< اول تواریخ 12 >

و اينانند که نزد داود به صِقلَغ آمدند، هنگامي که او هنوز از ترس شاؤل بن قَيس گرفتار بود، و ايشان از آن شجاعان بودند که در جنگ معاون او بودند. ۱ 1
যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
و به کمان مسلح بودند و سنگها و تيرها از کمانها از دست راست و دست چپ مي انداختند و از برادران شاؤل بنياميني بودند. ۲ 2
তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
سردار ايشان اَخيعَزَر بود، و بعد از او يوآش پسران شَماعَه جِبعاتي و يزيئيل و فالَط پسران عَزمُوت و بَراکَه و ييهُوي عناتوتي، ۳ 3
প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
و يشمَعياي جِبعُوني که در ميان آن سي نفر شجاع بود، و بر آن سي نفر برتري داشت و اِرميا و يحزيئيل و يوحانان و يوزابادِ جَديراتي، ۴ 4
ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
و اَلعُوزاي و يريموت وبَعلِيا و شَمَريا و شَفَطياي حَرُوفي، ۵ 5
ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
و اَلقانَه و يشَيا و عَزَرئيل و يوعَزَر و يشُبعام که از قُورَحيان بودند، ۶ 6
ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
ويوعيلَه و زَبديا پسران يرُوحام جَدوري. ۷ 7
গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
و بعضي از جاديان که مردان قوي شجاع و مردان جنگ آزموده و مسلح به سپر و تيراندازان که روي ايشان مثل روي شير و مانند غزال کوهي تيزرو بودند، خوشتن را نزد داود در ملاذ بيابان جدا ساختند، ۸ 8
গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
که رئيس ايشان عازَر و دومين عُوبَديا و سومين اَلِيآب بود، ۹ 9
তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
و چهارمين مِشمَنَّه و پنجمين اِرميا، ۱۰ 10
১০চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
و ششم عَتّاي و هفتم اَلِيئيل، ۱۱ 11
১১ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
و هشتم يوحانان و نهم اَلزاباد، ۱۲ 12
১২অষ্টম যোহানন, নৱম ইলজাবদ,
و دهم اِرميا و يازدهم مَکبَنَّاي. ۱۳ 13
১৩দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
اينان از بني جاد رؤساي لشکر بودند که کوچکتر ايشان برابر صد نفر و بزرگتر برابر هزار نفر مي بود. ۱۴ 14
১৪গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
اينانند که در ماه اول از اُردُن عبور نمودند هنگامي که آن از تمامي حدودش سيلان کرده بود و جميع ساکنان و اديها را هم به طرف مشرق و هم به طرف مغرب منهزم ساختند. ۱۵ 15
১৫তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
و بعضي از بني بنيامين و يهودا نزد داود به آن ملاذ آمدند. ۱۶ 16
১৬বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
داود به استقبال ايشان بيرون آمده، ايشان را خطاب کرده، گفت: « اگر با سلامتي براي اعانت من نزد من آمديد، دل من با شما ملصق خواهد شد؛ و اگر براي تسليم نمودن من به دست دشمنانم آمديد، با آنکه ظلمي در دست من نيست، پس خداي پدران ما اين را ببيند و انصاف نمايد.» ۱۷ 17
১৭দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
آنگاه روح بر عماساي که رئيس شلاشيم بود نازل شد (و او گفت): « اي داود ما از آن تو و اي پسر يسي ما با تو هستيم؛ سلامتي، سلامتي بر تو باد، و سلامتي بر انصار تو باد زيرا خداي تو نصرت دهنده تو است.» پس داود ايشان را پذيرفته، سرداران لشکر ساخت. ۱۸ 18
১৮তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
و بعضي از مَنَّسي به داود ملحق شدند هنگامي که او همراه فلسطينيان براي مقاتله با شاؤل مي رفت؛ اما ايشان را مدد نکردند زيرا که سرداران فلسطينيان بعد از مشورت نمودن، او را پس فرستاده، گفتند که: « او با سرهاي ما به آقاي خود شاؤل ملحق خواهد شد.» ۱۹ 19
১৯চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
و هنگامي که به صِقلَغ مي رفت، بعضي از مَنَّسي به او پيوستند يعني عَدناح و يوزاباد و يدِيعَئيل و ميکائيل و يوزاباد و اَلِيهُو و صِلتاي که سرداران هزارهاي مَنَّسي بودند. ۲۰ 20
