< Zabura 118 >

1 Ku gode wa Ubangiji, gama nagari ne shi; ƙaunarsa madawwamiya ce har abada.
যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
2 Bari Isra’ila yă ce, “Ƙaunarsa madawwamiya ce har abada.”
ইস্ৰায়েলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
3 Bari gidan Haruna yă ce, “Ƙaunarsa madawwamiya ce har abada.”
হাৰোণৰ বংশই কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
4 Bari waɗanda suke tsoron Ubangiji su ce, “Ƙaunarsa madawwamiya ce har abada.”
যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
5 Cikin azabata na yi kuka ga Ubangiji, ya kuwa amsa ta wurin’yantar da ni.
মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
6 Ubangiji yana tare da ni; ba zan ji tsoro ba. Me mutum zai yi mini?
যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
7 Ubangiji yana tare da ni; shi ne mai taimakona. Zan yi nasara a kan abokan gābana.
মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।
8 Ya fi kyau in nemi mafaka a wurin Ubangiji da in dogara ga mutum.
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
9 Ya fi kyau in nemi mafaka a wurin Ubangiji da in dogara ga sarakuna.
অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
10 Dukan al’ummai sun kewaye ni, amma a cikin sunan Ubangiji na hallaka su.
১০সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
11 Sun kewaye ni a kowane gefe, amma a cikin sunan Ubangiji na hallaka su.
১১তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
12 Sun rufe ni kamar ƙudan zuma, amma suka mutu nan da nan kamar ƙayayyuwa masu cin wuta; a cikin sunan Ubangiji na hallaka su.
১২তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
13 An ture ni baya na kusa fāɗuwa, amma Ubangiji ya taimake ni.
১৩মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে।
14 Ubangiji ne ƙarfina da waƙata; ya zama mai cetona.
১৪যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।
15 Sowa ta farin ciki da nasara sun fito a cikin tentunan adalai, “Hannun dama na Ubangiji ya aikata manyan abubuwa!
১৫ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।”
16 An ɗaga hannun dama na Ubangiji sama; hannun dama na Ubangiji ya aikata manyan abubuwa!”
১৬যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।
17 Ba zan mutu ba amma zan rayu, zan kuwa yi shelar abin da Ubangiji ya yi.
১৭মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।
18 Ubangiji ya hore ni sosai, amma bai ba da ni ga mutuwa ba.
১৮যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
19 Buɗe mini ƙofofin adalci; zan shiga in kuma yi godiya ga Ubangiji.
১৯মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।
20 Wannan ne ƙofar Ubangiji inda adalai za su shiga.
২০এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।
21 Zan yi maka godiya, domin ka amsa mini; ka zama mai cetona.
২১মই তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি মোক উত্তৰ দিলা; তুমি মোৰ পৰিত্ৰাণ থ’লো।
22 Zabura Dutsen da magina suka ƙi ya zama mai amfani;
২২ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
23 Ubangiji ne ya yi haka, kuma abu mai daraja ne a idanunmu.
২৩এইয়া যিহোৱাৰেই কার্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে।
24 Wannan ita ce ranar da Ubangiji ya yi; bari mu yi farin ciki mu kuma yi murna a cikinta.
২৪এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
25 Ya Ubangiji, ka cece mu; Ya Ubangiji, ka ba mu nasara.
২৫হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা।
26 Mai albarka ne shi mai zuwa cikin sunan Ubangiji. Daga gidan Ubangiji muna sa muku albarka.
২৬ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।
27 Ubangiji shi ne Allah ya kuma sa haskensa ya haskaka a kanmu. Da kwanoni a hannunmu, muka shiga jerin gwanon biki ku kai su ƙahoni na bagade.
২৭যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।
28 Kai ne Allahna, zan kuwa yi maka godiya; kai ne Allahna, zan kuwa ɗaukaka ka.
২৮তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।
29 Ku gode wa Ubangiji, gama nagari ne shi; ƙaunarsa madawwamiya ce har abada.
২৯তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

< Zabura 118 >