< اول تواریخ 22 >

پس داود گفت: « اين است خانه يهُوَه خدا، و اين مذبح قرباني سوختني براي اسرائيل مي باشد.» ۱ 1
তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”
و داود فرمود تا غريبان را که در زمين اسرائيل اند جمع کنند، و سنگ تراشان معين کرد تا سنگهاي مربع براي بناي خانه خدا بتراشند. ۲ 2
দায়ূদে ইস্ৰায়েল দেশত বাস কৰা বিদেশী সকলক একগোট কৰিবলৈ দাস সকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিল-কটিয়া কামত নিযুক্ত কৰিলে।
و داود آهن بسياري به جهت ميخها براي لنگه هاي دروازه ها و براي وصلها حاضر ساخت و برنج بسيار که نتوان وزن نمود. ۳ 3
দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
و چوب سرو آزاد بيشمار زيرا اهل صَيدون و صور چوب سرو آزاد بسيار براي داود آوردند. ۴ 4
আৰু গণিব নোৱাৰা পৰিমাণৰ এৰচ কাঠ চীদোনীয়া আৰু তূৰীয়াসকলে দায়ূদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰচ কাঠ আনিছিল
و داود گفت: « پسر من سليمان صغير و نازک است و خانه اي براي يهُوَه بايد بنا نمود، مي بايست بسيار عظيم و نامي و جليل در تمامي زمينها بشود؛ لهذا حال برايش تهيه مي بينم.» پس داود قبل از وفاتش تهيه بسيار ديد. ۵ 5
দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।
پس پسر خود سليمان را خوانده، او را وصيت نمود که خانه اي براي يهُوَه خداي اسرائيل بنا نمايد. ۶ 6
তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমনক মাতিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে।
و داود به سليمان گفت که: « اي پسرم! من اراده داشتم که خانه اي براي اسم يهُوَه خداي خود بنا نمايم. ۷ 7
দায়ূদে চলোমনক ক’লে, “হে মোৰ পুত্র, মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল।
ليکن کلام خداوند بر من نازل شده، گفت: چونکه بسيار خون ريخته اي و جنگهاي عظيم کرده اي، پس خانه اي براي اسم من بنا نخواهي کرد، چونکه به حضور من بسيار خون بر زمين ريخته اي. ۸ 8
কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
اينک پسري براي تو متولد خواهد شد که مرد آرامي خواهد بود زيرا که من او را از جميع دشمنانش از هر طرف آرامي خواهم بخشيد، چونکه اسم او سليمان خواهد بود در ايام او اسرائيل را سلامتي و راحت عطا خواهم فرمود. ۹ 9
অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
او خانه اي براي اسم من بنا خواهد کرد و او پسر من خواهد بود و من پدر او خواهم بود. و کُرسي سلطنت او را بر اسرائيل تا ابدالآباد پايدار خواهم گردانيد. ۱۰ 10
১০তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।
پس حال اي پسر من خداوند همراه تو باد تا کامياب شوي و خانه يهُوَه خداي خود را چنانکه درباره تو فرموده است بنا نمايي. ۱۱ 11
১১হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
اما خداوند تو را فطانت و فهم عطا فرمايد و تو را درباره اسرائيل وصيت نمايد تا شريعت يهُوَه خداي خود را نگاه داري. ۱۲ 12
১২যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
آنگاه اگر متوجه شده، فرايض و احکامي را که خداوند به موسي درباره اسرائيل امر فرموده است، به عمل آوري کامياب خواهي شد. پس قوي دلير باش و ترسان و هراسان مشو. ۱۳ 13
১৩যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
و اينک من در تنگي خود صد هزار وزنه طلا و صد هزار وزنه نقره و برنج و آهن اينقدر زياده که به وزن نيايد، براي خانه خداوند حاضر کرده ام؛ و چوب و سنگ نيز مهيا ساخته ام و تو بر آنها مزيد کن. ۱۴ 14
১৪এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।
و نزد تو عمله بسيارند، از سنگ بران و سنگتراشان و نجاران و اشخاص هنرمند براي هر صنعتي. ۱۵ 15
১৫তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
طلا و نقره و برنج و آهن بيشمار است پس برخيز و مشغول باش و خداوند همراه تو باد.» ۱۶ 16
১৬যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
و داود تمامي سروران اسرائيل را امر فرمود که پسرش سليمان را اعانت نمايند. ۱۷ 17
১৭দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
( و گفت): « آيا يهُوَه خداي شما با شما نيست و آيا شما را از هر طرف آرامي نداده است؟ زيرا ساکنان زمين را به دست من تسليم کرده است و زمين به حضور خداوند و به حضور قوم او مغلوب شده است. ۱۸ 18
১৮তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
پس حال دلها و جانهاي خود را متوجه سازيد تا يهُوَه خداي خويش را بطلبيد و برخاسته، مَقدس يهُوَه خداي خويش را بنا نمايد تا تابوت عهد خداوند و آلات مقدس خدا را به خانه اي که به جهت اسم يهُوَه بنا مي شود درآوريد.» ۱۹ 19
১৯এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।

< اول تواریخ 22 >