< 시편 121 >

1 성전에 올라가는 노래 내가 산을 향하여 눈을 들리라 나의 도움이 어디서 올꼬
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
2 나의 도움이 천지를 지으신 여호와에게서로다
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
3 여호와께서 너로 실족지 않게 하시며 너를 지키시는 자가 졸지 아니하시리로다
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
4 이스라엘을 지키시는 자는 졸지도 아니하고 주무시지도 아니하시리로다
চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
5 여호와는 너를 지키시는 자라 여호와께서 네 우편에서 네 그늘이 되시나니
যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
6 낮의 해가 너를 상치 아니하며 밤의 달도 너를 해치 아니하리로다
দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
7 여호와께 너를 지켜 모든 환난을 면케 하시며 또 네 영혼을 지키시리로다
যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
8 여호와께서 너의 출입을 지금부터 영원까지 지키시리로다
যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

< 시편 121 >