২০দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
ايشان داود را به مقاومت فوجهاي (عَمالَقه) مدد کردند، زيرا جميع ايشان مردان قوي شجاع و سردار لشکر بودند. ۲۱ 21
২১তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
زيرا در آن وقت، روز به روز براي اعانت داود نزد وي مي آمدند تا لشکرِ بزرگ، مثل لشکر خدا شد. ۲۲ 22
২২দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
و اين است شماره افراد آناني که براي جنگ مسلح شده، نزد داود به حَبرُون آمدند تا سلطنت شاؤل را بر حسب فرمان خداوند به وي تحويل نمايند. ۲۳ 23
২৩যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
از بني يهودا شش هزار و هشتصد نفر که سپر و نيزه داشتند و مسلح جنگ بودند. ۲۴ 24
২৪যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
از بني شَمعون هفت هزار و يکصد نفر که مردان قوي شجاع براي جنگ بودند. ۲۵ 25
২৫চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
از بني لاوي چهار هزار و ششصد نفر. ۲۶ 26
২৬লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
و يهُوياداع رئيس بني هارون و سه هزار و هفتصد نفر همراه وي. ۲۷ 27
২৭যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
و صادوق که جوان قوي و شجاع بود با بيست ودو سردار از خاندان پدرش. ۲۸ 28
২৮চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
و از بني بنيامين سه هزار نفر از برادران شاؤل و تا آن وقت اکثر ايشان وفاي خاندان شاؤل را نگاه مي داشتند. ۲۹ 29
২৯বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
و از بني افرايم بيست هزار و هشتصد نفر که مردان قوي و شجاع و در خاندان پدران خويش نامور بودند. ۳۰ 30
৩০ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
و از نصف سبط مَنَّسي هجده هزار نفر که به نامهاي خود تعيين شده بودند که بيايند و داود را به پادشاهي نصب نمايند. ۳۱ 31
৩১মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
و از بني يسّاکار کساني که از زمانها مخبر شده، مي فهميدند که اسرائيليان چه بايد بکنند، سرداران ايشان دوست نفر و جميع برادران ايشان فرمان بردار ايشان بودند. ۳۲ 32
৩২ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
و از زبولون پنجاه هزار نفر که با لشکر بيرون رفته، مي توانستند جنگ را با همه آلات حرب بيارايند و صف آرايي کنند و دو دل نبودند. ۳۳ 33
৩৩জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
و از نَفتالي هزار سردار و با ايشان سي و هفت هزار نفر با سپر و نيزه. ۳۴ 34
৩৪নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
و از بني دان بيست و هشت هزار و ششصد نفر براي جنگ مهيا شدند. ۳۵ 35
৩৫দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
و از اَشِير چهل هزار نفر که با لشکر بيرون رفته، مي توانستند جنگ را مهيا سازند. ۳۶ 36
৩৬আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
و از آن طرف اُردُن از بني جاد و نصف سبط مَنَّسي صد و بيست هزار نفر که با جميع آلات لشکر براي جنگ (مهيا شدند). ۳۷ 37
৩৭যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
جميع اينها مردان جنگي بودند که بر صف آرائي قادر بودند با دل کامل به حَبرُون آمدند تا داود را بر تمامي اسرائيل به پادشاهي نصب نمايند، و تمامي بقيه اسرائيل نيز براي پادشاه ساختن داود يک دل بودند. ۳۸ 38
৩৮সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
و در آنجا با داود سه روز اکل و شرب نمودند زيرا که برادران ايشان به جهت ايشان تدارک ديده بودند. ۳۹ 39
৩৯তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
و مجاوران ايشان نيز تا يسّاکار و زبولون و نَفتالي نان بر الاغها و شتران و قاطران و گاوان آوردند و مأکولات از آرد و قرصهاي انجير و کشمش و شراب و روغن و گاوان و گوسفندان به فراواني آوردند چونکه در اسرائيل شادماني بود. ۴۰ 40
৪০ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।

< اول تواریخ 12 >