‌زنی بود، دست خود را نیز به ضد پادشاه بلند کرد. ۲۶ 26
২৬তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।
و سبب آنکه دست خود را به ضد پادشاه بلند کرد، این بود که سلیمان ملو را بنا می‌کرد، و رخنه شهرپدر خود داود را تعمیر می‌نمود. ۲۷ 27
২৭তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
و یربعام مردشجاع جنگی بود. پس چون سلیمان آن جوان رادید که در کار مردی زرنگ بود او را بر تمامی امور خاندان یوسف بگماشت. ۲۸ 28
২৮সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
و در آن زمان واقع شد که یربعام از اورشلیم بیرون می‌آمد واخیای شیلونی نبی در راه به او برخورد، و جامه تازه‌ای در برداشت و ایشان هر دو در صحرا تنهابودند. ۲۹ 29
২৯যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।
پس اخیا جامه تازه‌ای که در برداشت گرفته، آن را به دوازده قسمت پاره کرد. ۳۰ 30
৩০তেতিয়া অহীয়াৰ নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি-চিৰি বাৰ ডোখৰ কৰিলে৷
و به یربعام گفت: «ده قسمت برای خود بگیر زیرا که یهوه، خدای اسرائیل چنین می‌گوید، اینک من مملکت را از دست سلیمان پاره می‌کنم و ده سبطبه تو می‌دهم. ۳۱ 31
৩১তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।
و به‌خاطر بنده من، داود و به‌خاطر اورشلیم، شهری که از تمامی اسباطبنی‌اسرائیل برگزیده‌ام، یک سبط از آن او خواهدبود. ۳۲ 32
৩২কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷
چونکه ایشان مرا ترک کردند و عشتورت، خدای صیدونیان، و کموش، خدای موآب، وملکوم، خدای بنی عمون را سجده کردند، و درطریقهای من سلوک ننمودند و آنچه در نظر من راست است، بجا نیاوردند و فرایض و احکام مرامثل پدرش، داود نگاه نداشتند. ۳۳ 33
৩৩কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
لیکن تمام مملکت را از دست او نخواهم گرفت بلکه به‌خاطر بنده خود داود که او را برگزیدم، از آنرو که اوامر و فرایض مرا نگاه داشته بود، او را در تمامی ایام روزهایش سرور خواهم ساخت. ۳۴ 34
৩৪তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্ত্তা কৰি ৰাখিছো।
اماسلطنت را از دست پسرش گرفته، آن را یعنی ده سبط به تو خواهم داد. ۳۵ 35
৩৫কিন্তু তেওঁৰ পুত্ৰৰ হাতৰ পৰা ৰাজ্য লৈ তোমাক দহটা ফৈদ দিম।
و یک سبط به پسرش خواهم بخشید تا بنده من، داود در اورشلیم، شهری که برای خود برگزیده‌ام تا اسم خود را درآن بگذارم، نوری در حضور من همیشه داشته باشد. ۳۶ 36
৩৬আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম।
و تو را خواهم گرفت تا موافق هر‌چه دلت آرزو دارد، سلطنت نمایی و بر اسرائیل پادشاه شوی. ۳۷ 37
৩৭তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।
و واقع خواهد شد که اگر هر‌چه تو را امر فرمایم، بشنوی و به طریق هایم سلوک نموده، آنچه در نظرم راست است بجا آوری وفرایض و اوامر مرا نگاه داری چنانکه بنده من، داود آنها را نگاه داشت، آنگاه با تو خواهم بود وخانه‌ای مستحکم برای تو بنا خواهم نمود، چنانکه برای داود بنا کردم و اسرائیل را به توخواهم بخشید. ۳۸ 38
৩৮আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
و ذریت داود را به‌سبب این امر ذلیل خواهم ساخت اما نه تا به ابد.» ۳۹ 39
৩৯মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”
پس سلیمان قصد کشتن یربعام داشت و یربعام برخاسته، به مصر نزد شیشق، پادشاه مصر فرارکرد و تا وفات سلیمان در مصر ماند. ۴۰ 40
৪০এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।
و بقیه امور سلیمان و هر‌چه کرد و حکمت او، آیا آنها در کتاب وقایع سلیمان مکتوب نیست؟ ۴۱ 41
৪১চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
و ایامی که سلیمان در اورشلیم برتمامی اسرائیل سلطنت کرد، چهل سال بود. ۴۲ 42
৪২চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
پس سلیمان با پدران خود خوابید و در شهرپدر خود داود دفن شد و پسرش رحبعام در جای او سلطنت نمود ۴۳ 43
৪৩পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।

< اول پادشاهان 11 >