< Yaƙub 3 >

1 Kada yawancinku su so ɗaukan kansu a matsayin malamai,’yan’uwana, domin kun san cewa mu da muke koyarwa za a yi mana shari’a mafi tsanani.
হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
2 Dukanmu mukan yi tuntuɓe a hanyoyi dabam-dabam. In wani bai taɓa yin kuskure a cikin maganarsa ba, shi cikakke ne, yana kuma iya ƙame dukan jikinsa.
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
3 Sa’ad da muka sa linzamai a bakunan dawakai don mu sa su yi mana biyayya, mukan iya bin da dabbar gaba ɗaya.
ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
4 Ko kuwa misali, mu dubi jiragen ruwa, mana. Ko da yake suna da girma ƙwarai kuma iska mai ƙarfi ce take tura su, ana tuƙa su da ɗan ƙaramin sandan ƙarfe ne zuwa duk inda mai tuƙin jirgin yake so.
লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
5 Haka ma harshe yake, ga shi ɗan ƙanƙanin gaɓar jiki ne, amma sai manyan fariya. Ku dubi yadda ɗan ƙaramin ƙyastu yake ƙuna wa babban jeji wuta mana.
সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
6 Harshe ma wuta ne! A cikin duk gaɓoɓinmu, harshe shi ne tushen kowace irin mugunta, mai ɓata mutum gaba ɗaya, mai zuga zuciyar mutum ta tafasa, shi kuwa jahannama ce take zuga shi. (Geenna g1067)
সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। (Geenna g1067)
7 Kowace irin dabba, tsuntsu, masu ja da ciki da kuma halittun da suke cikin teku an sarrafa su kuma mutum ne ya sarrafa,
কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
8 amma ba mutumin da zai iya ya sarrafa harshe. Mugu ne marar hutu, cike da dafi mai kisa.
কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
9 Da harshe mukan yabi Ubangijinmu da kuma Ubanmu, da shi kuma muke la’antar mutane, waɗanda aka halitta a kamannin Allah.
তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
10 Daga wannan baki guda yabo da la’ana suke fitowa.’Yan’uwana, wannan bai kamata yă zama haka ba.
১০একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
11 Ruwa mai kyau da kuma ruwan gishiri zai iya fito daga maɓulɓula ɗaya?
১১একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
12 ’Yan’uwana, itacen ɓaure yana iya haifar’ya’yan zaitun, ko kuma itacen inabi yă haifi’ya’yan ɓaure? Haka ma, maɓulɓular ruwan gishiri ba zai iya ba da ruwa mai kyau ba.
১২হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
13 Wane ne mai hikima da fahimta a cikinku? Bari yă nuna ta ta wurin rayuwarsa mai kyau, ta wurin ayyukan da aka yi cikin tawali’un da suke fitowa daga hikima.
১৩আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
14 Amma in kuna cike da mugun kishi da kuma sonkai a cikin zukatanku, kada ku yi taƙama game da wannan, ko ku danne gaskiya.
১৪কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
15 Irin wannan “hikima” ba daga sama ta sauko ba, ta duniya ce, ta rashin ruhaniya, ta Iblis kuma.
১৫এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
16 Gama inda akwai kishi da sonkai, a can za a tarar da hargitsi da kowane irin mugun aiki.
১৬কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
17 Amma hikimar da ta zo daga sama da fari tana da tsabta gaba ɗaya; sa’an nan mai ƙaunar salama ce, mai sanin ya kamata, mai biyayya, cike da jinƙai da aiki mai kyau, marar nuna bambanci, sahihiya kuma.
১৭কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।
18 Masu salama da suke shuki cikin salama sukan girbe adalci.
১৮যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।

< Yaƙub 3 >