< Karin Magana 8 >

1 Hikima ba ta yin kira ne? Fahimi ba ya tā da muryarsa ne?
প্রজ্ঞাই জানো নকয়? সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়?
2 A ƙwanƙoli a kan hanya, inda hanyoyi suka haɗu, ta ɗauki matsayinta;
বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়।
3 kusa da ƙofofin shiga cikin birni, a mashigai, ta tā da murya,
তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4 “Gare ku, ya mutane, nake kira; na tā da muryata ga dukan’yan adam.
“হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5 Ku da kuke marasa azanci, ku yi hankali; ku da kuke wawaye, ku nemi fahimi.
যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
6 Ku saurara, gama ina da abubuwa masu darajan da zan faɗa; na buɗe leɓunana don in faɗa abin da yake daidai.
শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
7 Bakina yana magana abin da yake gaskiya, gama leɓunana sun ƙi mugunta.
কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
8 Dukan kalmomin bakina suna da adalci; babu waninsu da ya karkace ko kuwa ƙarya ne.
মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
9 Ga mai tunani dukansu daidai ne; ba su da laifi ga waɗanda suke da sani.
যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
10 Ku zaɓi umarnina a maimakon azurfa, sani a maimakon zinariya zalla,
১০ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
11 gama hikima ta fi lu’ulu’ai daraja, kuma ba abin da kake sha’awa da za a kwatanta da ita.
১১কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।
12 “Ni, hikima, ina zama tare da hankali; ina da sani da iya rarrabewa.
১২মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
13 Jin tsoron Ubangiji shi ne ƙin mugunta; ina ƙin girman kai da fariya, halin mugunta da kuma muguwar magana.
১৩যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
14 Shawara da yin tunani mai kyau nawa ne; ina da fahimi da kuma iko.
১৪মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
15 Ta wurina sarakuna suke mulki masu mulki kuma suke yin dokokin da suke da adalci;
১৫মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
16 ta wurina sarakuna suke mulki, da kuma dukan manyan mutanen da suke mulkin duniya.
১৬অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
17 Ina ƙaunar waɗanda suke ƙaunata, kuma waɗanda suke nemana sukan same ni.
১৭যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
18 Tare da ni akwai wadata da girmamawa, dukiya da wadata masu dawwama.
১৮ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
19 ’Ya’yan itacena sun fi zinariya zalla; amfanin gonar da nake bayar ya fi azurfa mafi kyau.
১৯সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
20 Ina tafiya a hanyar adalci, a kan hanyoyin gaskiya,
২০মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
21 ina ba da wadata ga waɗanda suke ƙaunata ina sa wuraren ajiyarsu su cika.
২১সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
22 “Ubangiji ya kawo ni a matsayi na farko na ayyukansa, kafin ayyukansa na tuntuni;
২২যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
23 an naɗa ni tun fil azal, daga farko, kafin duniya ta kasance.
২৩অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
24 Sa’ad da babu tekuna, aka haife ni, sa’ad da babu maɓulɓulai masu ruwa;
২৪মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।
25 kafin a kafa duwatsu a wurarensu, kafin tuddai ma, an haife ni,
২৫পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল।
26 kafin ya yi duniya ko gonaki ko wata ƙurar duniya.
২৬যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল।
27 Ina nan sa’ad da ya kafa sammai a wurarensu, sa’ad da ya shata sararin sama a kan fuskar zurfafa,
২৭তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
28 sa’ad da ya kafa gizagizai a bisa ya kuma kafa maɓulɓulan zurfafa daram,
২৮তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ।
29 sa’ad da ya ba wa teku iyakarsa domin kada ruwaye su zarce umarninsa, da kuma sa’ad da ya shata tussan duniya.
২৯সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল।
30 A lokacin ni ne mai tsara abubuwa a gefensa. Na cika da murna kowace rana, kullum ina farin ciki a gabansa,
৩০তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ।
31 ina farin ciki da dukan duniyarsa ina murna da’yan adam.
৩১মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল।
32 “Yanzu fa,’ya’yana, ku saurare ni; masu albarka ne waɗanda suke kiyaye hanyoyina.
৩২এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33 Ku saurari umarnina ku kuma zama masu hikima; kada ku ƙyale ta.
৩৩মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
34 Mai albarka ne wanda ya saurare ni; yana tsaro kullum a ƙofofina, yana jira a ƙofar shigata.
৩৪যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
35 Gama duk wanda ya same ni ya sami rai zai kuma sami tagomashi daga Ubangiji.
৩৫কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
36 Amma duk wanda ya kāsa samuna ya cuci kansa; dukan waɗanda suke ƙina suna ƙaunar mutuwa ke nan.”
৩৬কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”

< Karin Magana 8 >