< اول تواریخ 19 >

و بعد از اين واقع شد که ناحاش، پادشاه بني عَمُّون مرد و پسرش در جاي او سلطنت نمود. ۱ 1
অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
و داود گفت: « با حانُون بن ناحاش احسان نمايم چنانکه پدرش به من احسان کرد.» پس داود قاصدان فرستاد تا او را درباره پدرش تعزيت گويند. و خادمان داود به زمين بني عَمُّون نزد حانُون براي تعزيت وي آمدند. ۲ 2
দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
و سروران بني عَمُّون به حانُون گفتند: « آيا گمان مي بري که به جهت تکريم پدر تو است که داود تعزيت کنندگان نزد تو فرستاده است؟ ني بلکه بندگانش به جهت تفحص و انقلاب و جاسوسي زمين نزد تو آمدند.» ۳ 3
কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
پس حانُون خادمان داود را گرفته، ريش ايشان را تراشيد و لباسهاي ايشان را از ميان تا جاي نشستن دريده، ايشان را رها کرد. ۴ 4
সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
و چون بعضي آمده، داود را از حالت آن کسان خبر دادند، به استقبال ايشان فرستاد زيرا که ايشان بسيار خجل بودند، و پادشاه گفت: « در اَريحا بمانيد تا ريشهاي شما درآيد و بعد از آن برگرديد.» ۵ 5
যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
و چون بني عَمُّون ديدند که نزد داود مکروه شده اند، حانُون و بني عَمُّون هزار وزنه نقره فرستادند تا ارابه ها و سواران از اَرام نَهرَين و اَرام مَعکَه و صُوبَه براي خود اجير سازند. ۶ 6
যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
پس سي و دو هزار ارابه و پادشاه مَعکَه و جمعيت او را براي خود اجير کردند، و ايشان بيرون آمده، در مقابل مِيدَبا اُردو زدند، و بني عَمُّون از شهر هاي خود جمع شده، براي مقاتله آمدند. ۷ 7
তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
و چون داود اين را شنيد، يوآب و تمامي لشکر شجاعان را فرستاد. ۸ 8
যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
و بني عَمُّون بيرون آمده، نزد دروازه شهر براي جنگ صف آرايي نمودند. و پادشاهاني که آمده بودند، در صحرا عليحده بودند. ۹ 9
অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
و چون يوآب ديد که روي صفوف جنگ، هم از پيش و هم از عقبش بود، از تمامي برگزيدگان اسرائيل گروهي را انتخاب کرده، در مقابل اَرميان صف آرايي نمود. ۱۰ 10
১০যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
و بقيه قوم را به دست برادر خود اَبِشاي سپرده و به مقابل بني عَمُّون صف کشيدند. ۱۱ 11
১১অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
و گفت: « اگر اَرميان بر من غالب آيند، به مدد من بيا؛ و اگر بني عَمُّون بر تو غالب آيند، به جهت امداد تو خواهم آمد. ۱۲ 12
১২যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
دلير باش که به جهت قوم خويش و به جهت شهر هاي خداي خود مردانه بکوشيم و خداوند آنچه را در نظرش پسند آيد بکند.» ۱۳ 13
১৩সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
پس يوآب و گروهي که همراهش بودند، نزديک شدند تا با اَرميان جنگ کنند و ايشان از حضور وي فرار کردند. ۱۴ 14
১৪সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
و چون بني عَمُّون ديدند که اَراميان فرار کردند، ايشان نيز از حضور برادرش اَبِشاي گريخته، داخل شهر شدند؛ و يوآب به اورشليم برگشت. ۱۵ 15
১৫যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
و چون اَراميان ديدند که از حضور اسرائيل شکست يافتند، ايشان قاصدان فرستاده، اَراميان را که به آن طرف نهر بودند، و شُوفَک سردار لشکر هَدَرعَزَر پيشواي ايشان بود. ۱۶ 16
১৬যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
و چون خبر به داود رسيد، تمامي اسرائيل را جمع کرده، از اُردُن عبور نمود وبه ايشان رسيده، مقابل ايشان صف آرايي نمود. و چون داود جنگ را با اَراميان آراسته بود، ايشان با وي جنگ کردند. ۱۷ 17
১৭যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
و اَراميان از حضور اسرائيل فرار کردند و داود مردان هفت هزار ارابه و چهل هزار پياده از اَراميان را کشت، و شُوفَک سردار لشکر را به قتل رسانيد. ۱۸ 18
১৮অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
و چون بندگان هَدَرعَزَر ديدند که از حضور اسرائيل شکست خوردند، با داود صلح نموده، بنده او شدند، و اَراميان بعد از آن در اعانت بني عَمُّون اقدام ننمودند. ۱۹ 19
১৯যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।

< اول تواریخ 19 >